সম্পত্তি আৰু কৰ্মসংস্থান সৃষ্টিকৰ্তাসকলক বেংকে সমৰ্থন কৰাৰ সময় আহি পৰিছে : প্ৰধানমন্ত্ৰী মোডী




‘Creating Synergies for Seamless Credit Flow and Economic Growth'-ত দিয়া ভাষণত বেংক কৰ্মচাৰীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে বেংকে এতিয়া সম্পত্তি আৰু কৰ্মসংস্থানৰ সৃষ্টিকৰ্তাসকলক সমৰ্থন কৰাৰ সময় আহি পৰিছে । এই সমৰ্থনৰ দ্বাৰা বেংকসমূহে নিজৰ লগতে দেশৰো বেলেন্স শ্বীটৰ শুধৰণি কৰিব লাগে বুলি মোডীয়ে কয় ।প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ২০২২ চনৰ ১৫ আগষ্ট তাৰিখৰ ভিতৰত সকলো বেংক শাখাই এনেকুৱা ১০০ জন গ্ৰাহক ৰখাৰ লক্ষ্য ৰাখিব লাগে যাৰ সম্পূৰ্ণ লেনদেন ডিজিটেল ৰূপত হয় । অৰ্থনীতিৰ উন্নয়নক আগবঢ়াই নিবলৈ আৰু ভাৰতক আত্মনির্ভৰশীল হিচাপে প্ৰস্তুত কৰাত এক মুখ্য ভূমিকা পালন কৰিবলৈ এক মজবুত পুঞ্জী আধাৰ আৰু অৱনমিত নিষ্পত্তিহীন সম্পদৰ সৈতে ৰাজহুৱা বেংকবোৰক শক্তিশালী কৰাৰ কাম চলি আছে বুলিও প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে । কৰ্পোৰেট আৰু ষ্টাৰ্ট-আপ আজি যিদৰে আগবাঢ়ি আহিছে তাক তেওঁ 'অভূতপূৰ্ব' আখ্যা দি কয় যে বেংকে এইসকল লোকক আৰ্থিক সাহায্য আগবঢ়োৱা উচিত । তেওঁ কয় যে এনে এটা পৰিস্থিতিত ভাৰতৰ আকাংক্ষাবোৰত বিনিয়োগ কৰা, মূলধন যোগান ধৰা বা শক্তিশালী কৰাৰ বাবে এয়াই উপযুক্ত সময় । চৰকাৰে এন পি এৰ সমস্যাবোৰক গুৰুত্ব দিছে, বেংকবোৰৰ পুনৰ্পূঞ্জীকৰণ কৰিছে আৰু সেইবোৰক শক্তিশালী কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে ।

2 views0 comments