বিবাদেৰে ভৰা কৃষি আইনক উঠাই লবলৈ আজি লোকসভাত চৰকাৰে নতুন বিলক প্ৰস্তাৱিত কৰিব




তিনিওখন বিবাদেৰে ভৰা কৃষি আইনক উঠাই লবলৈ যাৰ বাবে যোৱা এটা বছৰধৰি কৃষকসকলে আন্দোলন কৰি আছে, চৰকাৰে লোকসভাত এখন নতুন বিল আজি প্ৰস্তাৱিত কৰিব । এই নতুন বিলখনত কোৱা হৈছে যে কৃষকৰ এটা সৰু দলেহে বিৰোধিতা কৰি আছে যদিও এক সন্মিলিত উন্নয়নৰ বাবে সকলোকে লগত লৈ আগবঢ়া উচিত । এই 'কৃষি আইন বাতিল বিল, ২০২১'-ক সংসদৰ শীতকালৰ প্ৰথম দিনটোত লোকসভাত উপস্থাপন কৰাৰ বাবে সূচীবদ্ধ কৰা হৈছে । শাসকীয় বিজেপি দল আৰু মুখ্য বিৰোধী দল কংগ্ৰেছে নিজৰ এম পি সকলক এই দিনটোত লোকসভাত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে । কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে আজি বিলখন উপস্থাপন কৰিব আৰু অহা বুধবাৰে কেন্দ্ৰীয় কেবিনেটে বিলখনক অনুমোদন জনাব । উল্লেখ্য যে যোৱা জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে তিনিওখন কৃষি আইনৰ প্ৰয়োগক নিষিদ্ধ কৰিছিল । অৱশ্যে কৃষকসকলে জনোৱামতে তেওঁলোকে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে যদিও তেওঁলোকৰ আন্দোলন তেতিয়ালৈকে অব্যাহত থাকিব যেতিয়ালৈকে চৰকাৰে সম্পূৰ্ণ আনুষ্ঠানিকভাৱে আইনকেইখন উঠাই নলয় আৰু শস্যৰ বাবে নূন্যতম সমৰ্থন মূল্য (Minimum Support Price)-ক পুনৰ প্ৰচলিত কৰাৰ দৰে দাবীসমূহক অনুমোদন নজনায় ।

4 views0 comments