ঋষি ছুনাক : ব্ৰিটিছক শাসনৰ দিশে এইজন ভাৰতীয় বংশোদ্ভৱ




বেলি মাৰ নোযোৱা ইংলেণ্ডৰ সেই গৰিমা আজিৰ তাৰিখত নাই। নাই বিশ্বজুৰি গঢ়ি তোলা কলনীসমূহ। তালিকাখনৰ পৰা ১৯৪৭ চনতে আংতৰিছে ভাৰতীয় উপমহাদেশো। ইয়াৰ বিপৰীতে প্ৰায় মূল ভূ-খণ্ডতে সীমাবদ্ধ হৈ পৰিছে পৰাক্ৰমী ব্ৰিটিছসকল। সেই ব্ৰিটিছক এজন ভাৰতীয় বংশোদ্ভৱ যুৱ ৰাজনীতিকে শাসন কৰাৰ বিৰল সুযোগ এটা সৃষ্টি হোৱাৰ দিশে আগবাঢ়িছে। দেশখনত বৰিছ জনছনৰ উত্তৰাধিকাৰী হিচাপে সজোৰে উচ্চাৰিত হৈ এটা ভাৰতীয় নাম। যদি এয়া সত্যত পৰিণত হয়, ভাৰতীয় উপমহাদেশৰ প্ৰতিজন নাগৰিকৰ বাবে এয়া হৈ পৰিব এটা অনন্য গৌৰৱৰ ক্ষণ। বিষয়টোলৈ যোৱাৰ পূৰ্বে প্ৰায় ১৩০ বছৰ এটা দিনলৈ উভতি যাব বিচাৰিছোঁ।


প্রায় ১৩০ বছৰ পূৰ্বৰ অৰ্থাৎ ১৮৯২ চনৰ ৬ জুলাইত ব্ৰিটেইনত এটা ঐতিহাসিক ঘটনা সংঘটিত হৈছিল। দিনটো প্ৰতিজন ভাৰতীয়ই মনত ৰখা দৰকাৰ। সিদিনা ব্ৰিটেইনত অনুষ্ঠিত এটা সাধাৰণ নিৰ্বাচনৰ ভোটগণনাৰ ফলাফল ঘোষণা হৈছিল। ফলাফলত দেখা গ’ল, লণ্ডনৰ ফিন্সবেৰী চে্ট্ৰেল সমষ্টিত লিবাৰেল পাৰ্টীৰ প্ৰাৰ্থী দাদাভাই নৌৰাজীয়ে নিকটতম প্ৰাৰ্থীগৰাকীক পৰাজিত কৰি সাংসদৰূপে নিৰ্বাচিত হৈছে। দিনটোৱে পৃথিৱীৰ প্রাচীনতম সংসদ হাউছ অৱ কমন্‌ছৰ অলিন্দত এজন ভাৰতীয় ৰাজনীতিকৰ পদচিহ্ন পৰাৰ পথ মুকলি কৰিছিল।

দাদাভাই নৌৰাজী জয়ী হোৱাৰ ১২৩ বছৰ পিছত ২০১৫ চনত আন এটা সাধাৰণ নিৰ্বাচনত অনুষ্ঠিত হয়। এইবাৰ য়র্কশ্বয়াৰ ৰিছমণ্ড (য়র্কছ) সমষ্টিৰ পৰা কনজাৰভেটিভ প্রার্থী হিচাপে জয়ী হয় ৩৫ বছৰীয়া ভাৰতীয় বংশোদ্ভূত তৰুণ ঋষি ছুনাক। ছুনাকৰ ছাউদাম্পটন চহৰত জন্ম। তেওঁ দেশখনৰ সবাতকৈ ঐতিহ্যশালী, অভিজাত স্কুলসমূহৰ অন্যতম উইনছেষ্টাৰ কলেজৰ ছাত্ৰ। তাৰ পিছত অক্সফোর্ড বিশ্ববিদ্যালয়। তাৰে পৰা মার্কিন যুক্তৰাষ্ট্রৰ ষ্টেনফোর্ড বিশ্বিদ্যালয়। অৱশ্যে ভাৰতীয়সকলৰ বাবে ঋষি ছুনাকৰ আন এটা পৰিচয় আছে। তেওঁৰ পত্নী অক্ষতা ভাৰতৰ বিখ্যাত প্রযুক্তি সংস্থা ইনফোছিছৰ প্রতিষ্ঠাতা নাৰায়ণ মূর্তিৰ কন্যা।

