থাকৰে বনাম থাকৰে : কোন অধিক হিন্দুত্ববাদী



মহাৰাষ্ট্ৰত থাকৰে বনাম থাকৰেৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে। কংগ্ৰেছ, এচিপিৰ সৈতে মিলি ৰাজ্যখনত চৰকাৰ গঠনৰ পিছতে ক্ষমতাৰ স্বাৰ্থত হিন্দুত্ববাদী নীতিক বৰ্জন কৰা শিৱসেনাৰ বাবে প্ৰত্যাহ্বানস্বৰূপ হৈ উঠিছে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা নামৰ সংগঠনটো। সংগঠনটোৰ নেতা ৰাজ থাকৰে মছজিদত লাউড স্পীকাৰেৰে আজান দিয়া বন্ধ কৰিবলৈ হুংকাৰ দিয়াৰ পিছৰে পৰা ৰাজ্যখনত হিন্দুত্ববাদী আদৰ্শক লৈ শিৱসেনা আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মাজত চলিছে তুমুল সংঘাত। মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে নিজকে বালা চাহেব থাকৰেৰ যোগ্য উত্তৰাধিকাৰী ৰূপে প্ৰতিপন্ন কৰিব বিচৰাৰ বিপৰীতে ৰাজ থাকৰে নতুন কৰ্মসূচীৰে নিজকে বালা চাহেব থাকৰেৰ যোগ্য উত্তৰসূৰী ৰূপে প্ৰতিষ্ঠা কৰাত উঠিপৰি লাগিছে। মুঠতে উদ্ধৱ থাকৰে নে ৰাজ থাকৰে প্ৰকৃত হিন্দুত্ববাদী, তাক লৈ এখন আকৰ্ষণীয় যুঁজ চলিছে।

ইফালে, মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাই মছজিদত লাউড স্পীকাৰেৰে আজান বন্ধ কৰিবলৈ দিয়া হুংকাৰৰ পিছতে হিন্দুত্ববাদী দৰ্শনৰ পৰা ফালৰি কাটি একপ্ৰকাৰ কংগ্ৰেছী হৈ পৰিছে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। ৰাজ থাকৰেই বুধবাৰৰ পৰা ৰাজ্যজুৰি লাউড স্পীকাৰ বন্ধ আন্দোলন আৰম্ভ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে ৰাজ থাকৰেৰ সংগঠনটোৰ ওপৰত শক্তি প্ৰয়োগ তেওঁলোকৰ মনোবল হ্ৰাস কৰিবলৈ যত্ন কৰিছে। সন্দেহ নাই, এতিয়া এমএনএছ মহাৰাষ্ট্ৰৰ এটা অগ্ৰণী শক্তিত পৰিণত হৈছে। সংগঠনটো যিমানেই সক্তিশালী হৈ পৰিব মহাৰাষ্ট্ৰত সিমানেই শিৱসেনাৰ ৰাজনৈতিক ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন হৈ পৰিব। সেয়ে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ কৰ্মীক এপিনৰ পৰা আটক কৰিবলৈ আৰম্ভ কৰি দিছে মহাৰাষ্ট্ৰ চৰকাৰে। কিন্তু বিষয়টো এতিয়া মহাৰাষ্ট্ৰতে সীমাবদ্ধ হৈ থকা নাই। নতুন চিন্তাৰে উজ্জীৱিত সমগ্ৰ ভাৰতবৰ্ষই মহাৰাষ্ট্ৰৰ শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য কৰি আছে। লগতে ক্ষমতালোভী শিৱসেনা চৰকাৰখনৰ হিন্দুবিৰোধী কাৰ্যকলাপতো নজৰ দি আছে।

উদ্ধৱ থাকৰে চৰকাৰে মছজিদৰ সন্মুখত হনুমান চালিছা পাঠ কৰিবলৈ যোৱা এমএনএছৰ বহু কৰ্মীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। এতিয়া ৰাজ থাকৰেকো গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলিছে বুলি খবৰ ওলাইছে।

ইপিনে, মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহ বিভাগৰ মতে, মুম্বাইৰ ১,১৩৫টা মছজিদৰ ১৩৫টাৰ উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া ডেচিবেলতকৈ অধিক শব্দত াজান দিয়া হয়। আনপিনে, প্ৰায় ১,৫০০ মন্দিৰ আৰু ১,৩০০ মছজিদ কৰ্তৃপক্ষই লাউড স্পীকাৰ ব্যৱহাৰৰ অনুমতি বিচাৰি চৰকাৰক আবেদন কৰিছে।

