বিশ্বজুৰি হ্ৰাস পাইছে ধপাত সেৱনকাৰীৰ সংখ্যা : বিশ্ব স্বাস্থ্য সংস্থা





শেহতীয়া কেইটামান বছৰত আশাজনকভাৱে বিশ্বজুৰি কমি গৈছে ধপাত সেৱনকাৰীৰ সংখ্যা । নিজৰ শেহতীয়া প্ৰতিবেদনত এই কথা সদৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই । সংস্থাটোৱে কোৱামতে গোটেই বিশ্বতে ২০১৫ চনৰ ১.৩২ বিলিয়নজন ধপাত সেৱনকাৰীৰ পৰা কমি গৈ ২০২১ চনত এই সংখ্যা হৈছেগৈ ১.৩০ বিলিয়ন । সংস্থাটোৱে কয় যে ২০২৫ চনমানলৈ এই সংখ্যা পুনৰাই কমি গৈ ১.২৭ বিলিয়ন হ'ব বুলি আশা কৰা হৈছে । অৱশ্যে বহুকেইখন দেশে এতিয়াও ধপাত সেৱন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো নীতিক ভালদৰে প্ৰয়োগ কৰা নাই বুলি সংস্থাটোৱে জনায় । চলিত বৰ্ষৰ ৫ নৱেম্বৰৰ দিনা স্থাপিত হোৱা গোলকীয় ডব্লিউ এইচ অ' ধপাত সমাপ্তি সংঘৰ স্থাপনক সংস্থাটোৱে আদৰণি জনায় । সংস্থাটোৰ ডিৰেক্টৰ-জেনেৰেল টেড্ৰছ আধান'ম ঘেব্ৰেয়েচুছে কয় যে ধপাত ব্যৱহাৰক ৰোধ কৰাৰ সৰ্বাধিক উপযুক্ত উপায়টো আছিল কৰ লগোৱা । কিন্তু উৎপাদিত ধপাতৰ অবৈধ ব্যৱসায়ে কৰনীতিৰ প্ৰভাৱক নাশ কৰিছে । সংস্থাটোৱে জনোৱা মতে পৃথিৱীৰ ১.৩ বিলিয়ন ধপাত ব্যৱহাৰকাৰীৰ ভিতৰত প্ৰায় ৭০ শতাংশ লোকেই এনেকুৱা কোনো পথ বা সঁজুলি বিচাৰি নাপায় যিয়ে তেওঁলোকক ধপাত বোলা বৰবিহৰ গ্ৰাসৰ পৰা মুক্ত কৰিব পাৰে ।

2 views0 comments