বৰদিনৰ নামত ধৰ্মান্তকৰণৰ জাল! শিলচৰত খ্ৰীষ্টমাছ বন্ধ কৰিলে বজৰংগই




বিশ্বৰ অন্যান্য অংশৰ লগতে ভাৰতবৰ্ষতো শনিবাৰে খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলে উলহ মালহেৰে বৰদিন উদযাপন কৰে। একেদৰে দেশখনৰ উত্তৰ-পূবৰ ৰাজ্যকেইখনত বিশেষ দিনটো উছৱমুখৰ পৰিৱেশত উদযাপন কৰা হয়। কিন্তু শিলচৰত উদযাপন হৈ থকা বৰদিনৰ অনুষ্ঠানত কালি বাধাৰ সৃষ্টি কৰে বজৰংগ দল নামৰ সংগঠনটোৰ একাংশ সদস্যই। দলটোৰ সদস্যই নিশা এটা গিৰ্জাত প্ৰৱেশ কৰি বৰদিনৰ অনুষ্ঠান বন্ধ কৰি দিয়ে।


কিন্তু কিয়?


বজৰংগ দলৰ সদস্যসকলে শিলচৰ প্ৰেছবাইটেৰিয়ান গিৰ্জাৰ অনুষ্ঠান বন্ধ ককি দিয়ে৷ বৰদিন উপলক্ষে অম্বিকাপট্টি চাৰ্চ ৰোডৰ এই ঐতিহ্যবাহী গিৰ্জাঘৰত পুৱাৰ পৰা বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজিত হৈছিল ।

সন্ধিয়া গিৰ্জাত বিভিন্ন ধৰ্মৰ মানুহ আনন্দ উপভোগ কৰাৰ কাৰণে উপস্থিত হয় । তাৰে মাজতে হঠাৎ বজৰংগ দলৰ কিছু যুৱকে সেই স্থানত উপস্থিত হৈ চাৰ্চৰ অনুষ্ঠান বন্ধ কৰি দিয়ে । ইয়াকে লৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ।বজৰংগ দলৰ মতে, খ্ৰীষ্টানসকলে বৰদিন উদযাপন কৰাত তেওঁলোকৰ আপত্তি নাই ৷ কিন্তু বৰদিনত হিন্দু ল'ৰা-ছোৱালী অংশগ্ৰহণ কৰাত বজৰং দলৰ আপত্তি ৷ যাৰবাবে তেওঁলোকে বৰদিনৰ অনুষ্ঠান বন্ধ কৰি দিয়ে ৷

ইপিনে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷ আৰক্ষীয়ে পৰিস্থিতি কিছু নিয়ন্ত্ৰণ কৰে। বজৰংগ দলৰ কাৰ্যটোত শিলচৰত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। ঘটনাটোক ধিক্কাৰ দিয়া লোকৰ সংখ্যা যিদৰে অনেক, বৰদিনৰ নামত ধৰ্মান্তৰকৰণ জাল পতা কাৰ্যকো অনেকে সমৰ্থন কৰা নাই।

5 views0 comments