মধ্যবিত্তৰ উত্থান আৰু ভাবীকালৰ অসম



সমাজ অথবা ৰাষ্ট্ৰ গঠনৰ মধ্যবিত্তৰ ভূমিকা সদায়েই গুৰুত্বপূৰ্ণ। কিন্তু সমস্যা এটাই। মধ্যবিত্তৰ ইতিহাস আপোচৰ ইতিহাস। সোঁতৰ বিপৰীতে গৈ অথবা আমূল পৰিৱৰ্তনৰ বাবে যি কঠিন সংগ্ৰাম আৰু সংৰ্ঘ্ষৰ প্ৰয়োজন, মধ্যবিত্তৰ সমাজখনে সিমান দূৰলৈ আগবাঢ়ি নাযায়। নাযায় বাবেই মধ্যবিত্তৰ নেতৃত্বত বা ব্যাপক অংশগ্ৰহণৰ সংগ্ৰাম এখনে দীৰ্ঘদিন আগুৱাই যাব নোৱাৰে। কিন্তু বহু কঠিন আৰু সফল সংগ্ৰামৰ বীজ স্থাপন মধ্যবিত্ত সমাজৰ পৰাই ৰোপিত হৈছিল। যি নহওক, মধ্যবিত্তৰ সংগ্ৰাম বা ইতিহাস চৰ্চা কৰিবলৈ এই আলোচনা নহয়। অসমত মধ্যবিত্তৰ ুত্থানক জুকিয়াই চোৱাৰ প্ৰয়াস কৰা হৈছে। অৱশ্যে ইয়াৰ সৈতে অসমীয়া ভাষা-সাহিত্য, জাতীয় অস্তিত্বৰ কথা আদি আহি পৰিবলৈ বাধ্য।


মায়াৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ, আহোম ৰাজত্বৰ শক্তিহীন অৱস্থা আদিয়ে অসমক এটা সময়ত অভাৱনীয় ৰূপত ৰূপত দুৰ্বল কৰি তোলে। অঞ্চলটোৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰে। অসমীয়াৰ জীৱনলৈ চৰম বিপৰ্যয় নামি আহে। ঊনবিংশ শতিকাৰ দুৰ্দশাগ্ৰস্ত সময়ত অসমখন ব্ৰিটিছৰ অধীনলৈ যায়। ঔপনিৱেশিক শক্তিৰ তললৈ যোৱা ৰাজ্যখনৰ জনগণৰ অৱস্থা অধিক শোচনীয় হৈ পৰে। তাৰে মাজতে অসমত মধ্যবিত্ত শ্ৰেণী এটাৰ ধীৰে ধীৰে উত্থান ঘটে। এই শ্ৰেণীটোৱে পাছলৈ অসমীয়া ভাষা প্ৰতিষ্ঠাৰ সংগ্ৰামী শক্তি হৈ পৰে। সৰল অৰ্তত ক’বলৈ হ’লে অসমত আধুনিক চিন্তাৰ উন্মেষ ঘটিছিল নবিংশ শতিকাত। শতিকাৰ আৰম্ভণিতে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰিটিছে আহোম ৰাজবংশৰ পৰা ক্ষমতা কাঢ়ি লৈ অসম অধিকাৰ কৰিছিল। ব্ৰিটিছ শাসন ব্যৱস্থা আছিল পৃথক। ইয়াৰ সৈতে আহোম যুগৰ সামন্তীয় শাসন ব্যৱস্থা আৰু আওপুৰণি ধ্যান-ধাৰণাৰ সৈতে মিল নাছিল। অৰ্থাৎ অসমত শাসন ব্যাৱস্থাৰ আমূল পৰিৱৰ্তন গটে। ইয়াৰ প্ৰভাৱ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি সকলো দিশতে পৰিবলৈ ধৰে। ব্ৰিটিছৰ শাসনত আইন-আদালত, ভূমি-নীতি, মুদ্ৰা-অৰ্থনীতি, পৰিবহণ ব্যৱস্থা, আধুনিক শিক্ষা ব্যৱস্থা আদিৰ প্ৰৱেশ ঘটিল। অসমে এখন নতুন আৰু আধুনিক জগতৰ সৈতে পৰিচয় হ’yলৈ সুযোগ পালেয মানুহৰ চিন্তা-চেতনাত ন ন বিষয়ৰ সমাৱেশ গটিবলৈ ধৰিলে।

