ভাৰতে গুৰুত্বপূৰ্ণ ব্যক্তি তথা বীৰক হেৰুওৱা দুৰ্ঘটনাকেইটা




তামিলনাডুৰ নীলগিৰি জিলাৰ কুন্নুৰত সংঘটিত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাটোৱে চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটক আমাৰ মাজৰ পৰা চিৰদিনলৈ আঁজুৰি লৈ গ’ল। এজন সাহসী, দৃঢ়মান তথা প্ৰকৃতাৰ্থত প্ৰেশপ্ৰেমিকক দুৰ্ঘটনাটোৱ ভাৰতৰ বুকু শুদা কৰি লৈ গ’ল। চাকৰিকালত তেওঁ কৰা অগণিত কৰ্মই ভাৰতবৰ্ষক সমৃদ্ধ কৰি থৈ গৈছে। ঘটনাটোৱে তেওঁৰ পত্নীৰ লগতে কেইবাজনো সেনা বিষয়াক আঁজুৰি লৈ গৈছে। আমাৰ দেশখনত এনে ধৰণৰ বহু বিমান আৰু হেলিকপ্টাৰ দৰ্ঘটনা সংঘটিত হৈছে, যিবোৰত বহু গুৰুত্বপূৰ্ণ ব্যক্তিক হেৰুৱাই দেশখনে অকল্পনীয় ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে। তেনে কেইটামান দুৰ্ঘটনাৰ কথা ইয়াত উল্লেখ কৰাৰ চেষ্টা চলোৱা হৈছে যিবোৰত দেশখনে বহু কৃতী সন্তানক অকালতে হেৰুৱাবলগীয়া হৈছে।

১৯৪৫ : বছৰটোৰ ১৮ আগষ্টত সংঘটিত এটা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ বাবে নেতাজী সুভাষ বসুক ভাৰতে চিৰদিনলৈ হেৰুওৱা বুলি কোৱা হয়। অৱশ্যে সুভাষ চন্দ্ৰ বসুৰ মৃত্যু আজিও ৰহস্যময়। তথাপি বিমান দুৰ্ঘটনাত তেওংৰ মৃত্যু হোৱা বুলি বিশ্বাস কৰা লোকৰ সংখ্যা এইখন দেশত অনেক।

১৯৭৩ : বছৰটোত কংগ্ৰেছ নেতা এছ. মোহন কুমাৰমংগলমৰ মৃত্যু হৈছিল। নতুন দিল্লীৰ সমীপত সংঘটিত এটা বিমান দুৰ্ঘটনাত তেওঁ নিহত হয়৷

১৯৮০ : বছৰটোক ২৩ জুনত ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয়৷

১৯৯৪ : বছৰটোৰ ৯ জুলাইত হিমাচলৰ পাহাৰীয়া অঞ্চল এটাত এখন ছুপাৰ কিং বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ঘটনাটোত পঞ্জাবৰ তদানীন্তন ৰাজ্যপাল সুৰেন্দ্ৰ নাথৰ মৃত্যু হয়৷

১৯৯৭ : ১৭ নৱেম্বৰত অৰুণাচলৰ টাৱাঙত হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ তদানীন্তন ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী এন ভি এন চমুৰ মৃত্যু হৈছিল৷

২০০১ : অৰুণাচলৰ তদানীন্তন শিক্ষামন্ত্ৰী ডেৰা নাটুঙৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল৷

২০০১ : কাণপুৰত সংঘটিত বিমান দুৰ্ঘটনা এটাত কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাধৱ ৰাও সিন্দিয়াৰ মৃত্যু হয়। ৷

২০০২ : হেলিকপ্টাৰ দুৰ্ঘটনাত লোকসভাৰ অধ্যক্ষ তথা তেলুগু দেশম পাৰ্টীৰ নেতা জি এম চি বাল্যগীৰ মৃত্য হয়।

২০০৪ : নিৰ্বাচনী প্ৰচাৰ সভা এখনত ভাগ ল’বলৈ যোৱা দাক্ষিণাত্যৰ অভিনেত্ৰী সৌন্দৰ্যৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়।

২০০৪ : মেঘালয়ৰ তদানীন্তন মন্ত্ৰী চাইপ্ৰান চাংমাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়৷

২০০৫ : হাৰিয়ানাৰ কৃষিমন্ত্ৰী সুৰেন্দ্ৰ সিং আৰু উদ্যোগী অ’ পি জিন্দালৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়৷

২০০৯ : অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী ৱাই এছ ৰাজশ্বেখৰ ৰেড্ডীৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল।

২০১১ : অৰুণাচলৰ মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়।

৮ ডিচেম্বৰ ২০২১ : দিনটোত দেশত সংঘটিত সোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনটোৱে ভাৰতৰ প্ৰথমজন চিডিএছ বিপিন ৰাৱাটৰ প্ৰাণহানি ঘটে। তেওঁৰ লগত আন কেইবাজনো ভাৰতৰ সন্তানে প্ৰাণ বিসৰ্জন দিবলগীয়া হয়।

14 views0 comments