নৱেম্বৰৰ ১৫-১৬ তাৰিখৰ পৰা এন এইচ আৰ চিয়ে জনতাৰ অভিযোগ শুনিব





ৰাষ্ট্ৰীয় মানৱধিকাৰ আয়োগ (এন এইচ আৰ চি)-য়ে অহা ১৫-১৬ নৱেম্বৰত অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মণিপুৰ আৰু চিকিম ৰাজ্যত মানৱাধিকাৰৰ আৰোপিত উলংঘনৰ ক্ষেত্ৰত সাধাৰণ জনতাৰ অভিযোগবোৰ বুজিবলৈ এক মুক্ত জন-শুনানিৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । গৃহ বিভাগে জাৰি কৰা এক সাৰ্বজনিক জাননী অনুসৰি ভুক্তভোগী নাগৰিকসকলে নিজৰ অভিযোগসমূহ পঞ্জীয়নভূক্ত পোষ্ট বা স্পীড পোষ্টৰ যোগেদি অথবা কমিছনৰ অফিচিয়েল ইমেইল ঠিকনা jrlawnhrc@nic.in-ত প্ৰেৰণ কৰিব পাৰে । অৱশ্যে অভিযোগসমূহ এন এইচ আৰ চিৰ পৰ্টেল http://hrcnet.nic.in-ত পোনপটীয়াকৈ অথবা নিকটতম উমৈহতীয়া সেৱা কেন্দ্ৰৰ যোগেৰেও দাখিল কৰিব পৰা যায় । জাননীত কোৱা হৈছে যে অভিযোগত স্পষ্টকৈ অভিযোগদাতাৰ ফোন নং আৰু ইমেইল ঠিকনা আদি উল্লেখ থাকিব লাগিব । বিচাৰৰ বাবে উপযুক্ত বুলি গণ্য হোৱা অভিযোগবোৰক মুক্ত-জনশুনানিত বিচাৰ কৰা হ'ব । মুক্ত-জনশুনানিৰ তাৰিখ আৰু স্থানৰ বিষয়ে যথাসময়ত দলসমূহক অৱগত কৰা হ'ব

4 views0 comments