দাদাভাই নৌৰাজী আৰু ঋষি ছুনাকৰ মাজত জানো আন কোনো ভাৰতীয় বংশোদ্ভূত কোনো লোকে ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা নাই জানো? নিশ্চয় হৈছে। ১৮৯৫ চনত কনজাৰভেটিভ পার্টীৰ প্রার্থী মানছেড়জি মেৰৱানজি ভাওনাগ্রি, ১৯২২ চনত লেবাৰ পার্টীৰ চাপুৰজি ছাকলাতৱালা, ১৯৮৭ চনত লেষ্টাৰ ইষ্ট সমষ্টিৰ পৰা জয়ী হৈ আহিছে লেবাৰ পার্টীৰ কিথ ভাজ। বিগত নির্বাচনত দেশখনৰ বিভিন্ন সমষ্টিৰ পৰা ৬৫জন অ-শ্বেতাংগ এমপি। বৰিছ জনছনৰ মন্ত্রীসভাত ঋষি ছুনাকৰ সতীর্থ প্রীতি পেটেল বা ছাজিদ জাভেদ বা লেবাৰ পার্টী উজ্জ্বল মুখ লিজা নন্দীৰ দৰে অনেক ভাৰতীয় বা পাকিস্তানী বংশোদ্ভূত। কিন্তু ঋষি ছুনাক সকলোৰে তুলনাত সুকীয়া।


২০২০ চনৰ ফেব্রুৱাৰীৰ পৰা ব্রিটেইনৰ বিত্তমন্ত্রী (দেশখনৰ ভাষাত ‘চেন্সেলৰ অৱ দ্য এক্সচেকাৰ) ৰূপে প্রধানমন্ত্রীৰ পিছতে দেশখনৰ চৰকাৰৰ সবাতকৈ গুৰুত্বপূর্ণ পদটো ছুনাকৰ দখলত। স্বাভাৱিকতে মিডিয়ামুখৰ ৰাজনীতিৰ জগতখনত ছুনাকৰ ‘প্রোফাইল’ তুংগত। ইয়াত অনন্য মাত্ৰা প্ৰদান কৰিছে কোভিডআকীর্ণ বিগত দুই বছৰত দেশখনৰ বিত্তমন্ত্রী হিচাপে ঋষি সুনাকের সফলতা আৰু প্রশংসনীয় পদক্ষেপসমূহে।

লকডাউনৰ নিশ্ছিদ্র নিষেধাজ্ঞাত ব্রিটেইনৰ জনজীৱন স্তব্ধ হৈ থকা সংকটৰ সময়ত সদ্যদায়িত্বপ্রাপ্ত, অপেক্ষাকৃত অনভিজ্ঞ, তৰুণ বিত্তমন্ত্রীৰ ৩৩ হাজাৰ কোটি পাউণ্ডৰ চৰকাৰী সাহায্যৰ ঘোষণাই অনেকৰে দৃষ্টি কাঢ়িছিল। ইয়াক ‘ফার্লো স্কিম’ হিচাপে জনা যায়। লকডাউনৰ ফলত যিবোৰ ব্যৱসায়-বাণিজ্যৰ আয়ৰ পথ প্রায় বন্ধৰ দিশে গৈছিল, সেই প্রতিষ্ঠানসমূহে যাতে ব্যাপক হাৰত কর্মী ছাঁটাই কৰিবলৈ বাধ্য নহয়, তাৰ বাবে নতুন বিত্তমন্ত্রীয়ে ঘোষণা কৰে যে কর্মচাৰীসকলৰ বেতনৰ ৮০ শতাংশ ব্যয় বহন কৰিব চৰকাৰে। মাহেকত ২,৫০০ পাউণ্ডলৈকে একো একোজন কৰ্মচাৰীৰ দৰমহাত ৰাজসাহায্য দিয়া হ’ব। তিন মাহৰ বাবে ঘোষণা কৰা আঁচনিখন ইমানেই জনপ্ৰিয় আৰু সমাদৃত হোৱাৰ লগতে কৰোনাবিধ্বস্ত ব্ৰিটিছ অৰ্থনীতিত ইয়াৰ গুৰুত্ব তথা আৱশ্যকতা ইমানেই বৃদ্ধি পায় যে বাৰে বাৰে ম্যাদ বঢ়াই বঢ়াই ১৮ মাহলৈকে ৰাখিবলগীয়া হয়। ২০২১ চনৰ ছেপ্টেম্বৰলৈকে বাহাল থাকে।

