'লক্ষ্য' হব ৱৰ্ল্ড ট্যুৰ ফাইনেলৰ বাবে কোৱালিফাইড কণিষ্ঠতম ভাৰতীয় খেলুৱৈ




ৱৰ্ল্ড ট্যুৰ ফাইনেলৰ বাবে কোৱালিফাইড হবলৈ গৈ আছে ২০ বছৰ বয়সীয়া ভাৰতৰ লক্ষ্য সেন । এই ফাইনেলৰ বাবে কোৱালিফাইড হলে লক্ষ্য হৈ পৰিব দেশৰ কণিষ্ঠতম বেডমিণ্টন খেলুৱৈ অথবা শ্বাটলাৰ । অহা ডিচেম্বৰ মাহৰ ১ তাৰিখৰ পৰা আৰম্ভ হবলগীয়া এইচএছবিচি বিডব্লিউএফ ৱৰ্ল্ড ট্যুৰৰ ফাইনেল খেল আয়োজিত হ'ব ইণ্ডোনেছিয়াৰ বালিত । ৱৰ্ল্ড ট্যুৰ ৰেংকিঙত পঞ্চম স্থান দখল কৰা আল্মোৰাৰ খেলুৱৈগৰাকীয়ে বিডব্লিউএফ ৱৰ্ল্ড ট্যুৰত ইতিমধ্যে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে । ৰেংকিঙত ৩ নং স্থানত থকা কিডম্বী শ্ৰীকান্তক লক্ষ্যই পুৰুষৰ এটীয়া (single) খেলত প্ৰতিদ্বন্দিতা আগবঢ়াব । আৰু মহিলাৰ এটীয়া খেলত তেওঁ দুবাৰকৈ অলিম্পিক বিজেতা পি ভি সিন্ধুক প্ৰতিদ্বন্দিতা আগবঢ়াব । উল্লেখ্য যে কোভিড মহামাৰীৰ ফলত এই খেলখন গুৱাংঝোউৰ পৰা বালিলৈ স্থানান্তৰিত কৰিবলগীয়া হ'ল । সম্প্ৰতি চলি থকা ইণ্ডোনেছিয়া অপেন চুপাৰ ১০০০ অনুষ্ঠান শেষ হোৱাৰ পাছতে ঘোষণা কৰা হব ৱৰ্ল্ড ট্যুৰ ফাইনেলৰ বাবে কোৱালিফাইড হোৱা খেলুৱৈসকলৰ নাম ।

3 views0 comments