কামাখ্যা ধামৰ মাটি ঔৰংজেৱে দান কৰিছিল? ইউডিএফৰ এই অপপ্ৰচাৰকসকলৰ অভিসন্ধি কি জানেনে?




কামাখ্যা ধাম কেৱল অসমেই নহয়, সমগ্ৰ বিশ্বৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে এটা পৱিত্ৰ তীৰ্থস্থান তথা সেৱাৰথলী। ভাৰতবৰ্ষৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা ৫১টা দেৱীপীঠৰ অন্যতম এই পৱিত্ৰ মন্দিৰটো। মন্দিৰটো নিৰ্মাণৰ বাবে যদি ঔৰংজেৱে ভূমিদান কৰা বুলি কোৱা হয় তেন্তে বুজিব লাগিব সেইজন পৃথিৱীৰ সবাতকৈ মুৰ্খ অথবা ধূৰ্ত। ধূৰ্ত এইবাবেই যে সকলো জানি-শুনি এইটো উদ্দেশ্যপ্ৰণোদিতভাৱে চলোৱা অপপ্ৰচাৰ। কিন্তু এই অপপ্ৰচাৰৰো আছে গভীৰ উদ্দেশ্য। ইয়াৰ আঁৰত লুকাই আছে ভাৰতত এটা বিশেষ ধৰ্মক মহিমামণ্ডিতকৰণ আৰু হিন্দুৰ গৰিমাক লঘু কৰাৰ গভীৰ চক্ৰান্ত। এআইইউডিএফৰ নেতা এজনে কৈছে, কামাখ্যা মন্দিৰ নিৰ্মাণৰ বাবে ঔৰংজেৱে ভূমিদান কৰিছিল। ইতিহাসৰ এনে বিকৃতি ভাৰত তথা অসমৰ সনাতনী সভ্য়তা-সংস্কৃতিৰ ওপৰত ভয়াৱহ আক্ৰমণ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক সঠিকভাৱেই বেলেগ কেটেগৰীৰ মানুহ বুলি অভিহিত কৰিছে। লগতে স্পষ্ট কৰি দিছে যে ঔৰংজেব কিয়, তেওঁৰ পিতৃও অসমলৈ আহিব পৰা নাছিল।লগতে আবোল-তাবোল বকি থাকিলে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামো শ্বেৰমান আলীৰ দৰে কাৰাগাৰলৈ যাব লাগিব বুলি সকীয়াই দিছে।


প্ৰশ্ন উঠে, ইতিহাস বিকৃত কৰি এনে ধৰণৰ ভুল তথ্য জনসাধাৰণৰ মাজলৈ উলিয়াই দিয়া হয় কিয়? সকলোৱে জানে যে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে চিনাকি দিয়াৰ সপক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অলপতে মত পোষণ কৰিছিল।তেওংৰ মন্তব্য বা চিন্তাধাৰাক লৈ কাৰোবাৰ আপত্তি থাকিবই পাৰে। গণতান্ত্ৰিক দেশ এখনত তাক মুকলিকৈ প্ৰকাশ কৰাৰো স্বাধীনতাও সকলোৰে আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ইতিহাস বিকৃত কৰি জনসাধাৰণৰ মাজলৈ ভুল বাৰ্তা এটা লৈ যোৱা হওক। এআইইউিডএফ বা কংগ্ৰেছৰ একাংশ বিধায়ক-নেতাই কিয় এনে অপপ্ৰচাৰ চলায়। আগেয়ে কৈছোঁ, তেওঁলোকে ভাৰতত হিন্দুৰ গৰিমাক লঘু কৰি ইছলামক মহিমামণ্ডিত কৰিব বিচাৰে। ভাৰতৰ পাঁচ হাজাৰ বছৰীয়া সভ্যতা-সংস্কৃতিক িতিহাসৰ পৰা মচি দি মোগল যুগৰ পৰা এইখন দেশৰ ইতিহাস আৰম্ভ কৰিব বিচাৰে। আঁৰত তগিদা এটাই, পুনৰবাৰ দিল্লী দখল কৰি ভাৰতত ইছলামৰ শাসন প্ৰতিষ্ঠা কৰা। কামাখ্যা ধাম নিৰ্মাণ কৰিছিল নৰকাসুৰে। সেয়া মহাভাৰতৰ যুগৰ কথা। তেতিয়া ঔৰংজেৱ নামৰ ব্যক্তিজন এইখন পৃথিৱীলৈ অহাই নাছিল। পৰৱৰ্তী কালছোৱাত কোচ ৰজা বিশ্বসিংহ আৰু মহাৰাজ নৰনাৰায়ণে মন্দিৰটোক পুনৰ নিৰ্মাণ কৰিছিল। গোটেই প্ৰক্ৰিয়াটোত ওৰংজেৱ দূৰ দূৰলৈ নাই।


