কৰফাঁকি : প্ৰতাপী ব্যৱসায়ী কৈলাশ লোহিয়াৰ সাম্ৰাজ্যত আয়কৰৰ অভিযান





কৰফাঁকিৰে কোটি কোটি টকা আত্মসাৎ কৰা প্ৰতাপী ব্যৱসায়ী কৈলাশ লোহিয়াৰ বাসগৃহৰ লগতে কেইবাটাও স্থানত মঙলবাৰে পুৱাৰে আয়কৰ বিভাগে একেলগে চলাইছে মাৰাথান অভিযান। আয়কৰ বিভাগে খ্ৰীষ্টানবস্তি, ফাঁচীবজাৰৰ লগতে লোহিয়াৰ সম্পত্তি থকা আন দুঠাইত অভিযান চলাইছে।



পুৱা ৭ বজাত আৰম্ভ হয় আয়কৰ বিভাগৰ অভিযান। উল্লেখ্য, লোহিয়াৰ অসমৰ লগতে ৰাজ্যৰ বাহিৰতো আছে কাৰ্যালয় তথা ব্যৱসায়। এনে স্থানতো অভিযান চলোৱা বুলি জানিব পৰা গৈছে। অসমৰ এনে বহু ব্যৱসায়ীৰ বিৰুদ্ধে আয়কৰ বিভাগে অভিযান চলাব পাৰে বুলি গোপন সূত্ৰত প্ৰকাশ।

5 views0 comments