ঊনবিংশ শতিকাত অসমৰ প্ৰশাসনিক আৰু অৰ্থনৈতিক ব্যৱস্থাত আমূল পৰিৱৰ্তন সাধন হোৱাৰ লগে লগে ৰাজ্যখনত কেৰাণী, মহৰী, পেছকাৰ, দাৰোগা, হাকিম আদি বৃত্তিজীৱী আৰু উদ্যোগীৰ এটা নতুন স্তৰ গঢ় লৈ উঠিছিল। ড০ দেৱব্ৰত শৰ্মাৰ মতে, ‘এই স্তৰটো ঘাইকৈ ব্ৰাহ্মণ, কায়স্থ আৰু কলিতা সম্প্ৰদায়ৰ মাজৰপৰা ওলাইছিল। এইসকলৰ ভিতৰত ব্ৰাহ্মণ-কায়স্থ আদি আছিল নিজে খেতি নকৰা, ভূ-স্বামীধৰণৰ শ্ৰেণী, যাৰ আছিল সাংঘাতিক সামাজিক প্ৰভাৱ। অৰ্থনৈতিক আৰু বৌদ্ধিকভাৱে এইবোৰ জাতি-বৰ্ণ আন সকলতকৈ বহু আগবঢ়া আছিল। তেওঁলোক আছিল ব্ৰাহ্মণ্যবাদী-সামন্তবাদৰ তাত্ত্বিকো। বৃটিছে তেওঁলোকৰ মাটি কেতিয়াও কাঢ়ি নিয়া নাছিল। তেওঁলোকৰ মাথোঁ ৰাজনৈতিক ক্ষমতাহে নাছিল। আহোম ডা-ডাঙৰীয়াসকলক একাষৰীয়া কৰি বৃতিচে আহোম ৰাষ্ট্ৰৰ সেৱা কৰা বৰ্ণহিন্দুসকলক কিন্তু পুনৰ্বাসন কৰিলে। কাৰণ এই স্তৰ বা শ্ৰেণীটো আছিল বৃতিচৰ বৰ পছন্দৰ স্থানীয় শ্ৰেণী, যাক ই নিশ্চিন্তে পৃষ্ঠপোষকতা কৰিব পাৰিছিল। ব্ৰাহ্মণ্যবাদী সামন্তবাদৰ তাত্বিকসকল এইবাৰ পৰিণত হ’ল বিদেশী সাম্ৰাজ্যবাদৰ বিশ্বস্ত স্তাৱকত। এই নতুন স্তৰটোত ঔপনিৱেশিক আধুনিকতাক শীঘ্ৰে আয়ত্ত আৰু আত্মসাৎ কৰিলে আৰু নিজকে এটা শ্ৰেণীলৈ উন্নীত কৰিলে। সিয়েই অসমীয়া মধ্যবিত্ত শ্ৰেণী।’