#কামাখ্যা মন্দিৰৰ ইতিহাস

কোচ মহাৰাজ বিশ্বসিংহই গুৱাহাটীৰ সমীপৰ নীলাচলত অৱস্থিত কামাখ্যাপীঠৰ উদ্ধাৰ কৰি তাতে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰি দিছিল। কোৱা হয় সেই মন্দিৰ সৰ্বপ্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে। পিছলৈ এই পীঠ মাটিৰ তলত বিলুপ্তপ্ৰায় অৱস্থাত পতিত হৈ আছিল। সেই পৰ্বতৰ অধিবাসীসকলে সেই মাটিৰ স্তূপকেই দেৱস্থান বুলি মানি লৈ পূজা কৰিছিল। এবাৰ বিশ্বসিংহ আৰু শিষ্যসিংহই নৈশ অভিযানকালত সৈন্যসকলৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু পথ হেৰুৱাই বিভিন্ন স্থানত ঘূৰি পকি অৱশেষত নীলাচল পাহাৰত উপস্থিত হয়। তেওঁলোকে তাতে মাটিৰ এক স্তূপৰ কাষত গছৰ শিপাত বহি থকা এগৰাকী বৃদ্ধাৰ পৰা জানিব পাৰিলে যে স্তূপটো পুৰণি অধিবাসীসকলৰ দেৱস্থান। ৰজাই সেই পীঠস্থানতে তেওঁৰ সৈন্যবাহিনীৰ সৈতে মিলনৰ অৰ্থে পূজা-অৰ্চনা আগবঢ়ায় আৰু তেওঁৰ মনোবাঞ্ছা পূৰণ হয়। তাৰে পাছত ৰজাই সেই স্থানৰ মহত্ত্ব দেখি বিষ্মিত হয় আৰু তাতেই স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰি দিম বুলি সংকল্পবদ্ধ হয়। পিছত সেই স্থানৰ খননত এটা প্ৰাচীন মন্দিৰৰ অৱশেষ আৱিস্কৃত হয়। ৰজাই সেই ভগ্নাৱশেষৰ ওপৰতে ইটাৰে এটা নতুন মন্দিৰ নিৰ্মাণ কৰি দিয়ে। প্ৰতিটো ইটাত এক ৰতি সোণ প্ৰদান কৰিছিল বুলি জনশ্ৰুতি আছে। পিছত আকৌ ১৫৫৩ চনত মুছলমান সেনাপতি কালাপাহাৰে কামৰূপ আক্ৰমণ কৰি কামাখ্যা মন্দিৰ ধ্বংস কৰে। তাৰ পিছতে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে বিশ্বসিংহৰ পুত্ৰ কোচ নৃপতি মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে।

