শিক্ষক নে নাৰী দেহ ব্যৱসায়ী? নাৰীদেহ ব্যৱসায়ত জড়িত আৰৱী শিক্ষক: নিজৰেই ছাত্ৰীক বিক্ৰীৰ অপচেষ্টা




নাৰীদেহ ব্যৱসায়ত জড়িত হৈ পৰিছে আৰবী শিক্ষক। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিছে আৰবী শিক্ষকে । দক্ষিণ কামৰূপৰ জোৰশিমুলীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানি নাৰীদেহ ব্যৱসায়ত জড়িত হৈ শিক্ষক সমাজক লজ্জানত কৰিলে ভণ্ড শিক্ষকে।


প্ৰাপ্ত বাতৰিমতে, ছয়গাঁৱৰ চৌধুৰীপামস্থিত হাজী আবেদ আলী হাইস্কুলৰ আৰবী বিষয়ৰ সহকাৰী শিক্ষক আনোৱাৰ হুছেইন নামৰ শিক্ষকগৰাকীয়ে নিজ বিদ্যালয়ৰে এগৰাকী ছাত্ৰীক এজন যুৱকৰ প্ৰেমৰ জালত পেলাই বিয়াৰ প্ৰলোভন দি অপহৰণ কৰিছিল। আৰু পৰৱৰ্তী পৰ্যায়ত শিক্ষক আনোৱাৰ হুছেইনে যুৱক আমজাদ আলীৰ সৈতে ছাত্ৰীগৰাকীক বহিঃৰাজ্যলৈ পঠোৱাৰ ব্যৱস্থা কৰিছিল ৷ আৰবী শিক্ষক আনোৱাৰ হুছেইনে নাৰী ব্যৱসায়ীৰ লগত ফোনযোগে কথা বতৰা পতাত চিঞৰ-বাখৰ কৰে ছাত্ৰী গৰাকীয়ে।


নিশাৰ ভাগত ছাত্ৰী গৰাকীক গুৱাহাটীলৈ নিয়াৰ পথত জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাৰ নেতৃত্বত যোৱা তহলদাৰী আৰক্ষীৰ দল এটাই ভণ্ড শিক্ষক আনোৱাৰ হুছেইনসহ যুৱক আমজাদ আলীক আটক কৰিবলৈ সক্ষম হয় ৷


শিক্ষকজনৰ সৈতে যুৱকজনক আজিৰ দিনটোত জেল হাজোতলৈ প্ৰেৰণ কৰিব বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰিছে ৷


শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক তথা সমগ্ৰ শিক্ষক সমাজক কলংক সনা এনে নাৰী ব্যৱসায়ৰ দৰে নিকৃষ্ট কাণ্ড কৰাত সৰ্বত্ৰে ধিক্কাৰ দিছে শিক্ষকগৰাকীক।

11 views0 comments