চাৰধাম ৰাজমাৰ্গ পৰিযোজনাত সূক্ষ্ম দৃষ্টিকোণ আনিবলৈ চুপাৰিছ উচ্চতম ন্যায়ালয়ৰ




এইবাৰ ৰাজমাৰ্গ পৰিযোজনাৰ ক্ষেত্ৰত কঠোৰ হোৱা দেখা গৈছে উচ্চতম ন্যায়ালয়ক । উচ্চতম ন্যায়ালয়ে উত্তৰাখণ্ডত চাৰধাম ৰাজমাৰ্গ পৰিযোজনাত দেশৰ সুৰক্ষা আৰু ৰাস্তাবোৰক বহল কৰিবলৈ পাহাৰ কটাৰ বাবে উৎপন্ন হোৱা পৰিবেশজনিত সমস্যাবোৰৰ মাজত সন্তুলন বনাবলৈ এক সূক্ষ্ম দৃষ্টিকোণৰ দাঙি ধৰিছে । ভাৰত-চীনৰ সীমা বিবাদৰ পৰোক্ষ সন্দৰ্ভত মৌখিক ৰূপত ন্যায়াধীশ ডি ওৱাই চন্দ্ৰসুদৰ নেতৃত্বত বহা বেঞ্চে কয় যে সুৰক্ষাজনিত চিন্তাবোৰ ন্যায়ালয়ে খতম কৰিব নোৱাৰে, বিশেষকৈ সমকালীন ঘটনাবোৰৰ ক্ষেত্ৰত । ন্যায়ালয়ে কয় সকলো উন্নয়নেই বহনক্ষম হোৱাটো উচিত যদিও আমি ৰাষ্ট্ৰ সুৰক্ষাৰ সৈতে আপোচ কৰাটো উচিত নহয় । আমাৰ দেশৰ ভৌগোলিক অৱস্থানৰ বাবেও ৰাষ্ট্ৰৰ সুৰক্ষা এক খুব জৰুৰী বিষয়, সেয়ে আমি সশস্ত্ৰ বল বা সেনাবাহিনীৰ সিদ্ধান্তবোৰক খতম কৰাটো উচিত নহয় বুলিও ন্যায়ালয়ে উল্লেখ কৰে । ২০২০ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে দিয়া নিৰ্দেশনাক সলনি কৰাৰ বাবে কেন্দ্ৰীয় ৰক্ষা মন্ত্ৰালয়ে দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত ন্যায়ালয়ে এই কথা উল্লেখ কৰে । উল্লেখ্য যে চাৰধাম যাত্ৰা হৈছে মোদী চৰকাৰৰ প্ৰমুখ পৰিযোজনাবোৰৰ ভিতৰত এটা, যাৰ অধীনত সীমান্তৱৰ্তী বুনিয়াদী পৰিকাঠামোক মজবুত কৰাৰ উপৰিও যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথৰ হিন্দু তীৰ্থস্থলবোৰৰ বাবে পথসমূহ উন্নত কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছিল । কিন্তু এই পথৰ প্ৰস্থ কিমান হব লাগে তাৰ ওপৰত ডেৰাডুনস্থিত এটা এন জি অ'য়ে অভিযোগ আবেদন দাখিল কৰাৰ পিছত বিষয়টোৱে উচ্চতম ন্যায়ালয়ৰ দুৱাৰমুখ পায়গৈ । এই সন্দৰ্ভত ৰক্ষা মন্ত্ৰালয়ে কয় যে এই ৰাস্তা থকা ঠাইবোৰ অত্যন্ত সংবেদনশীল আৰু সেনাবাহিনীৰ গতিবিধি, নিয়োগ পেটাৰ্ন আৰু জৰুৰীকালীন সময়ত একত্ৰিত হোৱাৰ বাবে অতিকৈ মহত্বপূৰ্ণ ।

5 views0 comments