ইচ্ছা আছিল আলফা(স্বা)ত যোগদানৰ, হ’লগৈ থানাৰ আলহী





সামাজিক মাধ্যমযোগে আলফাত যোগদানৰ ইচ্ছা প্ৰকাশ কৰি ৰঙাঘৰৰ আলহী হ’ল হোজাই আৰু বঙাইগাঁৱৰ দুজন যুৱক। দুয়োজন সম্প্ৰতি আৰক্ষীৰ জিম্মাত। লক্ষণীয়ভাৱে হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনে সামাজিক মাধ্যমৰ জৰিয়তে নিষিদ্ধঘোষিত সংগঠনটোলৈ প্ৰশ্ন কৰি সুধিছিল-এজন মুছলিম যুৱকে আলফাত যোগদান কৰিব পাৰিব নেকি? ধৃত যুৱকজনৰ নাম আব্দুল ইস্তাক। তেওঁ NSUI ৰ মোৰাঝাৰ শাখাৰ সভাপতি৷ ফেচবুকযোগে আলফাত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল আব্দুল ইস্তাক নামৰ যুৱকজনে৷ শুকুৰবাৰে নিশা হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত হাতীশালিৰ পৰা আটক কৰা হয় যুৱকজনক৷ আলফাৰ অভিজিৎ অসমৰ লগত যোগাযোগ কৰি আলফাত যোগদানৰ ইচ্ছা প্ৰকাশ কৰিছিল যুৱকজনে৷ তেওঁ আলফাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰা বুলি আৰক্ষীয়ে সংবাদমাধ্যমক জানিবলৈ দিয়ে। ধৃত যুৱকজন NSUIৰ মোৰাঝাৰ শাখাৰ সভাপতি বুলি তেওঁৰ ফেচবুক প্ৰফাইলত উল্লেখ আছে৷ আলফাত কেনেদৰে যোগদান কৰিব লাগে সেই সন্দৰ্ভত ফেচবুকৰ মেচেঞ্জাৰযোগে কথা পতাৰ কথা হোজাইৰ চাইবাৰ চেলে ধৰিব পাৰে৷ আনহাতে ধৃত যুৱকজনে আলফা কি? মুছলিম যুৱকে আলফাত যোগদান কৰিব পাৰিব নেকি বুলিও শুধিছিল অভিজিৎ অসমক৷ আলফাৰ মুক্ত কণ্ঠ নামৰ প্ৰফাইলৰ এটি পোষ্টো তেওঁ শ্বেয়াৰ কৰিছিল৷ আনহাতে অভিজিৎ অসমেও যুৱকজনক উত্তৰ দিছিল বুলি আৰক্ষীয়ে সদৰী কৰে৷ হোজাই আৰক্ষীৰ তৎপৰতাত মোৰাঝাৰ আৰক্ষীয়ে যুবকজনক আটক কৰি হোজাই জিলা সদৰ শংকৰদেৱনগৰ আদালতত হাজিৰ কৰি চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ আনিছে৷ আনহাতে যুৱকজনে নিজে NSUI ৰ দায়িত্বত থকা বুলি স্বীকাৰ কৰিছে কিন্তু NSUIৰ হোজাই জিলা সমিতিয়ে যুৱকজন NSUI ৰ নহয় বুলি হে মন্তব্য কৰে৷

আনহাতে, সামাজিক মাধ্যমৰ জৰিয়তে আলফা (স্বা)ত যোগদানৰ ইচ্ছা ব্যক্ত কৰি বঙাইগাঁৱৰো যুৱক এজন আৰক্ষীৰ জালত পৰে।

8 views0 comments