মুছলমানৰ প্ৰব্ৰজন আৰু অসমৰ ভৱিষ্যৎ




এটা নিৰ্দিষ্ট ভূ-খণ্ডৰ পৰা যেতিয়া বিৰামহীনভাৱে সুদীৰ্ঘকাল ধৰি আন এটা নিৰ্দিষ্ট ভূ-খণ্ডলৈ অনুপ্ৰৱেশ, প্ৰব্ৰজন অব্যাহত থাকে, তেতিয়া বুজিব লাগিব ইয়াৰ আঁৰত গভীৰ চক্ৰান্ত এটাই কাম কৰি আছে। কোনো বিশেষ পৰিস্থিতি অথবা পৰিৱেশৰ বাবে প্ৰব্ৰজনৰ ব্যাখ্যা সুকীয়া হয়। যেনে প্ৰাকৃতিক দুৰ্যোগ। বান, ধুমুহা আদিৰ বাবে উদ্ভৱ হোৱা বিশেষ পৰিস্থিতিত কোনো কোনো অঞ্চলৰ পৰা কোনো অঞ্চললৈ প্ৰব্ৰজন ঘটে। গৃহযুদ্ধ বা যুদ্ধৰ সময়তো জীৱনৰ মায়াত সীমা অতিক্ৰম কৰি আন এখন ৰাষ্ট্ৰত বহু লোকে আশ্ৰয় গ্ৰহণ কৰে। কিন্তু যদি প্ৰব্ৰজন বিৰামহীন আৰু সুদীৰ্ঘকাল ধৰি চলি থাকে? অসমৰ ক্ষেত্ৰত পূৰ্ব বংগ বা বৰ্তমান বাংলাদেশৰ পৰা বছৰ বছৰ ধৰি ধাৰাবাহিকভাৱে লোক অনুপ্ৰৱেশ ঘটি আছে। ই মেক্সিকোৰ পৰা আমেৰিকালৈ হৈ থকা প্ৰব্ৰজনকো চেৰ পেলাইছে। এই প্ৰব্ৰজনক স্বাভাৱিক আৰু মানৱ সভ্যতাৰ ইতিহাসৰ বিভিন্ন সময় আৰু বিভিন্ন স্তৰত হোৱা প্ৰব্ৰজনৰ সৈতে একাকাৰ কৰি বা সৰলীকৰণৰ সৈতে একাকাৰ কৰিলে অসম নামৰ ভূ-খণ্ডটোত বসবাস কৰি থকা খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ ভৱিষ্যতৰ সৈতে বিপজ্জনক খেল খেলাহে হ’ব। তেওঁলোকৰ ভৱিষ্যৎ সংকটত পৰিব। ভাষা, কলা-কৃষ্টি, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক ভেটি, স্বাভাৱিক জীৱন যাত্ৰা আদি সকলো বিপদাপন্ন হৈ পৰিব। ইয়াৰ বিপৰীতে এই ভূ-খণ্ডটোত এটা নতুন ভাষা-সংস্কৃতি গা কৰি উঠিব। সীমাৰ সিপাৰৰ পৰা এটা বিশেষ ধৰ্মীয় বিশ্বাস, অহংকাৰ আৰু চক্ৰান্ত টোপোলাত বান্ধি অহা লোকসকলে এইখন ৰাজ্যৰ সকলো নিজৰ কৰি ল’ব। এটা বিশেষ ধৰ্মৰ ভেটিত প্ৰতিষ্ঠিত ৰাষ্ট্ৰ এখনৰ অংশীদাৰ ভূমি এডোখৰৰ পৰা আন এডোখৰ ঠাইলৈ অহা লোকসকলে লগত লৈ অহা ধৰ্মটোক ইয়াত প্ৰতিষ্ঠা কৰাৰ অপচেষ্টা চলাব। ইয়াৰ পৰিণতি কি হ’ব পাৰে, বিশ্বৰ আন আন ইছলামিক ৰাষ্ট্ৰত ধৰ্মীয় সংখ্যালঘুসকলৰ দুৰ্দশাৰ অতীত আৰু বৰ্তমানলৈ চালেই ওলাই পৰে। বেছি দূৰলৈ যাবই নালাগে, যিখন ৰাষ্ট্ৰৰ পৰা তেওংলোকৰ এটা বিশেষ চক্ৰান্তৰ অধীনত অসমলৈ আহি আছে, তাতেই সংখ্যালঘু হিন্দুৰ দুৰ্দশাৰ কাহিনীবোৰে চকু মেল খুৱাবলৈ যথেষ্ট। পাকিস্তানৰ কথা ক’বই নালাগে।


