সন্তানৰ ভৱিষ্যৎ আৰু অভিভাৱকৰ দায়িত্ববোধ





অলপতে গ্ৰেপ্তাৰ হোৱা বলিউড কিং খান তনয় আর্য়ান খানতো এক উদাহৰণহে মাত্ৰ । তেওঁৰ দৰে দেশৰ লাখোধিক লৰা-ছোৱালী আজি মোবাইল-গ্ৰস্ত, ড্ৰাগছৰ দৰে বিহৰ নিচাত আক্ৰান্ত । সেয়ে প্ৰশ্ন হয় আমাৰ অভিভাৱকসকলে সঁচাকৈ জানেনে তেওঁলোকৰ সন্তানে কি কৰি আছে ? ওঠৰ বছৰীয়া অনন্যাক তেওঁৰ ডিভৰ্চি মাক শিখা শৰ্মাই সকলো দিছিল : উত্তম শিক্ষা, মূল্যবোধ, জীৱনৰ অভিজ্ঞতা, সকলো । কোনো প্ৰেমিক নথকা, শ্ৰেণীত সদায় শীৰ্ষস্থানত থকা অনন্যাৰ প্ৰতি মাকৰ অগাধ বিশ্বাস । কিন্তু এদিন হঠাতে সোনকালে কৰ্মস্থলীৰ পৰা ঘূৰি আহি মাকে অনন্যাক মাস্ক পৰিধান কৰি তিনিগৰাকী বান্ধৱীৰ সৈতে ভিডিঅ' কলত ভাৰ্চুৱেল যৌনতা যাপন কৰি থকা দেখিবলৈ পাই হতভম্ব হৈছিল । তেতিয়াই মাক শিখা শৰ্মাই বুজি উঠিছিল যে অনন্যাক সম্পূৰ্ণকৈ বুজি পোৱা বোলা ধাৰণাটো আচলতে এটা ভ্ৰমহে আছিল । এনে ঘটনা আৰু বহুত আছে । গুৰুগ্ৰাম নিবাসী মানসিক স্বাস্থ্যৰ ডাক্তৰ অৰৌবা কবীৰে কয় যে আমি আচলতে ভাবো যে আমি একো একোজন দায়িত্বশীল অভিভাৱক, কিন্তু আচলতে সেয়া নহয় । এজন বেংকৰ কৰ্মচাৰী আৰু এজন বিদ্যালয় শিক্ষকৰ জীয়ৰী ১৫ বছৰীয়া অংকিতা দুৱাই তেওঁৰ চহকী ঘৰৰ বন্ধুসকলৰ সৈতে পাৰ্টি কৰাৰ ক্ষেত্ৰত পইচাৰ নাটনি হব বুলি ঘৰত খুজিবলৈ টান পাই শিক্ষক এগৰাকীয়ে ভুলতে এৰি থৈ যোৱা এংগেজমেণ্টৰ আঙঠিটো চুৰ কৰিছিল । কিন্তু বাস্তৱত অংকিতা কোনো চোৰ নহয়, কিন্তু এই বয়সটোৰ উন্মাদনাই তেওঁক এনেকৈ বশ কৰি পেলালে যে তেওঁ চিচিটিভি কেমেৰা থকা স্বত্বেও আঙুলিটো লৈ গল । ফলত পিছত তেওঁক স্কুলৰ পৰা বহিস্কাৰ কৰা হল তাৰোপৰি যিসকলৰ বন্ধুৰ সতে খোজ মিলাবলৈ তেওঁ এই কাম কৰিছিল সেইবোৰ বন্ধুৱেই তেওঁক ঠাট্টা-মস্কৰাৰে পুতি পেলালে । লজ্জিত আৰু অপমানিত তেওঁৰ অভিভাৱকে তেওঁক ইণ্ডোৰত থকা ককাক-আইতাকৰ সৈতে থাকিবলৈ পঠিয়াই দিলে । এনে অজস্ৰ কাহিনীৰে প্ৰতিদিনে ভৰিবলৈ ধৰিছে আমাৰ দেশ । আমাৰ ডাঙৰখিনিৰ বাৰু অকণো দায়িত্ব নাই নে ? লজ্জাৰ বিষয় যে সন্তানক সময় দিবলৈ আজিৰ অধিকাংশ অভিভাৱকৰ আজৰি নাই । এনে অজ্ঞানতাৰে ভৰা লালন-পালনে যেতিয়া সন্তানক ধ্বংসৰ মুখলৈ ঠেলি দিয়ে, তেতিয়া তাৰ বাবে দায়ী কোন ? ভাবি চোৱাৰ সময় সমাগত ।

5 views0 comments