দেৰগাঁৱত মনুষত্বহীনৰ ভয়ংকৰ কাণ্ড : হাজাৰ হাজাৰ আলহী চৰাইক বিহ খুৱাই নিধন




দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা নপমুৱা-শ’লমাৰীৰ বিলত খাদ্যত বিহ মিহলাই প্ৰতিদিনে নিধন কৰা হৈছে হাজাৰ হাজাৰ পৰিভ্ৰমী শৰালী হাঁহ। চৰাই চিকাৰীৰ এই দুস্কাৰ্যই স্তম্ভিত আৰু ক্ষোভিত কৰি তুলিছে অঞ্চলটোৰ জনগণক। স্থানীয় সচেতন যুৱকসকলে পুৱাই উদ্ধাৰ কৰিছে বৃহৎ সংখ্যক মৃত শৰালী হাঁহ। দেৰগাঁও বন বিভাগক অনতি পলমে এই পক্ষী হত্যাকাৰীসকলক কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।


উল্লেখ্য যে শীতৰ আগমনৰ লগে লগে অসমৰ বিল, জলাশয়, নদ-নদীত পৰিভ্ৰমী চৰাইৰ আগমন ঘটে। আলহী চৰাইৰ কাকলিত ৰাজ্যখনত বিনন্দীয়া পৰিৱেশৰ সৃষ্টি হয়। কিন্তু এচাম মনুষত্বহীন লোকে প্ৰতি বছৰে আলহী চৰাই নিধন কৰি ক্ষমাহীন অপৰাধ কৰি আহিছে। দেৰগাঁৱৰো বিলতে বিগত কিছুদিন ধৰি পৰিভ্ৰমী চৰাইক বিহ খুৱাই নিধন কৰা হৈছে।

3 views0 comments