কাইলৈৰ পৰা মাজুলীত তিনিদিনীয়াকৈ চলিব ৰাস মহোৎসৱ




শৰৎ কালৰ বিতোপন পৰিবেশৰ মাজত কাইলৈৰ পৰা সত্ৰীয়া সংস্কৃতিৰ বাসভূমি নদীদ্বীপ মাজুলীত তিনিদিনীয়াকৈ উদযাপন কৰা হব শ্ৰী কৃষ্ণৰ ৰাসলীলা । ১৮৪০ চনত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ বাসুদেৱ গোস্বামীয়ে ৰাসৰ সৈতে সংগতি ৰাখি এক নাটৰ ৰচনা কৰিছিল । পৰৱৰ্তী সময়ত এই 'শ্ৰীকৃষ্ণৰ ৰাস অভিনয়' শীৰ্ষক নাটকখন মাজুলীৰ বিভিন্ন মঞ্চত সফলতাৰে ৰূপায়িত হৈ আহিছে । অন্য এখন ঐতিহাসিক সত্ৰ শ্ৰীশ্ৰীবেঙেনাআটি সত্ৰইও ১৭৭৪ চনৰে পৰাই মাজুলীত ৰাস মহোৎসৱৰ আয়োজন কৰি আহিছে । এই সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত পীতাম্বৰ দেৱগোস্বামীয়ে মাজুলীৰ গড়মূৰত 'বংশীগোপাল নাট্যমন্দিৰ' নামেৰে মাজুলীত প্ৰথমখন ৰাস অভিনয় মঞ্চ প্ৰতিষ্ঠা কৰিছিল । এইজন সত্ৰাধিকাৰেই প্ৰথমবাৰৰ বাবে ৰাসত পুৰুষ মহিলাৰ সহঃঅভিনয়ৰ সূচনা কৰিছিল । অৱশ্যে এতিয়াও মাজুলীৰ বহু সত্ৰত ৰাস মহোৎসৱত ভকতৰ লৰাই নাৰী চৰিত্ৰত সুন্দৰকৈ অভিনয় কৰে । শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰই এইবাৰ পঞ্চমবাৰৰ বাবে এই উৎসৱ পালন কৰিব । ১৯৫৩ চনত মাজুলীত সত্ৰৰ মজিয়াৰ পৰা মঞ্চলৈ ৰাসলীলাই বাট বুলিছিল । তেতিয়াৰ পৰাই মাজুলীত বহু ৰংগমঞ্চৰ নিৰ্মাণ কৰা হয় । ৰাস মহোৎসৱ হৈছে মাজুলীবাসীৰ জাতীয় জীৱনৰ এক অন্যতম পৰিচয় । ৰাসলীলা উপলক্ষে ইতিমধ্যে মাজুলীৰ বিভিন্ন ৰাজ্য তথা পৃথিৱীৰ বিভিন্ন কোণৰ পৰা অহা ৰাসপ্ৰেমীয়ে বাহৰ পাতিছে । মুঠতে ৰাসলীলাৰ বাবে সাজু হৈছে মাজুলীবাসী । যোৱা লক্ষ্মী পূৰ্ণিমাৰ পৰাই গীত, নাট, বাদ্য, নৃত্য আদিৰে মহোৎসৱক আদৰিবলৈ উজ্জীৱিত হৈ উঠিছে মাজুলী ।

5 views0 comments