ক্ৰমাৎ বাঢ়িছে অসমত ভোটাৰৰ সংখ্যা !



ভোটত খচৰাত নিজৰ নাম সুমুৱাবলৈ উঠি পৰি লাগি থকা একাংশ ই এতিয়া হাহিব লৈছে ।অসমত ক্ৰমাৎ বাঢ়িছে ভোটাৰৰ সংখ্যা ।পিছে কিমান বাঢ়িছে ! চলিত বৰ্ষৰ ১৮ জানুৱাৰীত প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি অসমত সৰ্ভমুঠ ভোটাৰ আছিল ২,২৯,৯২,৫০৫ গৰাকী কিন্তু এতিয়া অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ২০২২ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ প্ৰকাশ কৰা বিশেষ সংক্ষিপ্ত সংশোধনীৰ খচৰা ভোটাৰ তালিকামতে ৰাজ্যত মূল ভোটাৰ আছে ২,৩৪,৬৬,৮০৬ গৰাকী । অৰ্থাৎ দহ মাহৰ ভিতৰতে বাঢ়ি গ'ল ৪,৭৪,৩০১ জন ভোটাৰ । ইয়াৰ ১,১৮,২৫,৩৮১ জন পুৰুষ আৰু ১,১৫,৭৭,০৬৫ গৰাকী হৈছে মহিলা ভোটাৰ । ইয়াৰ উপৰিও ৩৮৭ গৰাকী তৃতীয় লিংগৰ আৰু ৬৩,৯৬৪ জন ছাৰ্ভিচ ভোটাৰৰ নামো এই তালিকাত সন্নিবিষ্ট আছে । উল্লেখ্য যে ৰাজ্যৰ প্ৰতিখন জিলাতে বাঢ়িছে ভোটাৰৰ সংখ্যা । বৰাক উপত্যকাৰ অন্তৰ্গত কাছাৰ জিলাত যোৱা ১৮ জানুৱাৰীত প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা আছিল ১২,৫৭,৫১৯ গৰাকী আৰু এতিয়া জিলাখনৰ শিলচৰ, সোণাই, ধলাই, উদাৰবন্দ, লক্ষীপুৰ, বৰখলা আৰু কাটিগড়া বিধানসভা সমষ্টিত বিশেষ সংক্ষিপ্ত সংশোধনী খচৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ১২,৭৫,৫২৩ গৰাকী ভোটাৰ । ১০ মাহ পূৰ্বে ৯,১০,৪৩০ গৰাকী ভোটাৰ থকা কৰিমগঞ্জ জিলাত এতিয়া বিভিন্ন বিধানসভা সমষ্টিবোৰত ৯,৩০,৮৭৭ জনলৈ এই সংখ্যা বৃদ্ধি পাইছে । একেদৰে হাইলাকান্দি, কাটলিচেৰা আৰু আলগাপুৰ বিধানসভা সমষ্টিক লৈ গঠিত হাইলাকান্দি জিলাত পূৰ্বে থকা ৪,৯৭,৪৬৩ গৰাকী ভোটাৰৰ বিপৰীতে এতিয়া এই সংখ্যা ৫,০৮,৩৪৯ গৰাকীলৈ বৃদ্ধি পাইছে । ডিমা হাছাও জিলাৰ বিধানসভা সমষ্টি হাফলঙত ১,৪৬,১৮৩ গৰাকীৰ পৰা বাঢ়ি গৈ ১,৪৭,৯৯৫ গৰাকী হৈছেগৈ । কাৰ্বি আংলং জিলাৰ বোকাজান, হাওৰাঘাট আৰু ডিফু বিধানসভা সমষ্টিত পূৰ্বে থকা ৪,৭৮,৬৩৭ গৰাকী ভোটাৰৰ বিপৰীতে এতিয়া ৪,৮৯,৭২১ গৰাকী ভোটাৰৰ নাম আছে । পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা বাঢ়ি ২,০৯,৭৫৩ গৰাকীৰ পৰা ২,১১,৪৮৫ গৰাকী হৈছে । অসমৰ সচেতন মহলে অসম চৰকাৰক এই বৃদ্ধি ৰ উচিত তদন্ত ৰ ক্ষেত্ৰত চোকা নজৰ দিবলৈ আহ্বান কৰিছে ।

9 views0 comments