সেনাত ৫৫৭ গৰাকী মহিলা বিষয়াই লাভ কৰিছে স্থায়ী কমিছন




সেনাবাহিনীত কৰ্মৰত ৫৫৭ গৰাকী মহিলা বিষয়াই লাভ কৰিছে স্থায়ী কমিছনৰ অনুমতি । সেনা ৰ নিযুক্তি ৰ ক্ষেত্ৰত লিংগ বৈষম্যক দূৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি এই উন্নয়ন কাৰ্য হাতত লোৱা হৈছে । কণিষ্ঠ ৰক্ষামন্ত্ৰী অজয় ভট্টই দিয়া এক লিখিত উত্তৰত ৰাজ্য সভাক কয় যে কোনো মহিলা বিষয়াকে স্থায়ী কমিছনৰ অনুমতি দিয়াৰ ক্ষেত্ৰত বিলম্ব কৰা হোৱা নাই । যোৱাবছৰ ফেব্ৰুৱাৰী মাহৰ ১৭ তাৰিখে সেনাবাহিনীত থকা মহিলা বিষয়াসকলক স্থায়ী কমিছন প্ৰদান কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক নিৰ্দেশ দিছিল । শাৰীৰিক সীমাবদ্ধতা বুলি কেন্দ্ৰই দিয়া যুক্তিক খণ্ডন কৰি ন্যায়ালয়ে কৈছিল যে এয়া 'লিংগ একঘেয়ামী' আৰু 'মহিলাৰ বিৰুদ্ধে লিংগ বৈষম্য'ৰ ওপৰত আধাৰিত । ইয়াৰ লগতে এছ এছ চি মহিলা বিষয়াসকলকো তিনি মাহৰ ভিতৰত স্থায়ী কমিছনৰ অনুমতি প্ৰদান কৰাৰ বাবে ন্যায়ালয়ে নিৰ্দেশ দিছে ।

4 views0 comments