অৰুণাচল সীমান্তত উত্তেজনা বৃদ্ধিৰ চলিছে চক্ৰান্ত : বন বিষয়ালৈ দুৰ্বৃত্তৰ গুলী




অসম-অৰুণাচল সীমান্তত উত্তেজনা বৃদ্ধিৰ চক্ৰান্ত চলিছে। মাথোঁ এশ ঘণ্টাৰ ভিতৰত সীমান্তৰ অসমভূমিত দুটা প্ৰৰোচনামূলক ঘটনা সংঘটিত হৈছে। শনিবাৰে সীমান্তৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ধেমাগড়ত অৰুণাচলী দুৰ্বৃত্তই বন বিষয়াক আক্ৰমণ কৰাৰ পিছত এইবাৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।



অৰুণাচলী দুৰ্বৃত্তই অসমৰ ৰামপুৰ বীটৰ বীট অফিচাৰক লক্ষ্য কৰি গুলীচালনা কৰে। সৌভাগ্যক্ৰমে গুলীৰ আঘাতৰ পৰা বিষয়াজন ৰক্ষা পৰে। ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰত অৰুণাচলী দুৰ্বৃত্তই গছ কাটি থকা কাৰ্যক বাধা দিওঁতে ঘটনাটো ঘটে। ঘটনাস্থলীত লখিমপুৰ বন বিভাগ আৰু অসম আৰক্ষীৰ দল উপস্থিত হৈছে।


উল্লেখ্য যে মেঘালয় আৰু নাগালেণ্ডৰ সৈতে বিৰাজমান সীমা সমস্যাৰ শান্তিপূৰ্ণভাৱে সমাধানৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাম কৰি আছে। লগতে সাতভনীৰ বাকী ৰাজ্যকেইখনৰ সৈতেও সীমা সমস্যা সমাধানৰ প্ৰয়াস চলিছে। এনে সময়তে অৰুণাচল সীমান্তত দুৰ্বৃত্ত সক্ৰিয় হৈ পৰাৰ আঁৰত অন্য স্বাৰ্থজড়িত শক্তি থকাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্ৰয়াসত বিধি-পথালি দিয়াৰ বাবে সীমান্তত উত্তেজনা বৃদ্ধিৰ অপচেষ্টা চলিছে।

5 views0 comments