ডিচেম্বৰৰ পৰা ভাৰতত কৰোনাৰ তৃতীয় ঢৌ!




ভাৰতবৰ্ষত বৰ্তমান মাথোঁ ১ লাখ ৯ হাজাৰ ৯৪০গৰাকী কৰোনা আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে। সংখ্যাটো বিগত ৫৩৯ দিনৰ সৰ্বনিম্ন। এই তথ্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ। ইয়াৰ দ্বাৰাই বুজিব পাৰি যে দেশত কৰোনাৰ সংক্ৰমণ ভালেখিনি হ্ৰাস পাইছে। ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীয়ে কৰোনাক লৈ ঘটাইছে এটা বিস্ফোৰণ। তেওঁৰ মতে, ডিচেম্বৰত আৰম্ভ হ'ব কৰোনাৰ তৃতীয় ঢৌ। তেওঁ কয় - কৰোনাৰ তৃতীয় ঢৌ ডিচেম্বৰৰ পৰাই আৰম্ভ হ'ব। কিন্তু ইয়াৰ প্ৰকোপ পূৰ্বতকৈ কিছু কম হ’ব। অক্সিজেন আৰু আই চি ইউক লৈ সৃষ্টি হোৱা জটিল পৰিস্থিতি এইবাৰ নহয়।



ইফালে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘন্টাত ভাৰতত ৯হাজাৰ ১১৯গৰাকী লোক কৰোনাত আক্ৰান্ত হয়। ইয়াৰ বিপৰীতে সময়ছোৱাত ১০ হাজাৰ ২৬৪গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ ওভতে। আনহাতে, বিগত ২৪ ঘন্টাত দেশত ৩৯৬গৰাকী কৰোনা ৰোগীৰ মৃত্যু হয়।

30 views0 comments