মাৰাডোনাৰ ঘড়ী চুৰি : বিশ্ব সমাজত অসমৰ নাক কাটিলে শিৱসাগৰৰ ৱাজিদে




অসমৰ কলা-কৃষ্টি, সাহিত্য-কৃতীকে ধৰি সকলোবোৰ বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ হাবিয়াস প্ৰতিজন অসমীয়াৰ। ৰাজ্যখনত বসবাস কৰা সকলো জাতি-জনোগষ্ঠীৰ লোকে অন্তৰেৰে বিচাৰে অসমৰ অনুপম কৃষ্টি-সংস্কৃতিৰ সৈতে বিশ্ববাসী পৰিচিত হওক। লাগিলে সি বড়ো, ৰাভা, মিচিং, কাৰ্বি, ডিমাছা যি জনজাতিৰেই নহয়। নিজৰ সুন্দৰখিনিক লৈ অসমবাসী গৰ্বিত। কিন্তু শেহতীয়াকৈ শিৱসাগৰৰ যুৱক এজনে বিশ্ব দৰবাৰত অসমৰ নাকটো কাটি থৈ আহিলে। নিজৰ জাতি তথা ভূ-খণ্ডৰ প্ৰতি অকণো প্ৰেম, দায়বদ্ধতা নথকা যুৱকজনৰ নাম ৱাজিদ হুছেইন। বিশ্বখ্যাত ফুটবলাৰ মাৰাডোনাৰ ঘড়ী এটা চুৰ কৰি অসম তথা ভাৰতৰ সুনামত কালিমা সনা যুৱকজনক ইতিমধ্যে ডুবাই আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছে।


শিৱসাগৰৰ ৱাজিদে ফুটবল জগতৰ মহান তাৰকা মাৰাডোনাৰ হাবলট এডিচনৰ মূল্যৱান ঘড়ী এটা চুৰি কৰিছিল। ঘড়ীটো মাৰাডোনাৰ স্বাক্ষৰসম্বলিত। মহাতাৰকাজনৰ এই ঘড়ীটোৰ মূল্য আৰু মৰ্যাদা কিমান, তাক সকলোৱে বুজিব পাৰে।কিছুদিনৰ পূৰ্বে মৃত্যু হোৱা মাৰাডোনাৰ এই ঘড়ীটো ডুবাইৰ পৰা চুৰি কৰি আনিছিল ৱাজিদে।অসম আৰক্ষীয়ে ডুবাই আৰক্ষীৰ তথ্যৰ ভিত্তিত অভিযান চলাই মাৰাডোনাৰ ঘড়ীটো আৰু চোৰটোক গ্ৰেপ্তাৰ কৰিলে।শনিবাৰে পুৱা শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ হয় ৱাজিদ হুচেইন নামৰ চোৰটো।

24 views0 comments