পুত্ৰৰ ওপজা দিনত একেলগে কেক কটাৰ ইচ্ছা পূৰণ নহ'ল ছহিদ সুমন স্বৰ্গীয়াৰীৰ





সামৰিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব অসমৰ বীৰ সন্তান ছহিদ সুমন স্বৰ্গীয়াৰীৰ। দেওবাৰ অৰ্থাৎ আজি বীৰ জোৱানজনৰ পাৰ্থিৱ শৰীৰ স্বগৃহলৈ অনা হ'ব। তাৰ পিছতে বীৰ জোৱানজনৰ সামৰিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। ইতিমধ্যে সেনাৰ উচ্চপদস্থ বিষয়া ছহিদ স্বৰ্গীয়াৰীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।


ইফালে, সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ বাতৰিয়ে বাক্সা জিলাৰ সীমামূৰীয়া টিহুৰ থৈকাৰাকুছি কাহিবাৰীৰ ঘৰখনত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। সেনাৰ বিষয়াৰ দলটোৱে পৰিয়ালটোৰ কাষত থিয় দি আজি দিনৰ ভাগতে যে শ্বহীদ জোৱানগৰাকীৰ নশ্বৰদেহ গৃহভূমিলৈ অনা হ'ব, সেই বিষয়ে অৱগত কৰে। দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰত অঞ্চলটোৰ বহু লোক সমৱেত হৈছে আৰু ছহিদ জোৱানজনৰ নশ্বৰদেহ দৰ্শনৰ বাবে অপেক্ষা কৰিছে।


উল্লেখ্য যে ২০০৭ চনত সুমন স্বৰ্গীয়াৰীৰ পিতৃ কনক স্বৰ্গীয়াৰীকো নিজৰ বাসভৱনতে উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল। তাৰে ৪ বথৰ পিছত সুমন স্বৰ্গীয়াৰীয়ে ২০১১ চনত আছাম ৰাইফলছত যোগদান কৰে। ৩৩ বছৰ বয়সীয়া ছহিদজনে মৃত্যুৰ সময়ত বৃদ্ধ মাতৃ, পত্নী আৰু তিনি বছৰীয়া পুত্ৰক এৰি গৈছে। ইপিনে, সুমনে কেইদিনমান পিছত ঘৰলৈ অহাৰ কথা আছিল পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জানিবলৈ দিছে। তেওঁ পুত্ৰৰ জন্মদিনত পুত্ৰৰ সৈতে একেলগে কেক কটাৰ ইচ্ছা ব্যক্ত কৰিছিল। কিন্তু সেই আশা পূৰণ নহ'ল। তাৰে পূৰ্বে তেওঁ ছহিদৰ মৃত্যুবৰণ কৰে। আনহাতে, ঘটনাৰ দিনা পত্নীয়ে ফোন কৰাত ডিউটীত থকা বুলি কৈ পিছত কথা পাতিন বুলি কৈছিল। সেই ইচ্ছাও অপূৰ্ণ হৈ থাকিল। অপূৰ্ণ হৈ ৰ'ল নিজৰ ঘৰটো ভালদৰে নিৰ্মাণ কৰাৰ আশাটো।




ইফালে, একেই পৰিস্থিতি সৃষ্টি হৈছে এম্বুশটোত নিহত কৰ্নেল বিপ্লৱ ত্ৰিপাঠী, পত্নী তনুজা আৰু ৬বছৰীয়া পুত্ৰ আবিৰৰ ৰায়গড়ৰ বাসভৱনত। অনুৰূপ পৰিস্থিতিয়ে বিৰাজ কৰিছে নাগালেণ্ডৰ তিনি জোৱান ক্ৰমে, খাটনেই কন্যাক, আৰ পি মীনা আৰু শ্যামল দাসৰ বাসভৱনসমূহতো।

15 views0 comments