পাকিস্তানত হিন্দুৰ মন্দিৰ উদ্বোধন ছুপ্ৰিম ক'ৰ্টৰ মুখ্য ন্যায়াধীশৰ



ইছলামিক মৌলবাদী, জেহাদীৰ লীলাভূমি পাকিস্তানত শেহতীয়াকৈ এটা নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে। দেশখনৰ ছুপ্ৰিম ক'ৰ্টৰ মুখ্য ন্যায়াধীশ গুলজাৰ আহমেদে এটা পুনৰনিৰ্মিত মন্দিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে।


উল্লেখ্য যে ২০২০ চনৰ ৩০ ডিচেম্বৰত পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্রদেশৰ কৰক জিলাৰ শতাব্দীপ্রাচীন শ্রীসন্ত পৰমহংসজি মন্দিৰ লণ্ডভণ্ড কৰিছিল মৌলবাদীয়ে। আক্ৰমণকাৰীয়ে মন্দিৰৰ মূল্যৱান সামগ্রীও লুট কৰি নিছিল। গোচৰটো আদালতত উঠাত মুখ্য ন্যায়াধীশ আহমেদে প্ৰশাসনক মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্দিৰটো সম্পূৰ্ণ হোৱাত মুখ্য ন্যায়াধীশগৰাকীয়ে নিজেই উদ্বোধন কৰে। মন্দিৰ উদ্বোধন কৰি তেওঁ কয়, পাকিস্তানৰ ছুপ্রিম ক'র্ট সংখ্যালঘুৰ অধিকাৰক লৈ সর্বদা সৰৱ। ভৱিষ্যতেও এই স্থিতি থাকিব। অকল সেয়াই নহয়, সংবিধানৰ কথা উল্লেখ কৰি তেওঁ কয় পাকিস্তানত অন্যান্য ধর্মাৱলম্বীৰ দৰে হিন্দুসকলোৰো সমান অধিকাৰ আছে।

6 views0 comments