মাজুলীবাসীলৈ ৰাসৰ উপহাৰৰ ৰূপত দুখন জাহাজ দিছপুৰৰ




ৰাস মহোৎসৱলৈ আৰু বেছিদিন নাই। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত মহোৎসৱটোক লৈ উছাহ আৰু প্ৰস্তুতি তুংগত উঠিছে। এনেহেন সময়তে নদীদ্বীপবাসীয়ে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিলে এটা মূল্যৱান উপহাৰ। বহিঃজগতৰে যাতায়াত সুচল কৰিবলৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৰাসৰ উপহাৰ হিচাপে আগবঢ়াইছে দুখন ফেৰী। মঙলবাৰৰ পৰা নিমাতীৰে মাজুলীক সংযোগ ঘটাব জাহাজ দুখনে।



মাজুলীৰ উপায়ুক্ত পুলক মহন্তই MV PADMA আৰু MV INDRA নামৰ জাহাজ দুখনৰ সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে।

ইয়াৰে MV PADMA নামৰ জাহাজখন চলাচল কৰিব অফলা আৰু নিমাতীৰ মাজত। আনহাতে MV INDRA চলাচল কৰিব কমলাবাৰী আৰু নিমাতীঘাটৰ মাজত।


উল্লেখ্য যে অলপতে সংঘটিত ফেৰী দুৰ্ঘটনাৰ পাছত বলৱৎ হোৱা কঠোৰ নীতি-নিয়মৰ বাবে মাজুলী-নিমাতী সংযোগী ফেৰী আৰু নাৱৰ সংখ্যা হঠাতে কমি যায়। বৃদ্ধি পায় মাজুলীবাসীৰ যাতায়াত সমস্যা। নতুন জাহাজ দুখনে সেই সমস্যা সমাধানত যথেষ্ট সহায় কৰিব বুলি আশা কৰিব পাৰি।

5 views0 comments