পেঞ্চনাৰসকলৰ বাবে সুখবৰ , ডিজিটেলি কৰা হ'ব চিনাক্তকৰণ প্ৰক্ৰিয়া




পেঞ্চনাৰ সকলৰ বাবে ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে এটা একক মুখ চিনাক্তকৰণ প্ৰযুক্তি উদ্বোধন কৰে । এই প্ৰযুক্তিয়ে পেঞ্চনাৰসকলৰ বাবে 'জীৱন প্ৰমাণপত্ৰ' হিচাপে কাম কৰিব আৰু অৱসৰপ্ৰাপ্ত তথা বৃদ্ধ নাগৰিকসকলৰ জীৱন-ধাৰণক সহজ কৰি তুলিব । পেঞ্চন লাভ কৰি থাকিবলৈ পেঞ্চনাৰসকলে বছৰি তেওঁলোকৰ জীৱন প্ৰমানপত্ৰ দাখিল কৰাটো বাধ্যতামূলক । মন্ত্ৰী সিঙে কয় যে জীৱন প্ৰমাণপত্ৰ দিয়াৰ এই মুখ চিনাক্তকৰণ সুবিধা এক ঐতিহাসিক আৰু বহুদূৰ বিয়পি যোৱা সংশোধন হব যিয়ে কেৱল কেন্দ্ৰীয় চৰকাৰৰ ৬৮ লাখ পেঞ্চনাৰকেই নহয়, ই পি এফ অ' আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ পেঞ্চনাৰসকলকো সামৰি লব । এই সুবিধাক বিকশিত কৰাত আৰু পেঞ্চন আৰু পেঞ্চনভোগী কল্যাণ বিভাগৰ এনে ধৰণৰ প্ৰয়াসক সম্ভৱপৰ কৰি তোলাত সহায় কৰাৰ বাবে ইলেকট্ৰনিকছ আৰু তথ্যপ্ৰযুক্তি মন্ত্ৰালয় আৰু উইডয়(UIDAI)-ক সিঙে ধন্যবাদ জ্ঞাপন কৰে । ইয়াৰোপৰি ভাৰত চৰকাৰৰ মন্ত্ৰালয়বোৰৰ বাবে পেঞ্চন কেছবোৰৰ বিচাৰৰ ক্ষেত্ৰত পেঞ্চন বিভাগে 'ভৱিষ্য' নামৰ এক বুদ্ধিদীপ্ত উমৈহতীয়া ছফ্টৱেৰ আগবঢ়াইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

3 views0 comments