ধন্যবাদ অসম চৰকাৰ: প্ৰাণ পাই উঠিল প্ৰথম অসমীয়া চলচ্চিত্র ‘জয়মতী'ৰ ষ্টুডিঅ'





আমি সকলোৱে জানো যে অসমৰ প্ৰথমটো ফিল্ম ষ্টুডিঅ’ ‘চিত্রবন'। যি ষ্টুডিঅ’ নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই । বাঁহ,কাঠ, খেৰ, কলগছ আদি ব্যৱহাৰ কৰি ১৯৩৪ চনত ভোলাগুৰি চাহ বাগিচাৰ কলঘৰৰ সমীপত নিৰ্মাণ কৰি উলিয়াইছিল ‘চিত্রবন'। এই ‘চিত্রবন'তে প্ৰথমখন অসমীয়া চিনেমা 'জয়মতী'ৰ কাম কৰা হৈছিল।


এই চিত্ৰবনে এসময়ত ইয়াৰ আত্ম-পৰিচয়, ঐতিহ্যৰ প্ৰবাহ হেৰুৱাই পেলালে। অসমীয়াই পাহৰি গ'ল চিত্ৰবনক। দীৰ্ঘদিন ধৰি অৱহেলিত হৈ ৰ'ল ৰূপকোঁৱৰৰ হেঁপাহৰ চিত্ৰবন। অৱশেষত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৭ চনৰ ১৭ জানুৱাৰীত চাহ বাগিচাখনত স্থাপন কৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি মূৰ্তি। সংৰক্ষণৰো ব্যৱস্থা কৰা হয় চিত্ৰগ্ৰহণৰ সময়ত ব্যৱহাৰ কৰা ঘৰ। লগতে আৰু সংবৰ্ধন আৰু সংৰক্ষণৰো ব্যৱস্থা কৰা হয় ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ‘জ্যোতি উদ্যান’। নতুন ৰূপত সজাই-পৰাই তোলা হৈছে কলঘৰ, বাগিচাৰ ফর্মেটিং কম তথা লেব’ৰেটৰী কক্ষক। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হৈছে। নিৰ্মাণ কৰা হৈছে বাগিছালৈ অহা-যোৱা কৰা পথটোও।


এতিয়া বিভিন্ন লোকৰ সমাবেশ ঘটিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই স্থাপন কৰা নামঘৰ, তেখেতৰ বাসগৃহ তথা তেখেতৰ বিছনাখন চাবলৈ। এই সমূহৰ লগতে এতিয়া জয়মতী' ছবি কেনেদৰে নিৰ্মাণ কৰা হৈছিল, নিৰ্মাণৰ বিষয়ে সকলো জানিব পৰাকৈ তথ্য সংযোজন কৰি সংগ্ৰহালয় গঢ়ি তুলিবৰ বাবে ব্যৱস্থা কৰিবলৈও আহ্বান জনালে গহপুৰবাসীয়ে।

2 views0 comments