নগাঁও জিলাত সম্পন্ন হ'ল ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰথমখন কার্যনির্বাহক সভা





মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান নগাঁৱৰ জিলা পুথিভঁৰালত সম্পন্ন হয় ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰথমখন কার্যনির্বাহক সভা ।

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্রদেশৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ নেতৃত্বত গঠিত সমিতিৰ এইখন আছিল প্ৰথমখন কার্যনির্বাহক সভা ।সভাখনত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্রনাথ শর্মা, কেবিনেট মন্ত্রী পৰিমল শুক্লবৈদ্য, বিমল বৰা, ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শর্মা, নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰৰ বিধায়ক জিতু গােস্বামী, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, নগাঁও জিলাৰ প্রভাৰী শান্তনু পূজাৰী, সহ প্রভাৰী প্ৰণৱজ্যোতি লহকৰো উপস্থিত থাকে। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা যুৱ মৰ্চাৰ ৰাজ্যিক প্রভাৰী দিল্লুৰঞ্জন শমাই যুৱ মৰ্চাৰ কাৰ্যকর্তাসকলক উদ্দেশ্যি দিয়া ভাষণত যুৱ মৰ্চাৰ গুৰুত্ব উল্লেখ কৰাৰ লগতে বিজেপিৰ সংঘর্ষময় উত্থানৰ সবিশেষ দাঙি ধৰে। ভাষণ প্রসংগত সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে— 'অসমক সর্বতােপ্ৰকাৰে আগবঢ়াই নিয়াৰ লগতে ইছলামিক আগ্রাসন আৰু নৈৰাজ্যবাদীৰ পৰা ৰক্ষা কৰিবৰ বাবে যুৱ মৰ্চাৰ কাৰ্যকর্তাসকল বদ্ধপৰিকৰ হ’ব লাগিব'।আনহাতে, অসম চৰকাৰৰ কেবিনেট মন্ত্রী তথা যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি পৰিমল শুক্লবৈদ্যই কয় যে, 'অসমত এচামে কেৱল চান্দা সংস্কৃতি গঢ় দিছে, সেইখিনি যুৱ মৰ্চাই ৰােধ কৰিব লাগিব'।ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি তথা বিধায়ক ভৱেশ কলিতা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াই সভাত উপস্থিত হৈ যুৱ কার্যকর্তাসকলক উদ্দেশ্যি মার্গদর্শন আগবঢ়ায়। অৱশেষত, ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনৰ মাত্র ছমাহতে অসমক ড্রাছৰ বিৰুদ্ধে লােৱা অভিযান, গৰুখুঁটি প্রকল্পৰ কাম তীব্রগতিত আগবঢ়োৱা, নিবনুৱা সমস্যাৰ প্রতি লক্ষ্য ৰাখি এক লাখ চাকৰিত নিয়ােগৰ প্ৰস্তাৱ চলােৱা, নিয়ােগ বিনিময় কেন্দ্র, ড্রাইভিং লাইচেঞ্চৰ অনলাইনকৰণ ইত্যাদি ইতিবাচক কামসমূহক প্রস্তাৱৰ জৰিয়তে প্রশংসা কৰাৰ লগতে আদৰণি জনাই কাৰ্যনিৰ্বাহকে ।

4 views0 comments