উভতি চাওঁ : ২০২১ত তালিবানৰ প্ৰত্যাৱৰ্তন, ইউক্ৰেইন সংকট...







২০২১ চনত কৰোনাৰ ধ্বংসলীলাৰ সমান্তৰালকৈ কেইবাটাও ঘটনাই ইতিহাস ৰচনা কৰিছে। তালিবানৰ প্ৰত্যাৱৰ্তন, ম্যানমাৰত সেনাৰ অভ্যুত্থান, বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন, ইথিঅ’পিয়াৰ গৃহযুদ্ধ, ইউক্ৰেইনৰ সংকট আদি অন্যতম।


তালিবানৰ প্রত্যাৱর্তন: ২০২১ চনস সংঘটিত ঘটনাসমূহৰ অন্যতম আফগানিস্তানত তালিবানৰ প্ৰত্যাৱৰ্তন। বৰ্ষটোৰ ১৫ আগষ্টত ইছলামিক সন্ত্ৰাসবাদী সংগঠনটোৱে কাবুল দখল কৰাৰ লগে লগে আফগানিস্তানত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অৱসান ঘটে। সেই স্থান লয় ইছলামিক শাস ব্যৱস্থাই। অৱশ্যে আনুষ্ঠানিকভাৱে শাসন ক্ষমতা দখল কৰিবলৈ তালিবানে কিছু সময় লয়। এতিয়া ৰাষ্ট্ৰখন সম্পূৰ্ণৰূপে ইছলামিক শাসনৰ অধীনত। ইয়ে ৰাষ্ট্ৰখনৰ নাগৰিকৰ মৌলিক অধিকাৰ আঁজুৰি নিয়াৰ লগতে নাৰীৰ বাবে দেশখন নৰক পৰিণত কৰে। আধুনিক বিশ্বৰ ইতিহাসত তালিবানৰ প্ৰত্যাৱৰ্তন এটা উল্লেখযোগ্য ঘটনা হিচাপে বিবেচিত হৈছে। ইয়াৰ প্ৰভাৱ অনাগত দিনবোৰত পৰিবলৈ বাধ্য।

বাংলাদেশত সংখ্যালঘুৰ ওপৰত নির্যাতন: চলিত বৰ্ষৰ এটা ক’লা অধ্যায় হিচাপে চিহ্নিত হৈ ৰ’ব বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত মৌলবাদী মুছলমানৰ আক্ৰমণ। দুৰ্গাপূজাৰ সময়ত কোৰানৰ অপমান ঘটা বুলি পৰিকল্পিত চক্ৰান্তৰ আধাৰত দেশখনত হিন্দুৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ চলাইছিল লাখ লাখ মৌলবাদী মুছলমানে। কেইবাটাও সেৱাৰথলী ধ্বংস কৰিছিল আক্ৰমণকাৰীয়ে। জ্বলাই দিয়া হৈছিল হিন্দুৰ ঘৰ। আক্ৰমণত কেইবাজনে প্ৰাণ হেৰুৱাবলগীয়া হয়। ৰংপুৰৰ পীৰগঞ্জ, নোৱাখালি, ফেনী, চট্টগ্ৰাম, কক্সবাজাৰ, গাজীপুৰ, গোপালগঞ্জসহ কেইবাখনো জিলাত হিন্দুসকল মৌলবাদীৰ াক্ৰমণৰ লক্ষ্য হৈ পৰে। ইয়াৰে ভিতৰত অকল কুমিল্লাত ১০২টা গোচৰ ৰুজু হয়। অভিযুক্ত কৰা হয় ২০,৬১৯জনক। ঘটনাৰ আঁৰত পাকিস্তানৰ হাত আছে বুলি বাংলাদেশৰ আৱামী লীগে অভিযোগ কৰিছে।

ম্যানমাৰত সেনা অভ্যুত্থান: গণতন্ত্ৰৰ এক দশক অতিক্ৰম নৌকৰোঁতেই ম্যানমাৰত পুনৰবাৰ গণতন্ত্ৰৰ ওপৰত সামৰিক শাসকৰ আক্ৰমণচলে। ৯ ফেব্ৰুৱাৰীত নিৰ্বাচিত চৰকাৰক ক্ষমতাচ্যুত কৰি দেশখনৰ শাসনভাৰ বাৰ্মিজ সেনাৰ মুৰব্বী জুণ্টাই নিজৰ হাতলৈ আনে। সামৰকি নেতৃত্বৰ হাতত বন্দী হয় ন’বেলজয়ী ৰাষ্ট্ৰপ্ৰধান আং ছান চু কি। ইয়াৰ পিছতে দেশখনত গৃহযু্দ্ধসদৃশ পৰিস্থিতিৰ উদ্ভৱ হয়। গণতন্ত্ৰপ্ৰেমীৰ ওপৰত সেনাৰ নিৰ্বিচাৰ অত্যাচাৰ গোটেই বছৰটো অব্যাহত থাকে। এই সময়ছোৱাত ম্যানমাৰত শ শ গণতন্ত্ৰপ্ৰেমী প্ৰতিবাদকাৰী নিহত হয়।

