এপ্ৰিলৰ পৰা জ্বৰ, হৃদৰোগসহ ৮০০বিধ দৰবৰ ১০ শতাংশ দাম বাঢ়িব






এপ্ৰিল মাহটো বসন্তক আদৰাৰ সময়। মাহটোত অসম, পঞ্জাবকে ধৰি দেশৰ প্ৰান্তে প্ৰান্তে উছৱৰ আয়োজন চলে। অসমীয়াই ৰঙালী বিহু উদযাপন কৰে। এই মাহটোৰ পৰা দেশবাসীয়ে অত্যাৱশ্যকীয় দৰব ক্ৰয় কৰাত অধিক ধন ভৰিব লাগিব। কিয়নো পহিলা এপ্ৰিলৰ পৰা ভাৰতত ৮০০বিধ অত্যাৱশ্যকীয় দৰবৰ দামবৃদ্ধি পাব। নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটীয়ে এই ঘোষণা কৰিছে। সন্দেহ নাই, এই সিদ্ধান্তই দৰিদ্ৰ জনসাধাৰণ সমস্যা বৃদ্ধি কৰিব। মধ্যবিত্তৰ বাবেও আৰ্থিক বোজা বঢ়াব।

দামবৃদ্ধি হ’বলগীয়া দৰবসমূহৰ ভিতৰত জ্বৰ, সংক্ৰমণ, ছালৰ অসুখ, উচ্চ ৰক্তচাপ, ৰক্তহীনতা আৰু হৃদৰোগৰ দৰবো আছে। নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটীয়ে জনোৱা মতে, ২০২০ চনৰ পাইকাৰী মূল্য সূচকাংক (WPI)ৰ ১০.৭ শতাংশ দাম বাঢ়িব।

নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটীয়ে শুকুৰবাৰে জাৰি কৰা বিজ্ঞপ্তি এটাত কোৱা হৈছে, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ আৰ্থিক উপদেষ্টা বিভাগে দিয়া আৰ্জি অনুসৰি ২০২০ চনৰ তুলনাত ২০২১ চনৰ কেলেণ্ডাৰ বৰ্ষত পাইকাৰী দামবৃদ্ধি সূচকৰ ১০.৭৬৬০৭ শতাংশ বৃদ্ধি পাব। ড্ৰাগছ (প্ৰাইচ কণ্ট্ৰ’ল) অৰ্ডাৰ ২০১৩ৰ বিধান অনুসৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণৰ বাবে এইটো সংশ্লিষ্ট সকলো পক্ষৰ জ্ঞাতাৰ্থে এই সিদ্ধান্তটো ৰাজহুৱা কৰা হৈছে।

পহিলা এপ্রিলৰ পৰাই নতুন দাম কার্যকৰী হ’ব। জানিব পৰা মতে, পাৰাচিটামল, আজিথ্রোমাইসিন, ফেনোবার্বিটোন, চিপ্রোফ্লক্সাচিন হাইড্রোক্লোৰাইড, মেট্রোনিডাজোল, ফেনিটোইন চোডিয়ামৰ দৰে অত্যাৱশকীয় ড্ৰাগৰ দাম বাঢ়িব।

ওষুধৰ এই দামবৃদ্ধিয়ে সাধাৰণ লোকক অধিক অসুবিধাত পেলাব। এনেয়ে ইন্ধনৰ দাম পুনৰ ঊর্ধ্বগামী হৈছে। বিগত পাঁচ দিনত চাৰিবাৰ লিটাৰেপতি পেট্র’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰা হৈছে। এনে অৱস্থাত দৰবৰ দামবৃদ্ধিয়ে সাধাৰণ লোকৰ বাজেটৰ ওপৰত অধিক চাপৰ সৃষ্টি কৰিব। কৰোনাই কোঙা কৰা দেশবাসীক ইয়ে অধিক সমস্যাৰ দিশে লৈ যাব।

4 views0 comments