ৰূপকোঁৱৰৰ নতুন সন্ধান




জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু শিল্পৰ বহু অনুচ্চাৰিত-অপ্ৰকাশিত অধ্যায় গৱেষণা আৰু অধ্যৱসায়ৰ যোগেদি উদ্ধাৰ কৰি ৰচিত এখন অনন্য-অনবদ্য গ্ৰন্থ "𝐉𝐲𝐨𝐭𝐢𝐩𝐫𝐚𝐬𝐚𝐝,𝐉𝐨𝐲𝐦𝐨𝐭𝐢, 𝐈𝐧𝐝𝐫𝐚𝐦𝐚𝐥𝐚𝐭𝐢 𝐚𝐧𝐝 𝐁𝐞𝐲𝐨𝐧𝐝: 𝐇𝐢𝐬𝐭𝐨𝐫𝐲 𝐨𝐟 𝐀𝐬𝐬𝐚𝐦𝐞𝐬𝐞 𝐂𝐢𝐧𝐞𝐦𝐚"। ৰূপকোঁৱৰৰ জীৱনৰ দলিলসদৃশ গ্ৰন্হখন ৰচনা কৰিছে বিশিষ্ট চলচ্চিত্ৰ সমালোচক , ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় সন্মানেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা তথ্যচিত্র পৰিচালক পাৰ্থজিৎ বৰুৱাই। বুধবাৰে নগাঁও প্ৰেছ ক্লাবত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা সত্যশ্ৰী আগৰৱালা দাসে। গ্ৰন্থখন উন্মোচন কৰি সত্যশ্ৰী আগৰৱালা দাসে চলচ্চিত্ৰ সমালোচক পাৰ্থজিৎ বৰুৱাৰ এনে প্ৰচেষ্টাৰ শলাগ লৈ কয় যে পাৰ্থজিৎ বৰুৱা এজন নিষ্ঠাৱান জ্যোতিপ্ৰেমী।পাৰ্থজিৎ বৰুৱালৈ আশীৰ্বাদ আছে।কিতাপখন পঢ়াৰ পিছতহে মন্তব্য দিম। গ্ৰন্থ উন্মোচনী সভাখনত আলোচক হিচাপে অংশগ্ৰহণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ সুব্ৰতজ্যোতি নেওগে ভাষণ প্ৰসংগত কয় যে এইটো জাতিৰ বাবে কৰা গৌৰৱৰ কাম।মননশীল কাম। গ্ৰন্থখনে জ্যোতি প্ৰসাদ আগৰৱালাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নতুন ৰূপত প্ৰতিষ্ঠা কৰাত সহায় কৰিব। আনহাতে গ্ৰন্থখনৰ লেখক পাৰ্থজিৎ বৰুৱাক প্ৰশংসা কৰি ড০ নেওগে কয় যে পাৰ্থজিৎ বৰুৱা এজন ভাল সমালোচক।

সকলোকে উদ্বুদ্ধ কৰিব পৰা এজন সমালোচক। তেওঁ মননশীলতাৰে, যুক্তিপূৰ্ণভাৱে, বস্তুনিষ্ঠভাৱে জ্যোতি প্ৰসাদ সম্পৰ্কত গৱেষণা কৰিছে। অসমীয়া চলচ্চিত্ৰ সম্পৰ্কত থকা বহু বিসংগতি এই গ্ৰন্থখনে উদঙাই দিছে। সেয়ে দিন বাঢ়ি যোৱাৰ লগে লগে কিতাপখনৰ গুৰুত্ব বাঢ়ি যাব।আমাক আলোকিত কৰিব পৰা বিষয় গ্ৰন্থখনত আছে। আনহাতে এই গ্ৰন্থখনৰ জয়যাত্ৰা ৰাষ্ট্ৰীয় পুৰস্কাৰৰে হ'ব বুলি ড: নেওগে আশা কৰে ।তেজপুৰ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমতো গ্ৰন্থখন অনাগত সময়ত সন্নিৱিষ্ট হ'ব বুলি তেওঁ আশাবাদী। গ্ৰন্হ উন্মোচনী সভাত অংশগ্ৰহণ কৰি বিশিষ্ট অনুবাদক কৃষ্ণ দুলাল বৰুৱাই কয় যে যেতিয়ালৈকে লুইত থাকিব তেতিয়ালৈকে অসমীয়াৰ অস্তিত্ব থাকিব। লুইতৰ পানী আমাৰ শৰীৰত সোমোৱাই থৈ গৈছে জ্যোতি প্ৰসাদ আগৰৱালাই।

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই এনে অনুষ্ঠানত উপস্থিত থকাটোৱেই মোৰ বাবে স্মৰণীয় দিন বুলি মন্তব্য কৰি লগতে কয় যে এই গ্ৰন্থখনৰ সম্পৰ্কত কোনোবাই সমালোচনা কৰিলেও ৰৈ যাব নালাগে। গ্ৰন্থখনে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় পৰ্যায়ত স্থান পাওক আৰু গ্ৰন্থখনে বিশ্বজয় কৰক।বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে কয় যে জ্যোতিপ্ৰসাদ আগৰৱালাই যি খিনি দিলে সেই ঋণ আমি পৰিশোধ কৰিব পৰা নাই।আজি পাৰ্থজিৎ বৰুৱাই এই গ্ৰন্থখনৰ জৰিয়তে সেই দায়িত্ব কিছু পালন কৰাত তেওঁ ধন্যবাদৰ পাত্ৰ।গ্ৰন্থখনে জ্যোতিপ্ৰসাদ আগৰৱালাক পুনৰ আৱিষ্কাৰেই নহয় আমাৰ ঐতিহ্য কিমান মহান সেই কথাও প্ৰমাণিত কৰিছে। আলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰ প্ৰাঞ্জল মহন্তই আঁত ধৰা অনুষ্ঠানত গ্ৰন্থখনৰ প্ৰকাশক কৈলাস ৰাজখোৱাই এই গ্ৰন্থখন ক্ৰান্তিকাল প্ৰকাশনে প্ৰকাশ কৰাটো এক দুঃসাহস বুলি উল্লেখ কৰি লগতে কয় যে পাৰ্থজিৎ বৰুৱাৰ কোনো কামেই সহজসাধ্য নহয়।সেয়ে এই গ্ৰন্থখনো সাধনালব্ধ গ্ৰন্থ।অসমৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ তথ্য বিচাৰি এডিনবাৰ্গলৈ যোৱাৰ বাবেই পাৰ্থজিৎ বৰুৱা প্ৰশংসাৰ পাত্ৰ। আনহাতে গ্ৰন্হখনৰ লেখক পাৰ্থজিৎ বৰুৱাই চাৰি বছৰ ধৰি কৰা কষ্ট আজি সফল হোৱাৰ নিচিনা লাগিছে বুলি মনৰ ভাৱ প্রকাশ কৰাৰ লগতে গ্ৰন্থখনে জ্যোতি প্ৰসাদ আগৰৱালাক ভাৰতীয় চিনেমাৰ এগৰাকী বাটকটীয়া হিচাপে বহুলভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে । জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা সত্যশ্ৰী আগৰৱালা দাসে গ্ৰন্হখন উন্মোচন কৰাত লেখক বৰুৱাই সন্তুষ্টি প্ৰকাশ কৰে । গ্ৰন্হ উন্মোচনী অনুষ্ঠানত নগাঁৱৰ সমাজ জীৱনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

6 views0 comments