ইয়াতেই অন্ত পৰা নাই নতুন বিত্তমন্ত্ৰীৰ সাহায্যৰ চমক। ‘ফার্লো স্কিম’-ৰ চাৰি মাহ পিছতে অনা হয় তিনি হাজাৰ কোটি পাউণ্ডৰ আন এখন আঁচনি। ‘ইট আউট টু হেল্প আউট’ আঁচনিখন যথাৰ্থতে চমকপ্ৰদ। লকডাউনৰ পিছত হোটেল, ৰেস্তোৰাঁ, পাবসমূহক থিয় হোৱাত সহায় কৰিবলৈ আঁচনিখনৰ জৰিয়তে ৰাজসাহায্যৰ দিহা কৰে। যিসকলে হোটেল, ৰেস্তোৰাঁ, পাবসমূহত খাবলৈ যাব, তেওঁলোকক খাদ্য আৰু সুৰাবর্জিত পানীয় বা সফ্‌ট ড্রিংকছৰ বিলৰ আধা অথবা ক্রেতাইপতি সর্বাধিক দহ পাউণ্ডলৈকে ৰাজসাহায্য দিয়া হ’ব। আঁচনিখন সপ্তাহৰ সোম, মঙল আৰু বুধবাৰে কাৰ্যকৰী কৰাৰ দিহা কৰে ঋষি ছুনাকে।

দেশৰ বিত্তমন্ত্রী যদি ‘কল্পতৰ’ হয়, বিশেষকৈ সংকটৰ মুহূর্তত, তেওঁ জনপ্ৰিয় হ’বলৈ বাধ্য। বহু পর্যবেক্ষকৰ মতে, ঋষি ছুনাকৰ এইবোৰ আঁচনি তাৎক্ষণিক জনপ্রিয়তা লাভৰ অপৰিণামদর্শী ৰাজনীতি মুঠেও নহয়। দেশৰ নিদাৰুণ সংকটৰ মুহূর্তত জনদৰদী বুদ্ধিমান বিত্তমন্ত্রী এজনৰ প্রতিভাৰ স্বাক্ষৰহে। একাংশই অৱশ্যে কয় যে এই বিপুল পৰিমাণৰ অৰ্থখিনি এদিন এইগৰাকী বিত্তমন্ত্ৰীয়েই গোটাব লাগিব। তাৰ বাবে তেওঁ জনসাধাৰণৰ ওপৰত কৰৰ বোজা বঢ়াবলৈ বাধ্য।

ঠিক এইখিনিতে ঋষি ছুনাক ৰক্ষণশীল দলৰ সাঁচত গঢ়া ৰাজনীতিকৰ মাজত উজ্জ্বল ব্যতিক্রম। মার্গাৰেট থেছাৰৰ আমোলৰ পৰাই ব্রিটেইনৰ কনজাৰভেটিভ পার্টী কৰ হ্রাস কৰা আৰু দেশৰ অর্থনীতিত চৰকাৰৰ হস্তক্ষেপ সীমিত ৰখাত বিশ্বাসী। কৰোনা সংকটৰ সময়ত ব্যতিক্রমি হোৱাৰ ৰাজনৈতিক সাহস দেখুৱাইছিল ঋষি ছুনাকে। অৱশ্যেই ইয়াত প্রধানমন্ত্রী বৰিছ জনছনৰ প্রচ্ছন্ন মদত আছিল। কিন্তু বৰিছ জনছন এতিয়া প্রবল ৰাজনৈতিক সংকটত। দেশখনৰ সকলোৱে কৰোনা নিষেধাজ্ঞা মানি চলাৰ বিপৰীতে নিজেই চৰকাৰী বিধি-নিষেধাজ্ঞা ভংগ কৰি এটাৰ পিছত এটাকৈ পাৰ্টীৰ আয়োজন কৰি গৈছে জনছন। আমোদ-প্ৰমোদত ব্যস্ত হৈ পৰিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বহু আমোলা। ইয়াৰ জেৰত প্ৰধানমন্ত্ৰী জনছনৰ চকীখন এতিয়া যাওঁ যাওঁ।