আনহাতে, ৰাজ্যখনত প্ৰতিদিনে এমএনএছ কৰ্মীক আটক কৰি থকা হৈছে। আৰক্ষীয়ে ২,৩০০জন লোকৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰায় ৭,০০০ লোকলৈ জাননী জাৰি কৰা হৈছে। ইয়াৰে সিংহভাগ এমএনএছৰ কৰ্মী।

ৰাজ থাকৰে স্পষ্টকৈ কৈছে যে তেওঁ সংগঠনটোৱে লাউড স্পীকাৰ ব্যৱহাৰত নিৰ্ধাৰিত প্ৰাবল্যতকৈ অধিক মাত্ৰাত শব্দ হয়, তেনে সকলোৰে বিৰুদ্ধে আন্দোলন কৰিব। তেওঁ কয় য়ে মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে আদালতে নিৰ্ধাৰণ কৰি দিয়া সীমালৈ আনিব নোৱাৰে এমএনএছে আন্দোলন অব্যাহত ৰাখিব।

ইফালে, লাউড স্পীকাৰ ব্যৱহাৰক লৈ বুধবাৰে শাসক দল শিৱসেনাই কৌশল সলনি কৰে। শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কয় যে ৰাজ থাকৰেৰ আন্দোলনৰ বাবে মহাৰাষ্ট্ৰৰ চাইবাবা মন্দিৰ আৰু ত্ৰ্যবকেশ্বৰ ভগৱান শিৱ মন্দিৰৰ দৰে বৃহৎ মন্দিৰসমূহত পুৱাৰ আৰতী সম্ভৱ হোৱা নাই আৰু ইয়াৰ ফলত ভক্তসকলে অমৃতবাণী শুনাৰ পৰা বঞ্চিত হৈছে। তেওঁ কয় যে মহাৰাষ্ট্ৰবাসীয়ে ছদ্মৱেশী হিন্দুত্ববাদীক গুৰুত্ব নিদিয়ে যিয়ে শিৱসেনাৰ বিৰুদ্ধে চক্ৰান্ত ৰচনা কৰে।

সঞ্জয় ৰাউতে কয় যে মহাৰাষ্ট্ৰত উচ্চতম ন্যায়ালয়ে লাউড স্পীকাৰ সন্দৰ্ভত দিয়া নিৰ্দেশৰ কোনো ধৰণৰ অৱমাননা হোৱা নাই। তদুপৰি অৱস্থা তেনে পৰ্যায়লৈকে যোৱাও নাই যে মুম্বাই অথবা মহাৰাষ্ট্ৰত আন্দোলন কিৰবলগীয়া হয়। ইফালে, ৰাজ থাকৰে শিৱসেনাৰ প্ৰতিষ্ঠাপক বাল চাহেব থাকৰেৰ এটা পুৰণি ভিডিঅ’ প্ৰচাৰ কৰি আছে যিটোত বাল চাহেব থাকৰে কৈছে যে শিৱসেনা ক্ষমতালৈ আহিলে মহাৰাষ্ট্ৰৰ পথৰ ওপৰত নামাজ আৰু মছজিদত লাউড স্পীকাৰ নিষিদ্ধ কৰি দিয়া হ’ব।

ইয়াৰ প্ৰতিক্ৰিয়াত সঞ্জয় ৰাউতে কয়, আমি ইমান তললৈ নমা নাই। আমি এতিয়াও তেওঁৰ নীতিতে চলি আছোঁ।বালা চাহেবে পথত নামাজ আৰু মচজিদত লাউড স্পীকাৰ ব্যৱহাৰত নিজৰ স্থিতি স্পস্ট কৰি দিছে। শিৱসেনাক কোনোৱে যেন হিন্দুত্ব নিশিকায়। নিজৰ কথাক আগলৈ নি তেওঁ লগতে কয় যে মহাৰাষ্ট্ৰত মিত্ৰজোঁটৰ চৰকাৰ চলি আছে যদিও ইয়াক নেতৃত্ব দিছে হিন্দু হৃদয় সম্ৰাট বালাচাহেব থাকৰেৰ সন্তান ুদ্ধৱ থাকৰে। সেয়ে তেওঁক পথত নামাজ পঢ়া আৰু মছজিদত অবৈধভৈৱে লাউড স্পীকাৰ ব্যৱহাৰ সন্দৰ্ভত কোনেও জ্ঞান দিয়াৰ আৱশ্যক নাই।

