দিনক দিনে বৃদ্ধি পাইছে যান-বাহন আইন উলংঘনৰ জৰিমনাৰ সংখ্যা





মটৰ বাহন (সংশোধনী) আইন, ২০১৯ কাৰ্যকৰী হোৱাৰ পিছত ভাৰতত এই আইন উলংঘন কৰি সন্মুখীন হোৱা জৰিমনাৰ সংখ্যা বৃদ্ধি পাইছে ২৯১ শতাংশলৈ। এই আইনখন কাৰ্যকৰী হোৱাৰ আগলৈকে জাৰী কৰা ট্ৰেফিক জৰিমনাৰ মুঠ সংখ্যা আছিল ১,৯৬,৫৮,৮৯৭ । যান-বাহন আইন কাৰ্যকৰী হোৱাৰ পিছত এই সংখ্যা বৃদ্ধি পাইছে ৭,৬৭,৮১,৭২৬ লৈ। এই কথা জানিবলৈ দিছে কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে । চালান আৰু দুৰ্ঘটনাৰ সংখ্যাৰ ওপৰত আইনখনৰ প্ৰভাৱ সম্পৰ্কে এক প্ৰশ্নৰ উত্তৰত সংসদক এনেদৰে জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে ।মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি আইনখনে প্ৰতিটো অপৰাধৰ বাবে যথেষ্ট পৰিমাণে জৰিমনা বৃদ্ধি কৰিছিল । যাৰ বাবে ট্ৰেফিক চালানৰ পৰা ৰাজহ বৃদ্ধি ৰেকৰ্ড কৰা উলংঘনৰ সংখ্যাতকৈ বহু বেছি পৰিমাণৰ হ'ব।২০১৭ চনত ৪,৬৪,৯১০ টাকৈ দুৰ্ঘটনা আৰু ১,৪৭,৯১৪ জন লোকৰ মৃত্যু নথিভুক্ত কৰা হৈছিল। এই দুৰ্ঘটনাৰ সংখ্যা ২০১৮ চনত ক্ৰমান্বয়ে ০.৪৫ শতাংশ আৰু ২.৫ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৯ চনত যেতিয়া আইনখন কাৰ্যকৰী হৈছিল, বছৰটোৰ শেষৰ চাৰি মাহত দুৰ্ঘটনাৰ সংখ্যা ৩.৮ শতাংশ হ্ৰাস পাইছিল যদিও মৃত্যুৰ সংখ্যা মাত্ৰ ০.২ শতাংশহে হ্ৰাস পাইছিল। যদিও দুৰ্ঘটনা আৰু মৃত্যুৰ হাৰ হ্ৰাস পাইছে ইয়াৰ মুখ্য কাৰণ দৰাচলতে গোটেই বছৰজুৰি হোৱা লকডাউনৰ ফলহে । ইয়াৰ সৈতে মটৰ বাহন আইনৰ পৰিৱৰ্তনৰ প্ৰভাৱ জড়িত নহয় বুলিও উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে ।

1 view0 comments