এই প্ৰেক্ষাপটত ব্ৰিটেইনত জনছনৰ উত্তৰাধিকাৰীক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে। তালিকাত বৈদেশিকমন্ত্ৰী লিজ ট্রাছ, আৱাসন মন্ত্রী এবং জনছন মন্ত্রীসভাৰ অন্যতম গুৰুত্বপূর্ণ ৰাজনৈতিক ব্যক্তিত্ব, মাইকেল গোভ, বিশিষ্ট নেতা তথা প্ৰাক্তন বৈদেশিকমন্ত্ৰী ডমিনিক ৰাব, গৃহমন্ত্রী প্রীতি পেটেল, স্বাস্থ্যমন্ত্রী ছাজিদ জাভেদৰ নাম সোমাইছে। কিন্তু ব্ৰিটেইনৰ বুজন অংশ এটাই বিশ্বাস কৰে তথা একমত- পৰৱর্তী প্রধানমন্ত্রী পদৰ বাবে যদি দৌৰ আৰম্ভ হয় তেন্তে জয়ী হব বিচৰাজনে ঋষি ছুনাকৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হব। এক কথাত ক’বলৈ গ’লে দৌৰত ইতিমধ্যে আগবাঢ়িছে ঋষি ছুনাক। । কোনো কোনো আলোচনী, টিভি চেনেলত বৈদেশিকমন্ত্রী লিজ ট্রাছ আৰু বিত্তমন্ত্রী ঋষিৰ মাজত শীতল যুদ্ধ আৰম্ভ হোৱা বুলিও চৰ্চিত হৈছে।

ইয়াতে আৰু এটা প্ৰশ্ন উত্থাপন হয়। ঋষি ছুনাকে প্রধানমন্ত্রী হ’ব বিচাৰিলে, কনজাৰভেটিভ পার্টীৰ সাধাৰণ সদস্যৰ ভোটত জয়ী হ’ব লাগিব। দলটোৰ সদস্যবৃন্দৰ এটা বিশাল অংশ গ্ৰামাঞ্চলত সিঁচৰতি হৈ আছে। সিঁচৰতি হৈ আছে সৰু সৰু চহৰত। নগৰ-মহানগৰত থকা কনজাৰভেটিভসকলৰ সৈতে তেওঁলোকৰ পছন্দ-অপছন্দৰ মিল কম। অনেক ক্ষেত্ৰত তেওঁলোকৰ ৰাজনৈতিক চেতনা স্থানীয় ৰাজনীতিৰ পৰিসৰত সীমিত। ইয়াতে এটা কথা কৈ থোৱা ভাল যে ব্রিটেইন কিন্তু বর্ণবৈষম্যৰ দেশ নহয়। এই লেখাটোৰ আৰম্ভণিতে কোৱা হৈছে যে দাদাভাই নৌৰাজী, মানছেড়জী ভাৱনাগ্রিৰ ৰাজনৈতিক সাফল্যৰ কথা। সেই ঊনৈশ শতিকাৰ শেষভাগৰ পৰাই ব্রিটেইনৰ ভোটাৰে অ-শ্বেতাংগ প্রার্থীক হাউছ অৱ কমন্‌ছলৈ পঠিয়াইছিল।বর্তমান সংসদৰ ১০ শতাংশ এমপি অ-শ্বেতাংগ। ফ্রান্সৰ নেটনেল এছেম্বলীত সংখ্যাটো ৬ শতাংশ। অষ্ট্ৰেলিয়াৰ জাতীয় সংসদত ৪.১ শতাংশ। আনকি, ইউৰোপীয় ইউনিয়নৰ সংসদতো মাত্র ৫ শতাংশ সদস্য সংখ্যালঘু বর্ণ বা সম্প্রদায়ৰ।


বাৰাক ওবামাক ৰাষ্ট্ৰপতি নির্বাচিত কৰি ইতিহাস সৃষ্টি কৰিছিল মার্কিন যুক্তৰাষ্ট্রৰ জনগণে। অতলান্তিক সমুদ্রৰ ইপাৰে ঋষি ছুনাকে হয়তো সেই সমাজ বিপ্লৱৰ উত্তৰসূৰী হ’বলৈ প্রস্তুত। ব্রিটেইন প্রস্তুতনে?

6 views0 comments