মিঠাই বিতৰণ কৰি কৃষি আইন প্ৰত্যাহাৰক স্বাগতম দিল্লীত আন্দোলনকাৰী কৃষকৰ




গুৰু নানক জয়ন্তীৰ দিনাই বিতৰ্কিত কৃষি আইন তিনিখন প্ৰত্যাহাৰ কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি ঘোষণা কৰাত আন্দোলনকাৰী কৃষকৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। বিগত বৰ্ষৰ পৰা দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলত অবিৰত আন্দোলন চলাই থকা কৃষকে পৰস্পৰক মিঠাই খুৱাই চৰকাৰৰ ঘোষণাক আদৰণি জনায়। তদুপৰি সিন্ধু সীমান্তত কীৰ্তনো কৰা হয়।



আনন্দ-উল্লাসত নিমগ্ন হৈ পৰিলেও আন্দোলনকাৰীয়ে এতিয়াই সংগ্ৰাম এৰাৰ কোনো ইংগিত দিয়া নাই। প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলক ঘৰলৈ যাবলৈ আহ্বান জনাইছে। কিন্তু মোদীৰ মুখৰ কথাত পতিয়ন যাব নোৱাৰি কৃষক নেতা ৰাকেশ টিকাইতে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰি সংসদত বিধেয়ক উত্থাপনলৈ বাট চোৱাৰ কথা কয়। তদুপৰি ন্যূনতম সমৰ্থন মূল্যক লৈ আইন প্ৰণয়নৰ দাবীটোও পূৰণ হ'বলৈ বাকী বুলি আন্দোলনকাৰী কৃষকে জনায়। উল্লেখ্য যে বিগত প্ৰায় দুবছৰত কৃষক আন্দোলনত প্ৰায় ৭০০জনৰ মৃত্যু হৈছে।

3 views0 comments