চিকিৎসকৰ বিৰুদ্ধে আদালতত ব্ৰিটিছ তৰুণীৰ প্ৰশ্ন- মোক কিয় জন্ম দিয়া হ’ল?




‘মোক তুমি কিয় আনিলা, ওভতাই নিয়া।‘- কবিতাৰ এই শাৰীটোৰে কোনো কবিয়ে ক’ব বিচৰা কথাখিনিকেই য়েন ক’লে ব্ৰিটিছ তৰুণীগৰাকীয়ে। প্ৰশ্নটো এজন চিকিৎসকৰ বিৰুদ্ধে উত্থাপন কৰি আদালতৰ দ্বাৰস্থ হৈছে কুৰি বছৰীয়া এভি টোম্বিছ। চিকিৎসকলৈ এভিৰ প্ৰশ্ন-মোক জন্ম দিয়া হ’ল কিয়? কিয় মাতৃক প্ৰসৱৰ অনুমতি দিয়া হ’ল? প্ৰশ্ন দুটা লৈ তৰুণীয়ে চিকিৎসকৰ বিৰুদ্ধে কোটি টকা ক্ষতিপূৰণ বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে। লক্ষণীয় কথাটো হৈছে, ব্ৰিটিছ তৰুণীগৰাকীয়ে গোচৰটোত ইতিমধ্যে জয়লাভো কৰিছে।


আচলতে আন দহজনৰ দৰে এভিৰ জীৱন েকে নহয়। জন্মৰ পৰাই স্পাইনা বিডিফা (Spina Bifida) নামৰ মেৰুদণ্ডৰ এটা জটিল তথা বিৰল ৰোগত আক্ৰান্ত এভি। ৰোগটোৰ বাবে কোনো কোনো দিনত ২৪ ঘণ্টাই তেওঁ টিউবৰ সহায়ত চলিবলগীয়া হয়। এভিৰ মতে, তেওঁৰ দৰে মানুহৰ জন্মই অনুচিত। এভিৰ সকলো খং-ক্ষোভ চিকিৎসকৰ ওপৰত। তেওঁৰ মতে, ডাঃ ফিলিপ মিচেলে তেওঁৰ মাতৃক সঠিক পৰামৰ্শ দিয়া নাছিল। সেয়ে চিকিৎসকৰ বিৰুদ্ধে তেওঁ গোচৰ তৰে।

এভিয়ে কয়- চিকিৎসকে যদি তেওঁৰ মাকক ক’লেহেঁতেন যে গৰ্ভস্থ সন্তানটো স্পাইনা বিফিডা ৰোগত আক্ৰান্ত হোৱাৰ শংকা আছে। সেই সংকট হ্ৰাস কৰাৰ বাবে ফলিক এচিডযুক্ত খাদ্য আৰু প্ৰয়োজনীয় দৰব খাবলৈ দিলে তেওঁৰ এই দুৰ্গতি নহ’লহেঁতেন। অথবা মাতৃয়ে যদি সন্তানধাৰণ নকৰিলেহেঁতেন, তেওঁ এনে বিষাদময় জীৱন লাভ কৰিবলগীয়া নহ’লহেঁতেন।

বুধবাৰে লণ্ডন হাইক’ৰ্টৰ ন্যায়াধীশে ৰায়দানত কয় যে এভিৰ বিষয়টো নজিৰবিহীন। আদালতৰ মতে, এভিৰ মাকক সঠিক পৰামৰ্শ দিয়া হ’লহেঁতেন, তেওঁ পিছতো গৰ্ভধাৰণ কৰিব পাৰিলেহেঁতেন। তেতিয়া তেওঁ সুস্থ সন্তান জন্ম দিব পাৰিলেহেঁতেন। এইক্ষেত্ৰত এভিৰ যুক্তিক সমৰ্থন জনাই আদালতে চিকিৎসকজনক বিপুল পৰিমাণৰ ধন জৰিমান ৰূপে আদায়ৰ নিৰ্দেশ দিয়ে।

বিষয়টোত এভিৰ অধিবক্তাই কয়, চিকিৎসকজনে কিমান টকা জৰিমনা ভৰিব লাগিব, আদালতে সেইটো এতিয়াও নিৰ্ধাৰণ কৰা নাই। কিন্তু পৰিমাণটো মোটা অংকৰেই হ’ব। কিয়নো সেই ধনেৰে এভিৰ সমগ্ৰ জীৱনটোৰ চিকিৎসা আৰু চোৱাচিতা কৰা হ’ব।

24 views0 comments