উল্লেখ্য যে সঞ্জয় ৰাউত শিৱসেনা চৰকাৰৰ মুখপাত্ৰ। তেওঁ নিজৰ দলৰ চৰকাৰক ন্যয়সংগত প্ৰতিষ্ঠা কৰিব পাৰে। সেইটো তেওঁৰ অধিকাৰ। কিন্তু তেওঁৰ বক্তব্য তথ্যৰ ভিত্তিত বিশ্লেষণ কৰিলে মিথ্যা প্ৰতিপন্ন হ’ব। মন্দিৰ অথবা মছজিদত লাউড স্পীকাৰ আঁতৰোৱাৰ প্ৰয়োজন নাই। লাউড স্পীকাৰৰ ভলিউম উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া সীমাৰ ভিতৰত ৰাখিব লাগে। ৰাজ্য চৰকাৰে ধৰ্মীয় অনুষ্ঠানত লাউড স্পীকাৰ ব্যৱহাৰৰ অনুমতি দিওঁতে সেই চৰ্তটো বান্ধি দিব লাগে। মুম্বাইৰ মাথোঁ ২৪ মন্দিৰ আৰু ৯২২টা মছজিদে লাউড স্পীকাৰ ব্যৱহাৰৰ অনুমতি লাভ কৰিছে। ৰাজ্য চৰকাৰৰ দায়িত্ব সেইবোৰত নিৰ্ধাৰিত মাত্ৰাত লাউড স্পীকাৰ ব্যৱহাৰ হৈছে নে নাই, সেইটো নিশ্চিত কৰা।কিন্তু তাকে নকৰি চৰকাৰখনে ৰাজনীতি আৰম্ভ কৰি দিছে। মুছলমানৰ তুষ্টিকৰণ আৰম্ভ কৰি দিছে। কিন্তু সময়ত ইয়াৰ লাভ শিৱসেনা নহয়, কংগ্ৰেছ আৰু এনচিপিয়ে লাভ কৰিব। তেওঁলোকে মুছলমান ভোটাৰক ক’ব যে হিন্দুত্ববাদী শিৱসেনাক আমি মুছলমানৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বাধ্য কৰিলোঁ। অৰ্থাৎ শিৱসেনাই দুয়োকূল হেৰুৱাব লাগিব।

এতিয়া ৰাজ থাকৰে আৰু উদ্ধৱ থাকৰেৰ মাজত যুদ্ধখন সমুখা-সমুখিকৈ হৈছে। প্ৰতিযোগিতা হৈছে কোনো বেছি হিন্দুত্ববাদী। লগতে কোনগৰাকী প্ৰকৃতাৰ্থত বালা চাহেবৰ প্ৰকৃত অনুগামী। ৰাজ থাকৰে প্ৰতিপন্ন কৰিব বিচাৰিছে যে বালাচাহেবৰ পুত্ৰ ুদ্ধৱ থাকৰে চকীৰ লালসাত পিতৃৰ নীতি-আদৰ্শক জলাঞ্জলি দিছে। ৰাজ থাকৰে মহাৰাষ্ট্ৰত নতুন শক্তি হিচাপে প্ৰিতষ্ঠা কৰিবলৈ বালাচাহেব থাকৰেৰ নীতিক কঠোৰ ৰূপত ৰূপায়ণ কৰিবলৈ যে বদ্ধপৰিকৰ, সেইটো প্ৰতিষ্ঠাত উঠিপৰি লাগিছে।

ৰাজ থাকৰেই লাউড স্পীকাৰৰ বিৰুদ্ধে আন্দোলনটো ৩ মে’ৰ পৰা আন্দোলন কৰিব বিচাৰিছিল। দিনটোত ঈদ উদযাপন হোৱা হেতু তেওঁ আন্দোলনৰ কাৰ্যসূচী পিছুৱাই দিয়ে। পৰৱৰ্তী দিনটোত মহাৰাষ্ট্ৰৰ বিভিন্ন চহৰত এমএনএছৰ সদস্যসকল ৰাজপথলৈ ওলাই আহে। তাৰে একাংশই মছজিদৰ বাহিৰত লাউড স্পীকাৰ ব্যৱহাৰ কৰি হনুমান চালিছা পাঠ কৰাৰ চেষ্টাও চলায়। মুঠতে মহাৰাষ্ট্ৰত কোন অধিক হিন্দুত্ববাদী, তাক প্ৰতিপন্ন কৰিবলৈ দুই থাকৰেৰ মাজত তীব্ৰ প্ৰতিযোগিতা চলিছে। কিন্তু ক্ষমতাত থকাজন লাহে লাহে প্ৰতিযোগিতাখনৰ পৰা পিছলি যাবলৈ ধৰিছে। কংগ্ৰেছৰ সংগত পৰি হিন্দুত্বক পণবন্দী কৰি ৰখা উদ্ধৱ থাকৰেৰ সমৰ্থনত মহাৰাষ্ট্ৰৰ সাধাৰণ নাগৰিক থিয় দিয়াৰ সম্ভাৱনা ক্ৰমশঃ কমি আহিছে। লাহে লাহে সুবিধাজনক স্থিতিলৈ গতি কৰিছে ৰাজ থাকৰে।

5 views0 comments