অসমত ১৮৮০ চনৰ কিছু আগৰ পৰাই পূববংগৰ খেতিয়ক শ্ৰেণীটোৰ প্ৰব্ৰজন আৰম্ভ হয়। তেতিয়া অৱশ্যে তেওঁলোক 'বিদেশী' নাছিল। ‘বাংলাদেশী’ও নাছিল। সেই সময়ত াকিস্তান অথবা বাংলাদেশ নামৰ ৰাষ্ট্ৰ গঠন হ’ব পাৰে বুলি কোনোৱে কল্পনা কৰা নাছিল। কিন্তু প্ৰব্ৰজনৰ ধাৰাটোলৈ চালে দেখা যায়, অসমলৈ বাংলাদেশীৰ (পূৰ্ব বংগক ধৰি) আগমন এটা শতিকাতকৈও অধিককাল জুৰি চলি আছে। নির্দিষ্ট এটি ভূখণ্ডৰ পৰা আন এটি নির্দিষ্ট ভূখণ্ডলৈ একেৰাহে ইমান দীর্ঘকাল জুৰি প্ৰব্ৰজন বা অনুপ্ৰৱেশ চলাৰ দ্বিতীয়টো উদাহৰণ পাবলৈ নাই। আনকি মেক্সিকোৰ পৰা আমেৰিকালৈ হোৱা প্রব্রজনৰ সময়ো ইমান দীঘলীয়া আৰু অবিচ্ছিন্ন নহয়। এই প্রব্রজন প্ৰক্ৰিয়াটো মার্কিন সমাজ বিজ্ঞানীসকলৰ অন্যতম চিন্তাৰ বিষয় হৈ পৰিছে। ড’নাল্ড ট্ৰাম্পে বিষয়টোক সজোৰে ুত্থাপন কৰি দুয়োখন দেশৰ মাজত বেৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। অৱশ্যে মূৰকত সেইটো হৈ নুঠিল।