কামাখ্যা মন্দিৰৰ উৎপত্তি সংক্ৰান্তত কালিকা পুৰাণত এটা আখ্যান আছে। দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ হৈছিল। সা-সম্পত্তি নাইকিয়া টোকোনা বুলি মহাদেৱক দক্ষই চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষই এটা যজ্ঞৰ আয়োজন কৰিলে। কিন্তু তালৈ জোৱায়েকক নিমন্ত্ৰণ নকৰিলে। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হলগৈ। জীয়েকক দেখি দক্ষৰ খঙে চুলিৰ আগ পালে আৰু মহাদেৱক ভৰ্ৎসনা কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিলে। প্ৰিয়াৰ বিয়োগত মহাদেৱ শোকত বলিয়া হল আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰিলে। এনেদৰে ঘূৰি ফুৰোঁতে লাহে-লাহে মৃতদেহটো গেলি শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গল। সতীৰ দেহৰ বিভিন্ন অংগ বিভিন্ন ঠাইত পৰাত সেই সেই ঠাইত একোখন দেৱীপীঠৰ সূচনা হৈছিল। যতেই এনে অংশ পৰিল, তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিল। নীলাচল পাহাৰত সতীৰ যোনিভাগ পৰিল আৰু তাত কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হ’ল। প্ৰাগজ্যোতিষাধিপতি কিৰাট বংশীয় নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত। তেৱেঁই নীলাচল পাহাৰত প্ৰথম এই মন্দিৰ প্ৰতিষ্ঠা কৰs। প্ৰবাদ আছে যে এবাৰ নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন পালে। দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যই প্ৰাগজ্যোতিষাধিপতিৰ মতিভ্ৰম ঘটালে। তেওঁ দেৱীক বিবাহৰ প্ৰস্তাৱ আগবঢালে। দেৱীয়ে কলে যে দেৱী আৰু নৰমনিচৰ মাজত বৈবাহিক সম্পৰ্ক অসম্ভৱ কথা। কিন্তু নৰকে যেন তেন প্ৰকাৰেণ বিয়া কৰাবলৈ জিদ ধৰাত কামাখ্যা দেৱীয়ে তেওঁৰ পৰা পৰিত্ৰাণ পাবলৈ বুদ্ধি এটা সাজিলে। দেৱীয়ে কলে যে নৰকে যদি মন্দিৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰতে এটা শিলৰ খটখটি সাজি দিয়ে, তেন্তে তেওঁ নৰকৰ সৈতে বিয়াত বহিবলৈ ৰাজি আছে। দেৱীয়ে ভাবিছিল, নৰকে এই কাম কৰিব নোৱাৰিব। কিন্তু দেৱীৰ ধাৰণাক ভুল প্ৰমাণিত কৰি নিশা শেষ হোৱাৰ আগেয়ে খটখটি নিৰ্মাণৰ কাম শেষ হোৱাৰ উপক্ৰম হল। দেৱীয়ে দেখিলে কথা বিষম; সেয়েহে তেওঁ চক্ৰান্তৰ আশ্ৰয় লবলৈ বাধ্য হল। তেওঁ কুকুৰাক আদেশ দিলে, ডাক দিবলৈ। নিশা শেষ নোহোৱাকৈ কুকুৰাই ডাক দিলে। দেৱীয়ে নৰকক কলে যে কুকুৰাই ডাক দিলে, ৰাতি পুৱাল। নৰকে চৰ্ত পূৰণ কৰিব নোৱাৰিলে। প্ৰচণ্ড ক্ৰোধত নৰকে খেদি খেদি গৈ বৰ্তমানৰ কুকুৰাকটা নামৰ ঠাইডোখৰত মায়াৱী কুকুৰাটো দুচেওকৈ কাটিলে। নৰকে নিৰ্মাণ কৰা বুলি প্ৰবাদ থকা মেখেলা উজোৱা নামৰ শিলৰ খটখটিটো আজিও দেখিবলৈ পোৱা যায়। এই ঘটনাৰ পাছত দেৱকুলৰ সৈতে নৰকৰ সংঘাত আৰম্ভ হল। নৰকৰ অত্যাচাৰ ইমানে বাঢ়িল যে অৱশেষত কৃষ্ণই কিৰাটৰাজক বধ কৰি তেওঁৰ পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষৰ সিংহাসন অৰ্পণ কৰিলে।


এই সমৃদ্ধ ইতিহাসেৰে ভাৰতত হিন্দুৰ সেৱাৰথলী ৰূপে ুজিল থকা কামাখ্যা মন্দিৰৰ ইতিহাস নতুনকৈ লিখিব বিচৰা এআইউইড়িএফৰ নেতাসকল ধিক্কাৰৰ যোগ্য। তেওঁলোকে হিন্দু সমাজৰ ওচৰত ক্ষমা বিচৰা উচিত।

31 views0 comments