এণ্টিলিয়াতে থাকিব আম্বানি পৰিয়াল, লণ্ডনলৈ উঠি নাযায়




লণ্ডনৰ অভিজাত অঞ্চলত বিশাল অট্টালিকা ক্ৰয়ৰ পাছতে দেশজুৰি চৰ্চালৈ আহিছিল যে দেশ এৰি ইংলেণ্ডত থাকিবলৈ ল'ব নেকি ভাৰতৰ সবাতকৈ ধনাঢ্য ব্যক্তি মুকেশ আম্বানি। এই চৰ্চাক ভিত্তিহীন প্ৰতিপন্ন কৰি পৰিয়ালটোৰ ফালৰ পৰা জনোৱা হৈছে যে দেশ এৰি যোৱাৰ কোনো পৰিকল্পনা নাই আম্বানি পৰিয়ালৰ। ৰিলায়েন্স গ্ৰুপে প্ৰকাশ কৰা বিবৃতিটো মতে, এণ্টিলিয়াতেই থাকিব আম্বানি পৰিয়াল। অৰ্থাৎ মুম্বাইতে থাকিব তেওঁলোক।



উল্লেখ্য যে লণ্ডনৰ অভিজাত অঞ্চলত বাকিংহামশ্বায়াৰ মেনছনত আম্বানিয়ে ক্ৰয় কৰিছে নতুন এটা ঘৰ। বিশাল অঞ্চল এটা সামৰি থকা ঘৰ-মাটি ক্ৰয়ত ব্যয় হৈছে ৫৯২ কোটি টকা। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত ঘৰচোত আছে ৪৯টা শোৱনী কোঠা। ঘৰটো ১৯০৮ চনতে নিৰ্মিত। পূৰ্বে তাত পঞ্চতাৰকা হোটেল এখন আছিল।

8 views0 comments