ভাৰতত ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স হ'ব ২১ বছৰ : মোদী কেবিনেটে ল'লে সিদ্ধান্ত





ভাৰতত ছোৱালীক বিয়া দিয়া বয়সৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিষয়টোত সংসদৰ চলিত শীতকালীন অধিবেশনতে বিধেয়ক এখন অনা হ'ব। বিধেয়কখন গৃহীত হোৱাৰ পিছতে আইনত পৰিণত হ'ব। তেতিয়াৰ পৰাই দেশত ছোৱালীক বিয়া দিয়াৰ নিম্নতম বয়স হ'ব ২১ বছৰ। বৰ্তমান এই বয়স হৈছে ১৮ বছৰ।


উল্লেখ্য যে আমাৰ দেশত বুজনসংখ্যক ছোৱালীয়ে বিবাহৰ পিছত চাৰিবেৰৰ মাজত আবদ্ধ হৈ পৰে। সাংসাৰিক জীৱনত বন্দী হৈ পৰে। কিন্তু ১৮ বছৰ বয়সতে চাৰিবেৰৰ মাজত সোমাই পৰা বহু যুৱতীৰ শিক্ষা জীৱনো তেনেদৰে সমাপ্ত হৈ যায়। প্ৰধানমন্ত্ৰী মোদীয়ে বয়সৰ ঊৰ্ধ্বসীমা বৃদ্ধিৰ চিন্তা-চৰ্চা বহুদিন আগৰে পৰা কৰি আহিছিল। তেওঁ বিগত বৰ্ষৰ স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক নিজৰ আগ্ৰহৰ কথাও জনাইছিল।




কেবিনেটত অনুমোদিত হোৱা বিধেয়কখন আইনত পৰিণত হ’লেই ২১ বছৰৰ তলৰ কোনো ছোৱালীক বিয়া দিলে বা বিয়া কৰোৱালে তেওঁলোক হৈ পৰিব আইনৰ চকুত দোষী। এই আইন ভংগ কৰাৰ অপৰাধত তেওঁলোকৰ বিৰুদ্ধে লোৱা হ’ব বিধিগতভাৱে শাস্তিমূলক ব্যৱস্থা।




বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত বাল্য বিবাহ আইন সংশোধনী বিধেয়ত অনুমোদন জনোৱা হয়। ছোৱালীৰ বিবাহৰ সময়সীমা বৃদ্ধিৰ বাবে গঠন কৰা এখন কমিটীয়ে প্ৰতিবেদন দাখিল কৰি ছোৱালীৰ বিয়াৰ নিম্নতম বয়সৰ সীমা ২১ বছৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিল।

4 views0 comments