মণিপুৰত শেষ হ'ল ছহিদ কৰ্নেল বিপ্লৱ ত্ৰিপাঠীৰ পৰিয়াল




পত্নী-পুত্ৰৰ সৈতে ওভতাৰ পথত শনিবাৰে সন্ত্ৰাসবাদীৰ এম্বুশ্বত ছহিদ হোৱা অসম ৰাইফলছৰ ৪৬নং বাহিনীৰ চি অ' কৰ্নেল বিপ্লৱ ত্ৰিপাঠীৰ মৃত্যুত শোকস্তব্ধ ছত্তীশগড়ৰ ৰায়গড়।


শ্বহীদ কৰ্নেল বিপ্লৱ ত্ৰিপাঠীৰ ১৯৮০ চনত জন্ম হৈছিল। প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা ৰায়গড়ত সম্পূৰ্ণ কৰাৰ পাছত তেওঁ মধ্যপ্রদেশৰ ৰীৱাত থকা সৈনিক স্কুলত ভৰ্তি হয়। ২০০১ চনত সেনাত যোগদান কৰে। চাকৰিকালতে তেওঁ ডিফেঞ্চ ষ্টাডীজত এমএছচি ডিগ্ৰী লাভ কৰে। ছহিদ কৰ্নেল ত্ৰিপাঠীৰ ককাক কিশোৰী মোহন ত্ৰিপাঠী ভাৰতীয় সংবিধান প্ৰণয়ন সমিতিৰ সদস্য আছিল।

ছহিদ কৰ্নেলৰ মোমায়েক ৰাজেশ পাটনায়কে সংবাদ মাধ্যমত কয় যে প্ৰায় ডেৰ বছৰ পূৰ্বে মণিপুৰত ত্ৰিপাঠীৰ পোষ্টিং হয়। প্ৰায় এবছৰ পূৰ্বে তেওঁ ৰায়গড়লৈ আহিছিল। তেওঁ কয়- বিপ্লৱ নম্ৰ আৰু ভদ্ৰ আছিল। বিপ্লৱৰ পত্নী অনুজাৰ ঘৰ ওড়িশাত। বিপ্লৱে প্ৰতিদিনে এটা তালাচী চকী নিৰীক্ষণ কৰিবলৈ গৈছিল। সেইটো তেওঁৰ দৈনন্দিন ৰুটিনৰ অংশ আছিল। ঘটনাৰ দিনা পত্নী আৰু পুত্ৰকো লৈ গৈছিল। প্ৰথমে কনভয়টোৰ সন্মুখত থকা বাহনখন বিস্ফোৰণেৰে উৰুৱাই দিয়া হয়। বিস্ফোৰণত মাজত থকা কৰ্নেল আৰু পৰিয়ালৰ লোক থকা আৰু পাছফালে থকা গাড়ী দুখনৰ বিশেষ ক্ষতি হোৱা নাছিল। কিন্তু বিস্ফোৰণৰ প্ৰায় লগে লগে সন্ত্ৰাসবাদীয়ে গুলীবৰ্ষণ কৰিবলৈ লয়। কৰ্নেল আৰু তেওঁৰ পত্নী থিতাতে নিহত হয়। আনহাতে, দুয়োৰে পুত্ৰৰ হাস্পতালত মৃত্যু হয়। সন্ত্ৰাসবাদীৰ আক্ৰমণটোৱে এটা পৰিয়াল চিৰকাললৈ শেষ কৰি দিলে।

21 views0 comments