ভাৰতত কৰোনাৰ তৃতীয় লহৰ আৰম্ভ






ভাৰতত কৰোনাৰ তৃতীয় লহৰ আৰম্ভ হৈছে। এই কথা কৈছে ক’ভিড টাস্ক ফৰ্চৰ প্ৰধান ডাঃ ওম কো অৰোৰাই। আনহাতে, চৰকাৰী তথ্য অনুসৰি, দেশখনত অমাইক্ৰনত আক্ৰান্ত লোকৰ ৭৫ শতাংশি দিল্লী, মুম্বাই, কলকাতাৰ দৰে মেট্ৰ’ চহৰসমূহৰ।

উল্লেখ্য যে কেইদিনমান আগলৈকে শূন্যৰ ঘৰত থকা ভাৰতত বৰ্তমান অমাইক্ৰনত আক্ৰান্তৰ সংখ্যা হৈছে ১,৮৯২জন। ইয়াৰে ৭৬৬জন ইতিমধ্যে সুস্থ হৈ উঠিছে। কৰোনাৰ নতুন ৰূপটোত আক্ৰান্তৰ সংখ্যাৰে শীৰ্ষত আছে মহাৰাষ্ট্ৰ। ৰাজ্যখনত ৫৬৮জন আক্ৰান্ত হৈছে। দ্বিতীয় স্থানত আছে দিল্লী।দিল্লীত অমাইক্ৰন পজিটিভৰ সংখ্যা ৩৮২জন। দিল্লীৰ পিছত কেৰালা (১৮৫), ৰাজস্থান (১৭৪), গুজৰাট (১৫২), তামিলনাড়ু (১২১)ৰ স্থান। পঞ্চাশৰ ওপৰত অমাইক্রনত আক্রান্ত হৈছে তেলেংগানা, কৰ্ণাটক এবং হাৰিয়ানা। ইয়াৰ পিছতেই আছে ওড়িশা (৩৭) আৰু পশ্চিমবঙ্গ (২০)।

ইপিনে, কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ মঙলবাৰৰ প্ৰতিবেদন অনুসৰি বিগত ২৪ ঘণ্টাত ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ৩৭ হাজাৰ ৩৭৯জন। মৃত্যু হৈছে ১২৪জনৰ। সংক্রমণৰ হাৰ ৩.২৪ শতাংশ। সক্রিয় ৰোগীৰ সংখ্যা বৃদ্ধি হৈ হৈছে ১ লাখ ৭১ হাজাৰ ৮৩০জন। বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ১১ হাজাৰ ৭জন।

ক’ভিড টাস্ক ফোৰ্চৰ প্রধান ডাঃ এন কে অৰোৰাই কৈছে, “যেতিয়াৰ পৰাই দেশত ক’ভিডৰ নতুন ৰূপ ধৰা পৰিছে, জিনোম ছিকোয়েন্সৰ জৰিয়তে জানিব পৰা গৈছে ১২ শতাংশই অমাইক্রনত আক্রান্ত। ইয়াৰ এসপ্তাহ সংক্রমণৰ হাৰ ২৮ শতাংশলৈ বৃদ্ধি হয়। ইয়াৰ দ্বাৰা বজিব পাৰি অমাইক্ৰনৰ সংক্ৰমণ কিমান দ্ৰুতগতিত বৃদ্ধি পাইছে। লগতে বুজিব পাৰি যে দেশত কৰোনাৰ তৃতীয় লহৰ আৰম্ভ হৈছে। আৰু দেশত তৃতীয় লহৰক অমাইক্ৰনে সম্পূৰ্ণৰূপে গ্ৰাস কৰিব।”

স্বাস্থ্য বিশেষজ্ঞসকল সবাতকৈ উদ্বিগ্ন হৈ পৰৰিছে উপসৰ্গবিহীন কৰোনাত আক্ৰান্তক লৈ। মঙলবাৰে মুম্বাইত নকৈ কৰোনাত আক্ৰান্তৰ ৯০ শতাংশই উপসৰ্গবিহীন। চৰকাৰী তথ্য অনুসৰি, মুম্বাইত সোমবাৰে ১২ হাজাৰ ১৬০জন নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। তাৰে ৮ হাজাৰ ৮৬জনেই উপসর্গহীন।

4 views0 comments