এতিয়া আঘোণ : পথাৰৰ লখিমীক ঘৰলৈ অনা, ন-খোৱাৰ সময়




ঋতুৱে ঋতুৱে সলনি হয় বতৰ। সলনি হয় প্ৰাত্যহিক জীৱনৰ ৰেহৰূপ। এটা ঋতুত যদি কৃষকে খেতিত ধৰে আনটো ঋতুত খেতিড’ৰা চপাবৰ হয়। শৰৎ আহিলে সলনি হয় পৰিৱেশ। বসন্ততো জীৱনে নতুন অৰ্থ বিচাৰি যায়। এই অৰ্থৰ সন্ধানতে উছৱোৰ আহে। ব’হাগত ৰঙালী বিহু আহে। শৰতত পূজা আহে। কাতিত কঙালী। দিনবোৰ শুভ দিনৰ প্ৰাৰ্থনা হৈ ৰয়। হেমন্ত অৰ্থাৎ আঘোণত ন-খোৱা উৎসৱ আহে। ন-খোৱা উৎসৱ অসমৰ কৃষক সমাজৰ এটা এৰাব নোৱাৰা পৰ্ব। ইয়াৰ সৈতে ৰাজ্যখনৰ মাটিৰ সম্পৰ্ক আছে। প্ৰতিটো জাতি-জনজাতিৰ এৰাব নোৱাৰা সম্পৰ্ক আছে।



বছৰটোৱে আঘোণত সোমোৱাৰ লগে লগে অসমত কৃষকৰ ব্যস্ততা বাঢ়ে। এই ব্যস্ততা আহৰিহীন। বিৰামহীন। ইয়াৰ কাৰণো অনেক। আঘোণ মানেই যে কৃষকৰ হাঁহি। আশা আৰু সপোনক নিজ হাতেৰে চুই চোৱাৰ সময়। পথাৰখন সোণোৱালী হৈ পৰিছে। সোণগুটিবোৰ ঘৰলৈ আনিব লাগে। কাটিব লাগে। মৰণা মাৰিব লাগে। তাৰ পিছত?


আঘোণ আহিলে প্ৰাপ্তিৰ সুখ আৰু অনাগত দিনৰ মধুৰ স্বপ্নৰে কৃষক জীৱন উতলা হৈ পৰে। সোণোৱালী শস্যৰ পথাৰখন চাই তৃপ্ত নয়নে কৃষকসকলে অনাগত দিনৰ নানাৰঙী সপোন ৰচে। নিয়ৰসিক্ত লাহী-শালি পকা ধানে হাত বাউলি মাতে কৃষকক। পথাৰত হাড়ভগা পৰিশ্ৰমৰ ফচল ধৰে। আই লখিমীক আদৰিবলৈ অতি হেঁপাহেৰে পথাৰত নামি পৰে। ধান কটাৰ আৰম্ভণিতে লখিমীক অতি শ্ৰদ্ধাৰে আদৰি অনা হয়। ইয়াক ‘আগ অনা’ বোলো হয়। আই লখিমীক ঘৰলৈ আদৰিবৰ বাবে কৃষকসকলে পঞ্জীকাত এটি শুভ দিন চাই পৰম্পৰাগত নীতি-নিয়মৰ জৰিয়তে আগ আনে। এগছি বন্তি, এখন ফুলাম গামোচা, এখিলা আগলতি কলপাত আৰু এখন কাঁচি লৈ আগ আনোতা পথাৰলৈ যায়। শুচি-শুদ্ধতাৰে আগবেলা পথাৰলৈ গৈ ভক্তিভাৱে প্ৰথমে বন্তিগছি জ্বলাই আই লখিমীক প্ৰণাম জনাই একে উশাহতে কাঁচিৰে এমুঠি ধান কাটি আগলতি কলপাতত থৈ গামোচাখনেৰে মেৰিয়াই সীহখিনি আগফালে মূৰত কঢ়িয়াই ঘৰলৈ আহে। লখিমীক আদৰি অনাজনে বাটত ক’লৈকো চাব নোৱাৰে। এইটো পৰম্পৰাগত নিয়ম। ঘৰ পোৱাৰ পিছত গৃহিণীয়ে আগ আনোতাজনক এখন বৰপীৰাত উঠাই ভৰি ধুৱাই দিয়ে।তাৰ পিছত লিপা-পোচা ঠাইত পীৰা এখন পাতি তাৰ ওপৰত আগমুঠি থৈ চাকি বন্তি জ্বলাই নৈবেদ্য আগবঢ়ায়। সন্ধিয়া গৃহস্থই নৈবেদ্য বিতৰণ কৰি ধানৰ আগমুঠি ভঁৰালঘৰৰ সন্মুখৰ খুঁটা এটাত বান্ধি থয়। সেইদিনাৰ পৰা আৰম্ভ হয় ধান কটা। ধান চপোৱা সময়খিনি কৃষকৰ বৰ আনন্দৰ সময়। নীলা আকাশখনৰ তলত টুনী, বালিমাহী চৰাই উৰি থকা পথাৰখনত কৃষক-বনুৱাই ধান কটাত ব্যস্ত হৈ পৰে। ইয়াৰ মাজতে কণ কণ ল’ৰা-ছোৱালীসকলে নৰাৰ মাজে মাজে ধানৰ লেছেৰি বুটলি ফুৰে। চেঙেলীয়া ল’ৰাই এন্দুৰৰ গাঁত খান্দি ধানৰ লেছেৰি বস্তাত ভৰায়। গ্ৰাম্য জীৱনৰ সৰল-সৰল ছবিখনে চৌদিশে আনন্দৰ বৰ্ণনাতীত পৰিৱেশ সৃষ্টি কৰে। জীৱনটো দেখিলে আপোনা-আপুনি মনলৈ আহে ৰুদ্ৰ বৰুৱাৰ কালজয়ী গীতটো-পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ...।