ব্ৰিটিছ শাসকপক্ষই অসমত প্ৰশাসনিক কাম-কাজ চলাবৰ বাবে বংগদেশৰপৰা আধুনিক শিক্ষাৰে শিক্ষিত বাঙালী আমোলাসকলক অনাৰ লগে লগে ‘আহোম ৰাষ্ট্ৰৰ সেৱা কৰা বৰ্ণ হিন্দুসকল’ৰ গুৰুত্ব প্ৰায় নোহোৱা হৈ পৰিছিল। তেওঁলোকে পূৰ্বৰ সা-সুবিধা আৰু মান-মৰ্যাদা হেৰুৱাই গভীৰভাৱে অসন্তুষ্ট হৈ তাৰ প্ৰতিকাৰৰ বাবে লাহে-লাহে ব্ৰিটিছৰ একান্ত অনুগত হ’বলৈ চেষ্টা কৰিলে আৰু ব্ৰিটিছেও তেওঁলোকক বিভিন্ন বিষয় বাব দি নিয়োজিত কৰিলে। ব্ৰিটিছ প্ৰশাসনৰ বাবে তেওঁলোকৰ আৰু জনসাধাৰণৰ মাজত মধ্যস্থতাকাৰী ভূমিকা ল’ব পৰা এক অনুগত আৰু স্তাৱক শ্ৰেণী সৃষ্টি কৰাটো প্ৰয়োজনো হৈ পৰিছিল। ব্ৰিটিছসকলে ভাবিছিল যে জনসাধাৰণৰ মাজত পূৰ্বৰেপৰা প্ৰভাৱ বিস্তাৰ কৰি থকা সম্ভ্ৰান্ত শ্ৰেণীৰ সতি-সন্তানক আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত কৰি প্ৰশাসনৰ সহযোগী হিচাবে ল’ব পাৰিলে জনসাধাৰণৰ অনুগত্য আদায় কৰাটো সহজ হৈ পৰিব। উল্লেখ্য যে ব্ৰিটিছসকল অহাৰ সময়ত অসমৰ আনুষ্ঠানিক শিক্ষাৰ অনুষ্ঠান হিচাবে সংস্কৃত টোলসমূহহে আছিল আৰু সত্ৰসমূহত ধৰ্মগ্ৰন্থৰ চৰ্চাৰ উপৰি নৃত্য-গীত, অভিনয়ৰ শিক্ষা আদি প্ৰচলন হৈছিল। সংস্কৃত টোলসমূহৰ দুৱাৰ মূলতঃ ব্ৰাহ্মণ আৰু উচ্চ কুলৰ ছাত্ৰৰ বাবেহে মুকলি আছিল।

সি যি নহওক, ব্ৰিটিছৰ একান্ত অনুগত হৈ পৰা উচ্চকুলীয়া সম্ভ্ৰান্ত শ্ৰেণীৰ ভিতৰত হলিৰাম ঢেকিয়াল ফুকন, কাশীনাথ তামুলী ফুকন, ৰাম দত্ত বৰুৱা, মণিৰাম দেৱান, দীননাথ বেজবৰুৱা আদিয়েই প্ৰধান আছিল। পূৰ্বৰ আহোম ডা-ডাঙৰীয়াসকলে হৃত স্বাধীনতা ফিৰাই বিচাৰি বিদ্ৰোহ ঘোষণা কৰিব পাৰে বুলি আশংকা কৰিয়েই ব্ৰিটিছে তেওঁলোকক নতুন প্ৰশাসনীয় ব্যৱস্থাৰপৰা একাষৰীয়া কৰি ৰাখিছিল। ব্ৰিটিছৰ আশংকা অমূলক নাছিল। ১৮২৮ চনত গোমধৰ কোঁৱৰ, ১৮৩০ চনত ধনঞ্জয় বৰগোঁহাই আদিয়ে আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে বিদ্ৰোহ কৰিছিল আৰু প্ৰতিটো বিদ্ৰোহেই ব্ৰিটিছৰ কোম্পানী চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। উল্লেখ্য যে সেই বিদ্ৰোহবোৰ দমন কৰাৰ ক্ষেত্ৰত সম্ভ্ৰান্ত শ্ৰেণীৰ মণিৰাম দেৱানৰ দৰে একাংশ লোকে ব্ৰিটিছক সহায় কৰিছিল। পৰৱৰ্তী সময়ত মণিৰাম দেৱানে চাহ বাগিচা খুলি ব্ৰিটিছ শক্তিৰ প্ৰতিদ্বন্দ্বী হৈ পৰাৰ লগতে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ পৰ্যন্ত ঘোষণা কৰিছিল। কিন্তু, আনন্দৰাম ঢেকিয়াল ফুকন, হৰকান্ত বৰুৱা সদৰামিন আদি ব্ৰিটিছৰ বিশ্বস্ত অসমীয়া বিষয়াসকলে মণিৰামৰ বিদ্ৰোহক সমৰ্থন কৰাৰ পৰিৱৰ্তে বিৰোধিতাহে কৰিছিল।