প্ৰতিৱেশী ৰাষ্ট্ৰখনৰ পৰা অসমলৈ নিৰৱচ্ছিন্নভাৱে হৈ থকা অনুপ্ৰৱেশ-প্ৰব্ৰজনৰ ফলত অসমত থলুৱা লোকৰ অস্তিত্বলৈ সংকট নামিছে। এই সংকট কেৱল এপিনৰ পৰা অহা নাই। চাৰিও দিশ পৰা আহিছে। অসমত বসবাস কৰা খিলঞ্জীয়া লোকসকলৰ সকলোৰে নিজস্ব ভাষা-সংস্কৃতি, ধৰ্মীয় বিশ্বাস, জীৱন ধাৰণৰ অনুপম শৈলী আছে। কিন্তু নকৈ আহি অসমৰ ভূমি বেদখল কৰি লোৱা বাংলাদেশী মুছলমানসকলে তেওঁলোকৰ জীৱন আৰু কৃষ্টি-সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি আদি সকলোতে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ভূমিৰ সংকটত ভুগিবলগীয়া হৈছে। ধৰ্মীয় বিশ্বাসৰ ওপৰত লাহে লাহে আক্ৰমণ আৰম্ভ হৈছে। পৰিকল্পিতভাৱে ধৰ্মান্তৰকৰণৰ জৰিয়তে অবৈধ অনুপ্ৰৱেশকাৰীসকলে এটা বিশেষ ধৰ্মৰ প্ৰাধান্য আৰু প্ৰভুত্ব বৃদ্ধিৰ চেষ্টা চলাই আছে। ৰাজনৈতিকভাৱে সৰ্বশক্তিশালী হোৱাৰ চক্ৰান্তত অসমৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ চক্ৰান্তমূলকভাৱে মানুহৰ আমদানি-ৰপ্তানি কৰা হৈছে। উদ্দেশ্য এটাই, সম্প্ৰসাৰণবাদ। য’ত সন্তোষজনকভাৱে সংখ্যাগৰিষ্ঠ হৈ আছে তাৰ পৰা আন এটা সমষ্টিলৈ মানুহক লৈ যোৱা। এই চক্ৰান্তটোৰ বাবে ইতিমধ্যে অসমৰ কেইবাটাও সমষ্টিত খিলঞ্জীয়া লোকে নিজৰ মতে জনপ্ৰতিনিধি নিৰ্বাচনৰ অধিকাৰ হেৰুৱাই পেলাইছে। তাত অনুপ্ৰৱেশকাৰী বা তেওংলোকৰ সমৰ্থক, পৃষ্ঠপোষকসকলে বাচি দিয়া প্ৰতিনিধিয়েহে দিছপুৰ, দিল্লীলৈ যাব পাৰে। দিছপুৰ বা দিল্লীলৈ গৈ তেওঁলোকে মিঞা মিউজিয়াম, মিঞা সংস্কৃতিৰ দাবী কৰে।



পূৰ্ব বংগ বা বৰ্তমানৰ বাংলাদেশৰ পৰা অসমলৈ উনৈশ শতিকাৰ একেবাৰে শেষৰ ফালে অবাধ প্ৰব্ৰজন আৰম্ভ হয়। সেই ধাৰাটো আজিও অব্যাহত আছে। অসমৰ বিদ্বৎ সমাজে এই প্ৰব্ৰজনকাৰী গোটটোক দুভাগত ভগাইছে। ইয়াৰে প্ৰথম ভাগটোক বোলা হৈছে অভিবাসী মুছলমান— কোন কাহানিবাই জন্মভূমি এৰি থৈ অহা পূববংগীয়ৰ যিসকল সতি-সন্ততিয়ে অসমকে জন্মভূমি বুলি গ্ৰহণ কৰি ইয়াৰ ভাষা-সংস্কৃতি আপোন কৰি লৈছে, তেওঁলোকক এই অভিধাৰে বুজোৱা হৈছে। ভাৰতৰ স্বাধীনতা লাভ তথা দেশ বিভাজনৰ পিছত একেটা ভূখণ্ডৰ পৰা অসমলৈ অহাসকল বিদেশী। কিয়নো তেওঁলোক আন ৰাষ্ট্ৰ পৰা বক্ৰপথেৰে অহা। অৱশ্যে ১৯৮৫ চনৰ ১৫ আগষ্টত স্বাক্ষৰিত ‘অসম চুক্তি’ মতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত বাংলাদেশৰ পৰা অসমত সোমোৱাসকলহে ‘বিদেশী' আৰু বহিষ্কাৰযোগ্য। অৱশ্যে ভাৰত বিভাজনৰ পিছত বাংলাদেশৰ পৰা অসমলৈ কেৱল মুছলমানৰে অনুপ্ৰৱেশ ঘটা নাই, হিন্দুৰো ঘটিছে। চট্টগ্রাম অঞ্চলৰ অধিবাসী বৌদ্ধ ধর্মাৱলম্বী চাকমাসকলৰো এই সময়ছোৱাতেই ভাৰতত প্ৰৱেশ কৰিছে। হিন্দু বাঙালীৰো প্ৰৱেশ গটিছে। কিন্তু মুছলমানসকলৰ লগত অহা ভয়াৱহ ধাৰণাটোৱে অসমৰ বাবে সংকট অতি গভীৰ কৰি তুলিছে। এইখন ৰাজ্যত বিঘাই বিঘাই ভূমি দখল কৰি তেওঁলোক হৈ পৰিছে অসম তথা অসমীয়াৰ প্ৰধান চিন্তাৰ কাৰণ। ইয়াৰ পৰা পৰিত্ৰাণৰ কথা নাভাবিলে অসমৰ পৰিচয়, ইয়াত বসবাস কৰা লোকসকলৰ জীৱন-পৰিচয় সকলো অস্তিত্বৰ সংকটত পৰিব। অসমত বৰ্তমান বেদখলকাৰীৰ কবলত থকা ভূমিৰ পৰিমাণৰ তালিকা এখন দিয়া হ’ল। ইয়াৰ পৰা ৰাজ্যখনৰ ভৱিষ্যতৰ ৰূপৰেখা অংকন আৰু পৰিত্ৰাণৰ উপায়ৰ সন্ধানৰ দায়িত্ব পাঠকৰ সমাজৰ।


