ভবাতকৈও বহু পূৰ্বেই শীৰ্ষত উপনীত হোৱাৰ সম্ভাৱনা মহামাৰীৰ তৃতীয় ঢৌ :SBI গৱেষণাৰ প্ৰতিবেদন





SBI গৱেষণাৰ এক প্ৰতিবেদন অনুসৰি ভাৰতত কোভিড-19 মহামাৰীৰ তৃতীয় ঢৌ ভাবি থকাতকৈও বহু পূৰ্বেই শীৰ্ষত উপনীত হোৱাৰ সম্ভাৱনা আছে।প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত 15 খন জিলাত নতুন কোভিড পজিটিভ কেচ ডিচেম্বৰৰ 67.9% ৰ পৰা জানুৱাৰীত 37.4% লৈ ব্যাপক হ্ৰাস পাইছে। প্ৰতিবেদনখনত অৱশ্যে স্বীকাৰ কৰা হৈছে যে এই শীৰ্ষ 15 খন জিলাৰ ভিতৰত 10 খন মুখ্য চহৰ। তাৰে ভিতৰত বেংগালুৰু আৰু পুনেত এতিয়াও সংক্ৰমণৰ হাৰ অধিক। ভাৰতত দৈনিক কোভিডৰ ক্ষেত্ৰত সামান্য হ্ৰাস হোৱাৰ মাজতে এই ফলাফলবোৰ আহিছে। আৰু নতুন সংক্ৰমণ হ্ৰাস হোৱাৰ খবৰ জানিব পৰা গৈছে। মঙলবাৰৰ দিনটোত কোভিডত আক্ৰান্ত হৈছে 2.38 লাখ লোক।


অৱশ্যে এই সংখ্যা হ্ৰাস হোৱাৰ কাৰণ হৈছে আগৰ তুলনাত কম পৰীক্ষা। তথাপিও, দিল্লী আৰু মুম্বাইৰ দৰে মুখ্য মেট্ৰ' চহৰবোৰত পৰিস্থিতি উন্নত হোৱা দেখা গৈছে, যিবোৰত এই মাহৰ আৰম্ভণিৰ পৰা কোভিডৰ সংক্ৰমণ ব্যাপক বৃদ্ধি দেখা গৈছিল। প্ৰতিবেদন অনুসৰি, মুম্বাইত 7 জানুৱাৰীত 20,971 টাকৈ নতুন কোভিড পজিটিভ কেচ ধৰা পৰিছিল। তাৰ পিছত দিল্লীত 13 জানুৱাৰীত 28,867 টা ঘটনাৰে শীৰ্ষ স্থানত আছিল। অৱশ্যে মুম্বাইত এতিয়া নতুন ঘটনা কিছু হ্ৰাস পোৱা দেখা গৈছে। কিন্তু পুনেৰ দৰে জিলাত বৰ্তমানৰ তৃতীয় ঢৌত ঘটনা বৃদ্ধি পাইছে আৰু এইবোৰে দৈনিক নতুন সংখ্যা বৃদ্ধি হোৱা দেখুৱাইছে। এনেদৰেও উল্লেখ কৰা হৈছে প্ৰতিবেদনত। যদি দ্বিতীয় ঢৌৰ প্ৰৱণতা থাকে, তেনেহ'লে পূৰ্বানুমান সঠিক হ'ব পাৰে। যোৱা বছৰ দ্বিতীয় ঢৌৰ সময়ত, এপ্ৰিলৰ আৰম্ভণিতে মুম্বাই প্ৰথমে শীৰ্ষত উপনীত হৈছিল আনহাতে আন ঠাইতো ঘটনা বৃদ্ধি অব্যাহত আছিল।অমিক্ৰণৰ সময়ত এটা আশাৰ বিষয় হৈছে যে ভাৰতে যোগ্য জনসংখ্যাৰ 64 শতাংশক সম্পূৰ্ণৰূপে টিকাকৰণ কৰিছে। আনহাতে 89 শতাংশ যোগ্য লোকক প্ৰথম পালি দিয়া হৈছে।


বৰ্তমান টিকাকৰণৰ 7 দিনৰ মধ্যমীয়া গড় হৈছে 70 লাখ। তদুপৰি, অমিক্ৰণৰ ঢৌৰ ফলত ডেল্টাতকৈ বহু কম লোক চিকিৎসালয়ত ভৰ্তি হৈছে।প্ৰতিবেদনখনে দেখুৱাইছে যে তৃতীয় ঢৌৰ সময়ত চিকিৎসালয়ৰ বিচনাৰ খালী স্থান যোৱা বছৰৰ তুলনাত যথেষ্ট বেছি। বেংগালুৰু আৰু পশ্চিম বংগৰ দৰে ঠাইত, এইবাৰ 90% ৰো অধিক বিচনা খালী আছে। ডেল্টাৰ পিছত চলি থকা অমিক্ৰণৰ বাবে উন্নত প্ৰস্তুতিৰ বাবেও এনে ফলাফল দেখা গৈছে।

5 views0 comments