দিনটো ধান কাটি আবেলি কান্ধত মেটমৰা ধানৰ ভাৰ লৈ ঘৰলৈ আহে কৃষকসকল। গধূলি পৰত আৰম্ভ হয় চোতালত মৰণা মৰা। মৰণাৰ অন্তত সোণগুটিবোৰ ভঁৰালত ৰখাৰ পাল পৰে। ইয়াৰ পিছত কৃষকৰ সুখবোৰ এটা উছৱ হৈ আহে। সেয়াই হৈছে ন-খোৱা। ন-খোৱা মানে মাথোঁ ন-চাউলৰ এসাঁজ ভাতেই নহয়, ইয়াত উদ্বেলিত হয় অসমৰ কৃষ্ট-সংস্কৃতিৰ এখিলা পাতো। আঘোণতে কৃষকসকলে কিছু ধান চপোৱাৰ পিছতে মৰণা মাৰি উলিওৱা চাউলেৰে ‘ন-খোৱা’ উৎসৱ পাতে। ন-খোৱাৰ বাবে বিশেষ দিন ধাৰ্য কৰি লয়। এটা শুভ দিন চাই আঘোণৰ পথাৰত লহ্পহ্কৈ বাঢ়ি অহা বিভিন্ন শাক-পাচলি, পুখুৰীৰ মাছ, নিজ ঘৰৰ নতুবা বজাৰৰ মাংস আদিৰে নিশা পৰিয়ালটোৰ সকলো সদস্যৰ উপৰি বন্ধু-বান্ধৱ, আত্মীয়-কুটুম আৰু গাঁৱৰ দুই-চাৰিজন মুখীয়াল লোকক নিমন্ত্ৰণ কৰি আটায়ে মিলি ন ধানৰ চাউলেৰে এসাঁজ খাই কৃষিজীৱি লোকসকলে বছৰৰ প্ৰথম ভাতমুঠি আনুষ্ঠানিকভাৱে খোৱাৰ ব্যৱস্থা কৰি তৃপ্তি লাভ কৰে। একেলগে খোৱা এই ভাত সাজে গৃহস্থৰ মনত অপাৰ আনন্দ প্ৰদান কৰে। ন-খোৱা উৎসৱৰ পৰম্পৰা বিভিন্ন জনগোষ্ঠীৰ মাজত বেলেগ বেলেগ যদিও প্ৰত্যেকৰে একেই উদ্দেশ্য আৰু একেই আনন্দ। ন-খোৱাৰ দিনা পুৱা অসমীয়া লোক-সংস্কৃতিৰ পৱিত্ৰতাৰ প্ৰতীক ভঁৰাল ঘৰ মচি-কাচি দুপৰীয়া চোতালৰ তুলসীৰ তলত ঘৰৰ গৃহিণীয়ে চাকি-বন্তি নৈবদ্যৰ সহিতে এটা কলৰ দোনাত ধান থৈ সেৱা জনায়। কোনো কোনো ঠাইত ন-খোৱাৰ দিনা মহিলাসকলে আই লখিমীক আদৰাৰ নাম গায় আৰু উৰুলি দিয়ে। কিছুমান ঠাইত মাঙ্গলিক চিন স্বৰূপ পদুলিমুখত কলপুলিও পোতা দেখা পোৱা যায়। ন-খোৱা উৎসৱ সাধাৰণতে ৰাতি পতা হয় যদিও কোনো কোনো কৃষকে দিনতে পতা দেখা যায়। ন-খোৱাৰ দিনা গো সেৱা এটি অতিকে প্ৰয়োজনীয় অনুষ্ঠান। ন-চাউলৰ ভাত ৰান্ধি এখন আগলতি কলপাতত গোহালিত নি তাত নিজ পথাৰৰ পৰা কেঁচা ধান এমুঠি দি এডোখৰ ঠাই পৰিস্কাৰ কৰি পানীৰে গোহালিৰ মুখ্য গৰুটোৰ ঠেং চাৰিখন ধুৱাই দি সকলো গৰুকে সেৱা কৰি ভাতখিনি খোৱাৰ পিছত সিহঁতক আদৰ সন্মানেৰে গোহালিত বান্ধি থোৱা হয়।সম্প্ৰতি ন-খোৱা উৎসৱ এচাম নৱ-প্ৰজন্মৰ বাবে হৈ পৰিছে অপৰিচিত। অভাৱ, অনাটন, যান্ত্ৰিকতা, আধুনিকতা আৰু সময়ৰ গতিত অসমীয়া কৃতিজীৱি লোকসকলে আড়ম্বৰপূৰ্ণভাৱে পালন কৰি অহা এই কৃষিভিত্তিক ন খোৱা উৎসৱ লোপ পাব ধৰা পৰিলক্ষিত হৈছে। অসমীয়া সমাজত পালিত হোৱা ন-খোৱাৰ লেখীয়া সৰু-বৰ লোকাচাৰসমূহে অসমীয়া সমাজখনলৈ কঢ়িয়াই আনে ঐক্য আৰু প্ৰেমৰ আকুলতা। গতিকে এনে ধৰণৰ পৰম্পৰাগত লোকাচাৰসমূহক আমাৰ মাজৰ পৰা হেৰাই যাবলৈ দিয়াতো একেবাৰে অনুচিত। কিয়নো মানুহৰ দৈনন্দিন কাৰ্যৰ সৈতে জড়িত এই লোকাচাৰসমূহে অসমীয়া জনসাধাৰণৰ গভীৰ জীৱনবোধৰ পৰিচয় দিয়ে।

8 views0 comments