নং জিলাৰ নাম বেদখল ভূমি

১ তিনিচুকীয়া ৪৯৪০৭৬ বিঘা ১ কঠা ১৮ লেছা

২ চৰাইদেউ ৫.০২ হে:

৩ লক্ষীপুৰ ৫৮৮৯২ বিঘা

৪ শোণিতপুৰ ২০৩৫৮ বিঘা ৩ কঠা ৬ লেছা

৫ হাইলাকান্দি ১১৮২৩ বিঘা ১৮ কঠা ১২ লেছা

৬ কৰিমগঞ্জ ১৬৯ বিঘা ৮ কঠা ১ লেছা

৭ দৰং ৬০৫৮৪ বিঘা ১ কঠা ১৬ লেছা

৮ নলবাৰী ৩৬১২৩ বিঘা ২ কঠা

৯ বৰপেটা ৪৯৫৩২ বিঘা ৩ কঠা ০ লেছা

১০ গোৱালপাৰা ২৯২২৯৮ বিঘা ৩ কঠা ৯ লেছা

১১ ধুবুৰী ১৫১৯৮৭ বিঘা ২ কঠা ১১ লেছা

১২ দক্ষিণশালমাৰা

মানকাছাৰ ৩৯৮০ বিঘা ২ কঠা ১০ লেছা

১৩ ডিব্ৰুগড় ২৭৫৮৫৪ বিঘা ০ কঠা ১৮ লেছা

১৪ ধেমাজি ৫১৮৮৪৮ বিঘা ৩ কঠা ১৪ লেছা

১৫ মাজুলী ৪২৩৬ বিঘা ৪ কঠা ৩ লেছা

১৬ যোৰহাট ৪৫৫৭৪ বিঘা

১৭ বিশ্বনাথ ১৬৬৭১২ বিঘা ১ কঠা ৪ লেছা

১৮ গোলাঘাট ১৫০৪৮৫ বিঘা ৩ কঠা ৮ লেছা

১৯ কাছাৰ ৪৭৫২ বিঘা ১৮ কঠা ৭ লেছা

২০ কামৰূপ (ম) ২৩৩৮ বিঘা ০ কঠা ১ লেছা

২১ কামৰূপ ১০২৬৬৮ বিঘা ৪ কঠা ১১ লেছা

২২ বঙাইগাঁও ৫৯৫৪৬ বিঘা ০ কঠা ৪ লেছা

২৩ শিৱসাগৰ ৩৬৬২৪ বিঘা ২ কঠা ২ লেছা

২৪ নগাঁও ১৭১৮১৫ বিঘা ৩ কঠা ১৬.৫ লেছা

২৫ হোজাই ১৯৭৭৩.৪০১ হে:

২৬ মৰিগাঁও ১১৩৮০৭ বিঘা ২ কঠা ১৩ লেছা

9 views0 comments