ভালপোৱা যুৱকক মানি নোলোৱা পিতৃক মৃত্যুদণ্ড : প্ৰেমিকৰে মিলি হত্যা কিশোৰীৰ




কন্যাই ভালপোৱা যুৱকজনক মানি লোৱা নাছিল পিতৃয়ে। ইয়াৰ বাবেই কন্যাই প্ৰেমিক আৰু বন্ধুৰ সৈতে মিলি হত্যা কৰে পিতৃক। অকল্পনীয় তথা নৃশংস ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদত।



১৭ বছৰীয়া কিশোৰীগৰাকীয়ে প্ৰথমে নিজেই মাংস ৰান্ধে। তেওঁ সেই ব্যঞ্জনৰ সৈতে মিহলাই দিয়ে নিচাযুক্ত সামগ্ৰী। মাংসৰ আঞ্জাখন খাই পৰিয়ালটোৰ সকলো সদস্য অচেতন হৈ পৰে।


ইয়াৰ পাছতে কিশোৰীগৰাকীয়ে প্ৰেমিক আৰু বন্ধুৰ সৈতে মিলি নিজ পিতৃক ঘপিয়াই হত্যা কৰে। ঘটনাৰ বাতৰি পাই হায়দৰাবাদ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে কিশোৰীগৰাকী, প্ৰেমিকক আৰু এজন বন্ধুক ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰে।

8 views0 comments