ব্ৰিটিছসকলে অসমীয়া সম্ভ্ৰান্ত শ্ৰেণীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ অসমৰ শিক্ষানুষ্ঠান, প্ৰশাসনিক কাৰ্যালয় আদিত বাংলা ভাষাৰ প্ৰচলন কৰিছিল। তৎকালীন অসমীয়া সম্ভ্ৰান্ত শ্ৰেণীৰ ভিতৰত অন্যতম যাদুৰাম ডেকাবৰুৱা (১৮০১-৬৭), দীননাথ বেজবৰুৱা (১৮১৩-৯৫), কাশীনাথ তামুলী ফুকন (১৮০১-১৮৮০) আদিয়ে বাংলা ভাষা প্ৰচলনৰ বিৰুদ্ধে কোনো প্ৰতিবাদ কৰা নাছিল। বৰং তেওঁলোকৰ মাজত বঙলা প্ৰীতিয়ে দকৈ শিপাইছিল আৰু বাংলা ভাষাত কথোপকথন কৰাটো আভিজাত্যৰ লক্ষণ বুলি ভাবিছিল। উল্লেখ্য যে হলিৰাম ঢেকিয়াল ফুকনে ‘আসাম বুৰঞ্জি’ (১৮২৯) বাংলা ভাষাত ৰচনা কৰাৰ লগতে¸ যাদুৰাম ডেকা বৰুৱাই ‘অসমীয়া-বাংলা অভিধান’ (১৮৩৯) প্ৰণয়ন কৰিছিল। তেওঁলোকে অসমীয়া ভাষাত আধুনিক চিন্তা-চৰ্চা, নতুন সাহিত্য সৃষ্টি আদি সম্ভৱ নহ’ব বুলিয়েই ভাবিছিল।

অসমত আনুষ্ঠানিকভাৱে বাংলা ভাষা প্ৰচলন হোৱাৰ লগে লগে অসমীয়া ভাষা-সাহিত্য অস্তিত্বৰ সংকটত পৰিছিল। তেনে সময়তে বেপ্টিছ মিছেনৰীসকল অসমত প্ৰৱেশ কৰিেল আৰু ধৰ্ম প্ৰচাৰৰ সুবিধাৰ্থে অসমীয়া ভাষাটো শিকি-বুজি লৈ অসমীয়া ভাষাত ব্যাকৰণ, অভিধান আদি প্ৰণয়নৰ বাবে উদ্যোগ ল’লে। মিছনেৰীসকলে ১৮৪৬ চনৰ জানুৱাৰী মাহৰপৰা ধৰ্ম, বিজ্ঞান, দৰ্শন, সাধাৰণ জ্ঞানৰ উপৰি দেশ-বিদেশৰ বিভিন্ন খবৰ লৈ ‘অৰুণোদই’ কাকতখন প্ৰকাশ কৰিছিল। কাকতখনে অসমত সাংবাদিকতাৰ পাতনি মেলাৰ লগতে মধ্যযুগৰ বুৰঞ্জীৰ গদ্য তথা¸ শিৱসাগৰৰ কথিত গদ্যৰ সমাহাৰেৰে আৰু ইংৰাজী বাক্য বিন্যাসৰ প্ৰভাৱেৰে আধুনিক অসমীয়া ভাষাৰ বৰভেটি বান্ধিলে। ক’বলৈ গ’লে, ‘অৰুে¸ণাদই’ কাকতৰ জৰিয়তে অসমৰ সমাজ-জীৱনত আধুনিকতাৰ বীজ ৰোপণ হ’ল আৰু ঊনবিংশ শতিকাতে বিভিন্ন পৰিবৰ্তনৰ মাজেদি আধুনিকতাই বিকাশ লাভ কৰিলে।

