থাৰ্টী ফাৰ্ষ্ট-বনভোজ : এইবাৰ দুৰ্ঘটনামুক্ত অসমৰ লক্ষ্য চৰকাৰৰ, গ্ৰহণ কৰিব কঠোৰ নীতি




অসমত ৩১ ডিচেম্বৰ-পহিলা জানুৱাৰীৰ এজনো লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হ'বলৈ দিয়া নহ'ব বুলি সংকল্প গ্ৰহণ কৰা মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পালন কৰিবলৈ সাজু হৈছে পৰিবহণ, আৰক্ষীকে ধৰি বিভিন্ন বিভাগ। এইক্ষেত্ৰত প্ৰথমেই লক্ষ্য কৰি লোৱা হৈছে সুৰাক। সুৰাপান কৰি বাহন চলোৱা হেতু অসমত প্ৰায়েই দুৰ্ঘটনা সংঘটিত হয় আৰু অকালতে অনেকে প্ৰাণ হেৰুৱাব লগা হয়। সেয়ে চৰকাৰে সুৰামত্ত চালকক প্ৰথম লক্ষ্য হিচাপে লৈছে। ইয়াৰ পিছতে ৰাজপথত বাইকৰ ষ্টাণ্ট কৰি নিজৰ লগতে আনৰো জীৱন সংকটত পেলোৱাসকলক এইবাৰ ৰেহাই দিয়া নহ'ব। দুচকীয়া বাহনৰ ক্ষেত্ৰত ইতিমধ্যে দুয়োজন আৰোহীৰ বাবে হেলমেট বাধ্যতামূলক কৰা হৈছে।


#কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে?

এইবাৰৰ থাৰ্টী ফাৰ্ষ্ট আৰু বনভোজৰ কালছোৱা বিশেষ চৰকাৰী কঠোৰতা আৰু সতৰ্কতাৰে পাৰ হ'ব। আনন্দ-উৎসৱৰ গইনা লৈ একাংশ ডেকা ল’ৰাই সুৰাপান কৰি যাতে দুর্ঘটনাত পতিত হৈ মৃত্যুমুখত নপৰে, তাৰ বাবে চৰকাৰে জাৰি কৰা হৈছে নতুন নির্দেশনা৷ তদুপৰি বনভোজকাৰী দলক পৰিবহণ কৰি নিয়া বাহনৰ চালকে যাতে সুৰাপান কৰি বাহন চলাব নোৱাৰে, তাৰ বাবে প্রতিখন জিলাৰ উপাযুক্তই জাৰি কৰিছে নতুন নির্দেশনা৷ পৰিবহণ বিভাগেও দিছে কেতবোৰ নির্দেশাৱলী৷ তেনে চালকক পৰিবহণ বিভাগৰ ১৮৫নং ধাৰা অনুসৰি ১০,০০০ টকাকৈ জৰিমনা বিহাৰ লগতে গাডী চালনাৰ অনুজ্ঞাপত্র বাতিলৰ উপৰি গ্রেপ্তাৰ কৰা হ’ব পাৰে। একেদৰে বনভোজস্থলীত সুৰাপান কৰা চালকজনৰ সমানেই জগৰীয়া হ’ব বনভোজকাৰী দলটোও৷ সমান্তৰালভাৱে থার্টী ফার্ষ্ট আৰু বনভোজত উচ্চস্বৰৰ সংগীতো এইবাৰ নিষিদ্ধ কৰিছে প্রশাসনে৷ প্রশাসনে নির্ধাৰণ কৰা নিয়ম যদি অমান্য কৰে তেন্তে তেনে লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰিব প্রশাসনে৷ মুঠতে ৰাজ্যখনত পথ দুৰ্ঘটনাক ন্যূনতম পৰ্যায়লৈ ৰাজ্য চৰকাৰে মৃত্যুৰ সংখ্যা শূন্য কৰবিলৈ এইবাৰ বিশেষ পদক্ষেপ লৈছে।

2 views0 comments