অনিমেষৰ দুখুনী মাতৃয়ে ক'লে- তাক মাৰিলে, ভালেই পাইছোঁ




ক'লা ল'ৰা ওৰফে ক'লা গুণ্ডা ওৰফে নীৰজ দাসৰ মৃত্যুৱে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সুখানুভূতিৰ লহৰ এটা প্ৰৱাহিত হৈছে। এজন নিৰপৰাধী যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰা নৰপিশাচৰ দল এটাক নেতৃত্ব দিয়া নীৰজৰ মৃত্যুক যোৰহাটত আবতৰীয়া দীপাৱলীৰে উদযাপন কৰা হৈছে। ফটকা ফুটুৱাই, নাচি-বাগি মানুহে আনন্দ কৰিছে।



ভূঞাৰ মাতৃও নীৰজ দাসৰ মৃত্যুত সুখী। বুকুৰ মাজৰ পৰা চফল ডেকাজনৰ আঁজুৰি নিয়া নীৰজ দাসৰ তেনে এটা পৰিণতিৰে অপেক্ষা কৰিছিল অনিমেষৰ মাতৃয়ে। তেওঁ কয়- 'শুনিছো তাক মাৰিলে। তাক মাৰিলে ভালেই পাইছো। কিন্তু তাৰ মাকলৈও বেয়া লাগিছে।' আনহাতে অনিমেষৰ পৰিয়ালৰ সদস্যই ক’লে, আমি এতিয়া সকাহ পাইছোঁ। এটা এটাকৈ বাকীসকলৰো শাস্তি হ’ব লাগে।


উল্লেখ্য যে মঙলবাৰে নিশা চিনামৰা খৰীয়া চুকত আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলাবলৈ চেষ্টা চলোৱা নীৰজ দাসৰ আৰক্ষীৰ গাড়ীৰ খুন্দাত মৃত্যু হয়। এই ঘটনাৰ পিছতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ এটা টুইট ভাইৰেল হৈ পৰিছে। তেওঁ নিশা ২.২৯ বজাত লিখিছে প্ৰতিটো কাৰ্য বা কামৰে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে।

8 views0 comments