ইথিঅ’পিয়াত গৃহযুদ্ধ : চলিত বৰ্য়টোত ইথিঅ’পিয়াত সংঘটিত গৃহযুদ্ধই হাজাৰ হাজাৰ লোকক গৃহহাৰা কৰিছে। দেশখনত চৰকাৰী বাহিনীৰ বিৰুদ্ধে তাইগ্ৰে পিপলছ লিবাৰেচন ফ্ৰণ্টৰ বিদ্ৰোহীৰ মাজত তুমুল সংঘৰ্ষ অব্যাহত আছে। তাইগ্ৰে প্ৰদেশখন নিজৰ দখললৈ নিছে বিদ্ৰোহীসকলে। উল্লেখ্য যে ইথিঅ’পিয়াত তাইগ্ৰে সম্প্ৰদায়ৰ প্ৰভাৱ ষথেষ্ট। কিন্তু ২০১৮ চনত ক্ষমতালৈ আহি সম্প্ৰদায়টোৰ প্ৰভাৱ হ্ৰাস কৰাৰ চেষ্টা চলায় প্ৰধানমন্ত্ৰী আবি আহমেদে।ইয়াৰ পিছতে অশান্ত হৈ উছে ৰাষ্ট্ৰখন। বিদ্ৰোহীসকলে ২০২০ চনৰ নৱেম্বৰত তাইগ্ৰেত সেনাবাহিনীৰ এটা ঘাটিত হঠাতে আক্ৰমণ চলায়। গৃহযুদ্ধৰ সূচনা হয়। তাৰ পিছত দেশখনৰ ুত্তৰ-পূৰ্বাঞ্চলীয় দেশখনৰ শাসক টিপিএএফক ক্ষমতাচ্যুত কৰাৰ নিৰ্দেশ দিয়ে আবি আহমেদে।টিপিএলএফৰ বিদ্ৰোহীসকলে ৰাজধানী আদিছ আবাবাৰ দিশে অগ্ৰসৰ হৈ চৰকাৰ পতন ঘটোৱাৰ অভিযানত নামে। দুয়োপক্ষৰ যুদ্ধত ইথিঅ’পিয়াৰ লাখ লাখ লোক ক্ষতিগ্ৰস্ত হয়। খাদ্যৰ সংকটে দেশখনত ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

ইউক্রেইন সংকট: ক্ৰিমিয়া দখলৰ পিছত অধিক আগ্ৰাসী হৈ উঠিছে ৰাছিয়া। এইবাৰ ইউক্ৰেইনৰ সীমান্তলৈ লক্ষাধিক সেনা আৰু অত্যাধুনিক অস্ত্ৰ প্ৰেৰণ কৰিছে পুতিনে। ফলত পূৰ্বৰ ছোভিয়েত ৰাছিয়াৰ অন্তৰ্ভুক্ত দেশখনক কেন্দ্ৰ কৰি ৰাছিয়া আৰু আেমেৰিকাৰ মাজত উত্তেজনা ক্ৰমশঃ বৃদ্ধি পাইছে। কেইবামাহ ধৰি মস্কোপন্থী বিদ্ৰোহী আৰু ইউক্ৰেইনৰ চৰকাৰী বাহিনীৰ মাজত তুমুল যুদ্ধ চলিছে। বিদ্ৰোহীক সহায় কৰাৰ নামত সমগ্ৰ ইউক্ৰেইন দখল কৰাৰ ব্লু-প্ৰিণ্ট ৰচিছে ৰাছিয়াই। ইয়াতে ফেপেৰি পাতি ধৰিছে আমেৰিকাই। ইয়ে তৃতীয় বিশ্বযুদ্ধৰ ৰূপ পৰিগ্ৰহ কৰিব পাৰে বুলি বিশ্বজুৰি আশংকাৰ সৃষ্টি হৈছে।

3 views0 comments