পহিলা ডিচেম্বৰৰ পৰা উত্তৰ-পূবৰ অন্যতম বৃহৎ উৎসৱ 'হৰ্নবিল মহোৎসৱ'






উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ পৰ্যটন উৎসৱ হৰ্নবিল মহোৎসৱ অহা ১ ডিচেম্বৰত ১০দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব। মহোৎসৱত ৰাজ্যখনৰ ১৭টা জনজাতিৰ সাংস্কৃতিক দলে পৰম্পৰাগত পোছাকেৰে নৃত্য-গীত প্ৰদৰ্শন কৰিব।


উল্লেখ্য যে হৰ্নবিল উৎসৱত নাগালেণ্ডৰ চহকী কৃষ্টি-সংস্কৃতি, জীৱন-ধাৰণ প্ৰণালী আৰু খাদ্যাভ্যাসৰ সাৱলীল প্ৰতিফলন ঘটে। উৎসৱটোৰ আনন্দ আৰু অভিজ্ঞতা লাভৰ বাবে দেশ-বিদেশৰ বহু পৰ্যটক নাগালেণ্ডলৈ যায়। বৰ্ণিল উৎসৱটো বৰ্তমান কিছমাৰ পৰা ক'হিমা, মোকোমচুং, ডিমাপুৰ, ৱোখা আদি অঞ্চললৈ বিস্তাৰিত হৈ পৰিছে। উৎসৱটোৰ নাম হৰ্নবিল অৰ্থাৎ ধনেশ চৰাইৰ পৰা আহিছে। চৰাইটোৰ নগা জনজাতিসমূহৰ সংস্কৃতি আৰু লোকসাহিত্যত স্থান অতি গুৰুত্বপূৰ্ণ৷

4 views0 comments