এটা ইনিংছত দহ উইকেট : লেকাৰ-কুম্বলেৰ এলিট ক্লাবত নিউজিলেণ্ডৰ অজাজ পেটেল



টেষ্ট ক্ৰিকেটৰ ১৪৪ বছৰীয়া ইতিহাসত আজি এটা বিৰল ইতিহাস স্থাপন হয়। বিশ্বৰ তৃতীয়জন ক্ৰিকেটাৰ হিচাপে নিউজিলেণ্ডৰ স্পিনাৰ অজাজ পেটেলে এটা ইনিংছত দহটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে জিম লেকাৰ আৰু অনিল কুম্বলে এই বিৰল কৃতিত্বৰ অধিকাৰী হৈছিল। পেটেলে মুম্বাইত ভাৰতৰ বিৰুদ্ধে চলি থকা দ্বিতীয় টেষ্টত এই কৃতিত্ব অৰ্জন কৰে। তেওঁ টেষ্টখনত প্ৰথম ইনিংছত ভাৰতৰ কেউটা উইকেট দখল কৰে।

উল্লেখ্য যে শনিবাৰে পুৱা ২২১/৪ ৰাণত পুনৰ খেল আৰম্ভ কৰি টীম ইণ্ডিয়াই পেটেলৰ তীক্ষ্ণ বলত কেউটা উিকেট হেৰুৱায়। মায়ংক আগৰৱালে ১৫০ ৰাম আৰু অক্সৰ পেটেলে ৫২ ৰান সংগ্ৰহ কৰে।


ইয়াৰ পূৰ্বে এটা ইনিংছত ১০ উইকেট লাভৰ অভিলেখ স্থাপন কৰিছিল ইংল্েণ্ডৰ জিম লেকাৰে। অফ স্পিনাৰ লেকাৰে ১৯৫৬ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এটা ইনিংছত কেউটা উইকেট দখল কৰিছিল। মেচখন মানচেষ্টাৰত অনুষ্ঠিত হৈছিল আৰু দ্বিতীয় ইনিংছত তেওঁ দহটা উইকেট লাভ কৰিছিল। মেচখনত তেওঁ ১৯টা উইকেট লাভ কৰে। এিটো আজিলৈকে এখন টেষ্টট যিকোনো বলাৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।

লেকাৰৰ অভিলেখটো ১৯৯৯ চনত ভাৰতৰ অনিল কুম্বলেই স্পৰ্শ কৰে। দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে দহটা উইকেট দখল কৰিছিল। তাৰে ২২ বছৰ অন্তত আজি নিউজিলেণ্ডৰ বলাৰ পেটেলে অভিলেখটো স্পৰ্শ কৰে। লক্ষণীয় কথাটো হৈছে দহটা উইকেট দখল কৰা কেউজনেই স্পিনাৰ।

7 views0 comments