লিজ্জত পাপৰ আৰু ইয়াৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী বঁটাপ্ৰাপ্ত জস্বন্তিবেন যমনাদাস প'পাটৰ কাহিনী





যেতিয়া কোনোৱেই উদ্যোগৰ বিষয়ে কথা নকয়, সেই সময়তে প'পাট আৰু তেওঁৰ মহিলা দলে কেৱল এটা চকুত চমক লগা ব্যৱসায় আৰু ব্ৰেণ্ড বনায়েই ক্ষান্ত নাথাকিল, তেওঁলোকে মহিলাসকলৰ বাবে জীৱিকাৰো ব্যৱস্থা কৰিলে । ৯১ বছৰীয়া জস্বন্তিবেন যমনাদাস প'পাটক এই বছৰৰ পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয় । 'মহিলা গৃহদ্যোগ লিজ্জত পাপৰ' হৈছে দেশত নাৰী সৱলীকৰণৰ এক উৎকৃষ্ট উদাহৰণ । কোনো ব্যৱসায়িক অভিজ্ঞতা নথকা স্বত্বেও নিজৰ ইচ্ছা আৰু অধ্যৱসায়ৰ ফলত প'পাটে নিজৰ ঘৰুৱা ব্যৱসায়ক কুটীৰ উদ্যোগলৈ পৰিৱৰ্তিত কৰি ব্যৱসায়ৰ জগতখনত এক লং জাম্প মাৰিবলৈ সক্ষম হৈছে । তেওঁ তেওঁৰ অধীনত কৰ্মৰত শতাধিক মহিলাক প্ৰশিক্ষণ দি মজবুত কৰিছে আৰু বিত্তীয় স্বতন্ত্ৰতাৰ গুৰুত্ব বিষয়ে তেওঁলোকক জনাই তেওঁলোকৰ উৎসাহ বঢ়াইছে । ১৯৫৬ চনত এজন সমাজকৰ্মীৰ পৰা ৮০ টকা ধাৰে লৈ প'পাটে তেওঁৰ ব্যৱসায়িক জীৱন আৰম্ভ কৰিছিল । তেওঁ জনোৱা মতে প্ৰথমে তেওঁ চাৰি পেকেট পাপৰ বনাইছিল আৰু বেপাৰী এজনক বেচি দিছিল । ইয়াৰ পিছতে তেওঁ বনোৱা পাপৰৰ জনপ্ৰিয়তা বৃদ্ধি পায় আৰু তেওঁৰ ব্ৰেণ্ড আজি গোটেই দেশতে এক জনপ্ৰিয় ঘৰুৱা নাম । দেশৰ মহিলাসকলৰ উপৰিও উঠি অহা প্ৰজন্মৰ সকলোৰে বাবে জস্বন্তিবেন যমনাদাস প'পাট এক অনুপ্ৰেৰণাৰ প্ৰতীক ।

4 views0 comments