ন্যায়পালিকা শ্ৰেণী নিৰ্বিশেষে সকলোৰে বাবে উপলব্ধ হোৱাটো উচিত : এন ভি ৰমন




ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনে কয় যে চহকী আৰু দুখীয়াৰ মাজৰ ব্যৱধান হৈছে এক প্ৰকৃত বাস্তৱ সেয়ে সকলো শ্ৰেণীৰ মানুহৰ বাবে উপলব্ধ হোৱাকৈ ন্যায়পালিকাৰ কামকাজৰ আৱশ্যকতা আছে । ন্যায় প্ৰদান ব্যৱস্থা ভ্ৰমিত নহবৰ বাবে স্থানীয় আদালতৰ দৰে বিকল্প ব্যৱস্থাসমূহক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত আগভাগ লবলৈ মুখ্য ন্যায়াধীশগৰাকীয়ে হিতাধিকাৰীসকলক আহ্বান জনায় । তেওঁ কয় শেহতীয়া কেইটামান বছৰত এই বিকল্পসমূহে খুব সুন্দৰভাৱে কাম কৰিছে । কিন্তু ভুক্তভোগীসকল আৰু তেওঁলোকৰ পৰিয়ালক প্ৰয়োজন আৰু সংবেদনবোৰ পূৰণ কৰিবলৈ তৃণমূল পৰ্যায়ত কৰ্মচাৰী আৰু স্বেচ্ছাসেৱীসকলক সংবেদনশীল বনোৱা আৰু প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন আছে বুলিও তেওঁ উল্লেখ কৰে । স্বাধীনতাৰ ৭৫-তম বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ(নালছা)ৰ দ্বাৰা আয়োজিত অখিল ভাৰতীয় আইন সজাগতা আৰু আউতৰিছ অভিযানৰ সমাপন সমাৰোহত প্ৰদান কৰা ভাষণত ন্যায়াধীশগৰাকীয়ে এইদৰে কয় । সমাৰোহত নালছাৰ অধ্যক্ষ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ইউ ইউ ললিত, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এ এম খানৱিলকৰ ভাৰতৰ এটৰ্ণী জেনেৰেল কে কে ৱেনুগোপাল ও উপস্থিত থাকে ।

4 views0 comments