মহিলা উদ্যোগীসকলৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ





শেহতীয়া কেইটামান দশকত মহিলাৰ বাবে পৃথিৱীখন খুব সুন্দৰধৰণে উৰ্ধমুখী হৈছে । তেওঁলোকৰ জীৱন-ধাৰণ প্ৰণালীৰ সংশোধন ঘটিছে, মহিলাই সমাজ তথা দেশৰ নিৰ্মাণত প্ৰত্যক্ষভাৱে অৰিহণা যোগাইছে । এসময়ত ঘৰৰ চাৰিবেৰৰ ভিতৰত সোমাই কেৱল ৰন্ধা-বঢ়া আৰু সন্তানৰ দায়িত্ব লৈয়ে জীৱন কটাবলগীয়া হোৱা মহিলাই আজি ডাক্তৰ, পাইলট, গৱেষক, অভিযন্তা, বিজ্ঞানী, অধ্যাপক আদি সমাজৰ বিশেষ পদবীসমূহ শুৱনি কৰিছে । ইয়াৰ লগে লগে মহিলাই ব্যৱসায়ত হাত দিছে, মডেল, গায়িকা, লেখিকা আদি বিভিন্ন সাহিত্যিক-সাংস্কৃতিক ক্ষেত্ৰত আগবাঢ়ি গৈছে । আজি মহিলাই নিজকে এক উদ্যোগী ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিছে । এই উদ্যমৰ ইতিহাসৰ ফালে চালে দেখা যায় যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মহিলা-কেন্দ্ৰীক উন্নয়নৰ ধাৰণা এটা বিকশিত হৈছিল । উল্লেখযোগ্য যে ভাৰতৰ প্ৰথমগৰাকী মহিলা উদ্যোগী হৈছে ১১২ মিলিয়ন ডলাৰৰ কোম্পানী 'কামানি টিউবছ'ৰ চিইঅ' কল্পনা সৰোজ । ভাৰতত বৰ্তমান সময়ত আৰ্থিক উদাৰীকৰণ আৰু গোলকীকৰণৰ জাগৰণৰ ফলত মহিলা উদ্যোগে যথেষ্ট গুৰুত্ব লাভ কৰিছে । ভাৰতত মহিলা উদ্যোগীসকলক উৎসাহ দিয়াৰ বাবে বৰ্তমান এম এছ এম ই যোজনা, অন্নপূৰ্ণ যোজনা, দেনা শক্তি যোজনা, ত্ৰিড আদি বহুতো যোজনা ৰূপায়ন কৰা হৈছে । মহিলা উদ্যোগীসকলৰ ভৱিষ্যতৰ কথা কবলৈ গলে সুযোগ, উদ্ভাৱন আৰু উন্নয়ন সৃষ্টিৰ ক্ষেত্ৰত উদ্যোগত লিংগ সমতাৰ কথা কব লাগিব । ইয়াৰ উপৰি ভাৰতীয় সামৰিক সেৱাইও মহিলা উদ্যোগীসকলক সহায় কৰাৰ বাবে আগবাঢ়ি অহাটো এক আশাৰ বতৰা । বৰ্তমান মুঠ জনসংখ্যাৰ ৩০ শতাংশই হৈছে কৰ্মক্ষেত্ৰৰ সৈতে জড়িত মহিলা, তাৰে ৩ শতাংশ হৈছে স্ব-নিয়োজিত ।

4 views0 comments