মিছনেৰীসকলে আধুনিক অসমীয়া ভাষা-সাহিত্যলৈ অৱদান আগবঢ়ালেও হলিৰাম, যাদুৰাম, দীননাথ আদিৰ পৰৱৰ্তী প্ৰজন্মটোৰ প্ৰতিনিধি আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা তৎকালীন অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী স্বৰূপ আছিল। এই তিনিগৰাকী ইংৰাজী শিক্ষাৰে শিক্ষিত ব্যক্তিয়ে অসমীয়া ভাষাৰ প্ৰাণ প্ৰতিষ্ঠাৰ হকে মাত মাতিছিল। বাংলা ভাষা-সাহিত্যৰ অনুৰাগী আৰু ব্ৰিটিছৰ অনুগত হোৱাৰ পাছতো তেওঁলোকে অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে ‘A Few remarks on the Assamese Language and on Vernacular Education in Assam’ শীৰ্ষক এখন পুস্তিকা প্ৰকাশেৰে অসমীয়া ভাষাৰ স্বকীয়তা আৰু ন্যায্য প্ৰাপ্য অধিকাৰ সম্পৰ্কে জনাই ব্ৰিটিছ বিষয়াৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল। ‘হেমকোষ’ অভিধান প্ৰণয়নেৰে ‘অসমীয়া ভাষাৰ দৌল বন্ধা’ হেমচন্দ্ৰ বৰুৱাই ‘আসাম নিউজ’ কাকত সম্পাদনা কৰিও অসমীয়া ভাষাৰ মান্যীকৰণ আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। সেইদৰে, ‘অৰুণোদই’ৰ পাতত ছদ্মনামত এলানি চিঠি লিখা গুণাভিৰাম বৰুৱাই শিক্ষাৰ মাধ্যম হিচাবে বাংলা ভাষাৰ বিৰোধিতা কৰিছিল আৰু জ্ঞান-বিজ্ঞানৰ সকলো দিশ প্ৰকাশ কৰিব পৰাকৈ এলানি অসমীয়া গ্ৰন্থ প্ৰকাশৰ পোষকতা কৰিছিল।

‘অৰুণোদই’ কাকতৰ আৰ্হি গ্ৰহণ কৰিয়েই অসমীয়া ভাষাত ‘আসাম বিলাসিনী’ (১৮৭১), ‘আসাম নিউজ’ (১৮৮২), ‘আসামবন্ধু’ (১৮৮৫), ‘মৌ’ (১৮৮৬), ‘জোনাকী’ (১৮৮৯) আদি কাকত-আলোচনী প্ৰকাশিত হৈছিল। এই কাকত-আলোচনীবোৰৰ পৃষ্ঠপোষকতাত ঊনবিংশ শতিকাৰ শেষৰ পিনে অসমীয়াসকলৰ মাজত ভাষিক চেতনা গঢ় লৈ উঠিল আৰু আধুনিক সাহিত্য চৰ্চাই এক নতুন মাত্ৰা লাভ কৰিল। উল্লেখ্য যে কলকাতাত পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰসকলে গঠন কৰা অ.ভা.উ.সা. সভা আৰু এই সভাৰ মুখপত্ৰ ‘জোনাকী’ কাকতে অসমত ভাষিক-সাংস্কৃতিক চেতনা সৃষ্টিৰ লগতে আধুনিক তথা ৰোমাণ্টিক সাহিত্য বিকাশত উল্লেখযোগ্য ভূমিকা পালন কৰিলে।

ঊনবিংশ শতিকাৰপৰাই নব্য উত্থিত মধ্যবিত্ত শ্ৰেণীটোৱে অসমত আধুনিক আৰ্হিত ‘আসাম এছোচিয়েচন’ (১৮৬৭), যোৰহাট সাৰ্বজনিক সভা (১৮৮৬), আহোম সভা (১৮৯৩) আদি বিভিন্ন সামাজিক-ৰাজনৈতিক সংস্থা আৰু সংগঠন গঢ়ি তুলিছিল। ‘আসাম এছোচিয়েচন’-এ ব্ৰিটিছৰ অনুগত অনুষ্ঠান ৰূপে ৰাজ্যখনত আধুনিক শিক্ষানুষ্ঠান স্থাপন, অসমীয়া ভাষা-সাহিত্যৰ উন্নতি সাধন আদি দিশসমূহত গুৰুত্ব দিছিল। উল্লেখ্য যে বেপ্টিষ্ট মিছনেৰীসকলেও অসমত কেইবাখনো স্কুল প্ৰতিষ্ঠা কৰিছিল। ৰাজ্যখনত আধুনিক শিক্ষাৰ প্ৰতিষ্ঠান গঢ় লৈ উঠাত অসমীয়া মানুহৰ মানসিক দিগন্তৰ পৰিসৰ পূৰ্বতকৈ বিশাল হৈ পৰিল আৰু সমাজ জীৱনলৈ এক নতুন বৌদ্ধিক সজীৱতা আহিল।

4 views0 comments

Recent Posts